Assamese Song: Jhir
Jhir Malayar
Album: Rajanigandha
Singer: Dipen
Barua and Mitali Chowdhury
Director: Prafulla
Baruah
Music Director: Kumar
Ranjan
Lyrics: Nurul
Haque
Year: 1981
পুৰুষ:- জিৰ
জিৰ মলয়াৰ
ৰিব ৰিব
পৰশনে
কিনো
কয় কোনে জানে ?
নাৰী:- কথা
কয় কাণে কাণে
প’লে
প’লে উৰি যায়
আনমনা
গুণ মোৰ
পলাশৰ
বনে বনে..!
পুৰুষ:- ফাগুণৰ
গানে গানে ..
সৌ
গুণ গুণ ভ্ৰমৰৰ গুঞ্জৰনে..
চঞ্চলা
ফাগুণীৰ সপোন আনে..!
নাৰী :- স্বৰ্ণালীৰ
পথে পথে,
পখিলীয়ে
উলাহতে
কতনা
ৰহণ সানে....!
পুৰুষ:- ফাগুণৰ
গানে গানে !
পুৰুষ:- জিৰ
জিৰ মলয়াৰ
ৰিব ৰিব
পৰশনে
কিনো
কয় কোনে জানে ?
নাৰী:- কথা
কয় কাণে কাণে
প’লে
প’লে উৰি যায়
আনমনা
গুণ মোৰ
পলাশৰ
বনে বনে..!
পুৰুষ:- ফাগুণৰ
গানে গানে !
নাৰী :- সৌ
নীলিমাৰ পাৰে পাৰে
পখীৰ
দিপালী উৰে...!
আকাশৰ
বুকুৰফালে....!!
পুৰুষ:- প্ৰীতি কবিতাৰ চন্দ জাগে...
হৃগয়ত
মনে মনে..
ফাগুণৰ
গানে গানে..
জিৰ
জিৰ মলয়াৰ
ৰিব ৰিব
পৰশনে
কিনো
কয় কোনে জানে ?
নাৰী:- কথা
কয় কাণে কাণে
কিনো
কয় কোনে জানে.. ?
পুৰুষ:- কথা কয় কাণে.. কাণে... ৷৷
বোলছবি/এলবাম: ৰজনীগন্ধা
গায়ক/গায়িকা: দ্বিপেন বৰুৱা আৰু
মিতালী চৌধুৰী
কথা :- নুৰুল হক
পৰিচালক :- প্ৰফুল্ল বৰুৱা
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment