Assamese Song: Moi
Asu
Album: Shakuntala
Aru Shankar
Josheph Ali
Singer: Dwipen
Baruah and Kabita
Barthakur
Director: Nip Baruah
Music
Director: Ramen Baruah
Year: 1984
পুৰুষ:- মই
আছোঁ
মই আ…ছোঁ..
ম..ই
আ..ছোঁ..
-
(মই আছোঁ..!
গছৰে আঁৰতে, জুৰিৰে পাৰতে,
চৰাইৰে
কুৰুলি শুনি
নাৰী :- অ’
দেহিটি বতাহে আঁচলত
মোলৈ.
আনে যে বা...) ←২
পুৰুষ:-
মই আছোঁ..!
-
নাৰী :- (দূৰ
দূৰণিত আকাশৰে পৰা
বেলিৰে ৰেঙণি আহি
লুকা ভাকু খেলে চা ) ←২
পুৰুষ:-
পাতৰ আঁৰে-আঁৰে জুমা জুমি
নিজৰাৰ পাৰৰে চুমা চুমি
অ’...
পাতৰ আঁৰে-আঁৰে, জুমা জুমি
নিজৰাৰ পাৰৰে, চুমা চুমি
উমলি
জামলি
নাৰী
:- ভাগৰি জুগৰি চা
অ’
দেহিটি সাজোনে কাঁচোনে
নাচোনত ভাঙিছে গা..
পুৰুষ:-
মই আছোঁ..!
-
নাৰী :- (মই
উকি মাৰোঁ সিপাৰৰে পৰা
সিপাৰে
হিয়াৰে কোনে
নেদেখোঁ কাৰোচোন
ছাঁ..) ←২
পুৰুষ:- দেহা
থাকিলেহে ছাঁ পৰে
বুকুত
উকি কিযে শুনি মৰে
অ’..
দেহা
থাকিলেহে, ছাঁ পৰে
বুকুত
উকি কিযে, শুনি মৰে
অননি
বননি
নাৰী :- বিচাৰি
বিচাৰি নাপাওঁ
অ’দেহিটি খেদি খেদি তই
মাথোঁ হাবাথুৰি খাৱ
পুৰুষ:- মই
আছোঁ..
গছৰে আঁৰতে, জুৰিৰে পাৰতে,
চৰাইৰে
কুৰুলি শুনি
নাৰী :- অ’
দেহিটি বতাহে আঁচলত
মোলৈ
আনে যে বা...
পুৰুষ:- মই
আছোঁ..।।
বোলছবি/এলবাম: শকুন্তলা
আৰু শংকৰ জোচেফ আলি
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু কবিতা বৰঠাকুৰ
পৰিচালক : নিপ বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment