Assamese Song: Mochi Thoi Jodi
Album: Mon
aru Morom
Singer: Dwipen Barua
Director: Diban Barua
Music Director: Ramen Barua
Year: 1980
মচি থৈ যদি
আজিৰ ৰঙীন হাঁহি !
আনি ৰয় মোৰ
আশাৰ মৰহা বাঁহী..!
সিদিনা কঁপি,
উঠিব এবাৰ মোৰ..
স্মৃতি বীণাৰ তাঁৰ..
মচি থৈ যদি
আজিৰ ৰঙীন হাঁহি
এই সন্ধিয়াৰ !
আন্ধাৰৰ আঁৰে আঁৰে..
আকুল হৃদয়ে মোৰ....!
বিচাৰিব বাৰে বাৰে..
নোকোৱা দিনৰ সপোন তাঁৰ
স্মৃতি বীণাৰ তাঁৰ
মচি থৈ যদি
আজিৰ ৰঙীন হাঁহি
দিনান্তৰ সেই
শেষ আলোকৰ
সপোনৰ দৰে আহি..!
মোৰ আজিৰ দিন
চকুৰ আগত !
আকৌ উঠিব ভাহি
আশাৰ দিপালী !
জালি দিয়া মোৰ দিন..
চিৰ জীৱনৰ.....!!
চিৰ জীৱনৰ হ’ব
এন্ধাৰৰ দিন..
ৰৈ যাব চকুৰ পোনৰ
বিফল অশ্ৰ ধাৰ...!
বিফল অশ্ৰ.. ! ধাৰ...৷৷
বোলছবি/এলবাম: মন
আৰু মৰম
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক :- দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment