Assamese Song: Top Top Borokhun
Album: Mon
aru Morom
Singer: Namita Bhattacharya
Director: Diban Barua
Music Director: Ramen Barua
Year: 1980
নাৰী:- অ’....
(আলাপ)
টপ্-টপ্
বৰষুণ টপ্-টপ্
টপ্-টপ্
বৰষুণ লাগিছে আমনি
আহ অ’ ৰ’দালি
বোকা পানী
নেওচি
কৰোঁ আমি
ধেমালি
আন সকল:- টপ্-টপ্
টপ্-টপ্ বৰষুণ টপ্ টপ্
নাৰী:- ৰ’দালি
এ ৰ’দ দে
ৰ’দ
দে
আন সকল:- আলি
কাটি জালি দিম
বৰপীৰা
পাৰি দিম
নাৰী:- ৰামধেনু
দলঙতে
তোৰে সতে উমলিম
আন সকল:- আহ
অ’ ৰ’দালি
বোকা পানী
নেওচি
কৰোঁ আমি
ধেমালি
টপ্-টপ্ টপ্-টপ্
বৰষুণ টপ্ টপ্
নাৰী:- কাবৌ
কৰিছোঁ তোক
আহ অ ৰ’দালি...
কাকুতি
কৰিছোঁ তোক
আহ অ’
এবেলি
আন সকল:- ৰঙা
ৰঙা পাখি মেলি
নাৰী:- শতৰুকে মষিমুৰি
আন সকল:- এমুঠি
দুমুঠি কৰি
ক’ত
ধৰি ফুলালি অ’ ৰ’দালি
নাৰী:- দে আনি ৰঙৰে বাতৰি
আন সকল:- ৰ’দালি
এ ৰ’দ দে
ৰ’দ
দে
আলি কাটি
জালি দিম
বৰপীৰা
পাৰি দিম
নাৰী:- ৰামধেনু দলঙতে
তোৰে সতে
উমলিম
আন সকল:- আহ
অ’ ৰ’দালি
বোকা পানী
নেওচি
কৰোঁ আমি
ধেমালি
টপ্-টপ্ টপ্-টপ্
বৰষুণ টপ্ টপ্
নাৰী:- এই ক’চোন
ৰ’দালি ঐ
মৰমৰ বোকোচাতে
ঐ
আন সকল:- এই
ক’চোন ৰ’দালি
ঐ
ৰঙৰে বতৰা
লৈ
নাৰী:- তোৰে মুখৰে অ’ ৰ’দালি
!
মিচিকীয়া
হাঁহি !
কলীয়া ডাৱৰৰ
অ’ ৰ’দালি
বুকু ফালি
ফালি
ক’চোন
ৰ’দালি কাহানি পৰিব
আন সকল:- আমাৰ
দুগালতে আহি
ৰ’দালি
এ ৰ’দ দে
ৰ’দ
দে
আলি কাটি
জালি দিম
বৰপীৰা
পাৰি দিম
নাৰী:- ৰামধেনু দলঙতে
তোৰে সতে
উমলিম
আন সকল:- আহ
অ’ ৰ’দালি
বোকা পানী
নেওচি
কৰোঁ আমি
ধেমালি
টপ্-টপ্ টপ্-টপ্
বৰষুণ টপ্ টপ্
টপ্-টপ্ বৰষুণ
টপ্ টপ্
টপ্-টপ্ বৰষুণ
টপ্ টপ্ ৷৷
বোলছবি/এলবাম: মন
আৰু মৰম
গায়ক/গায়িকা: নমিতা ভট্টাচাৰ্য্য আৰু লগৰীয়াসকল
পৰিচালক :- দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment