Assamese Song: Mon
Mur Urisey (Duet)
Album: Bohagor
Duporiya
Singer: Samar Hazarika and Bijuyana Sultana
Music Director: Bhupen Ujir
Year: 1985
পুৰুষ:- মন মোৰ উৰিছে
উলাহৰ বা লাগি
তুমি প্ৰজাপতি হৈ
উৰিছাঁ তুমি !
নাৰী :- প্ৰেমেৰে ভৰিলে
ধুনীয়া ধৰণী
হাঁহি ফাকুগুৰি হৈ
লগালে বুলনি !
পুৰুষ:- মৰমেৰে..!
হিয়া আছে ভৰি আৰু তুমি ?
নাৰী:- বুজিছোঁ সকলোটি !
পুৰুষ :- দিওঁ যদি...
মিঠা চুমা এটি আৰু তুমি ?
নাৰী:- লাজতে যাওঁ মৰি
পুৰুষ:- দেহা ভৰি..!
বৰ আমনি
তুমি বুজিছাঁনো কি ?
নাৰী:- প্ৰেমেৰে ভৰিলে
ধুনীয়া ধৰণী
পুৰুষ:- তুমি প্ৰজাপতি হৈ
উৰিছাঁ তুমি !
নাৰী:- মই যদি !
হওঁ পখী এটি আৰু তুমি ?
পুৰুষ:- সাজিমে সঁজা এটি !
নাৰী :- সঁজা ভাঙি
যাওঁ যদি উৰি আৰু তুমি ?
পুৰুষ:- ধৰিমে হাত মেলি
নাৰী :- ধৰাখনি !
বৰ শুৱনি
তুমি দেখিছাঁনো কি ?
পুৰুষ:- মন মোৰ উৰিছে
উলাহৰ বা লাগি
নাৰী:- হাঁহি ফাকুগুৰি হৈ
লগালে বুলনি !
দুয়ো :- প্ৰেমেৰে ভৰিলে
ধুনীয়া ধৰণী
হাঁহি ফাকুগুৰি হৈ
লগালে বুলনি !!
বোলছবি/এলবাম: ব’হাগৰ
দূপৰীয়া
গায়ক/গায়িকা: সমৰ হাজৰিকা আৰু বিজুয়ানা চুলতানা
সংগীত পৰিচালক: ভূপেন উজিৰ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment