Assamese Song: O
Phool Pah Halichha
Album: Megh Mukti
Singer: Archana
Mahanta
Lyrics: Keshav
Mahanta
Director: Bandhu
Music Director: Khagen Mahanta
Year: 1979
অ’ ফুলপাহ হালিছ জালিছ
অ’ ফুলপাহ কি কথা পাতিছ
কিনো বতাহ ছাটি পাই তই নাচি বাগি সাৱতি ধৰিছ..
অ’ ফুলপাহ হালিছ জালিছ
অ’ ফুলপাহ কি কথা পাতিছ?
মোৰো জানো সপোনো
এনেকৈয়ে ফলিছে, এনেকৈয়ে ফুলিছে !
মোৰো জানো আপোনো
অজাচিতে আহিছে, অজানিতে আহিছে!
ফুলতী..! পখিলী !
ফুলে ফুলে উৰি উৰি তই তাৰে জানো
বাতৰি বিলাইছ!
অ’ ফুলপাহ হালিছ জালিছ
অ’ ফুলপাহ কি কথা পাতিছ?
জানো এই বান্ধোনো
প্ৰাণে প্ৰাণে থাকিব,
হিয়া ভৰি থাকিব?
মোৰো এই ভাল পোৱা
ফুল হৈ থাকিব
কলি হৈ জাগিব!আঁজলী..! কলিটি..!
কোলাত শুৱাই তই আজি মোক জীৱনেৰে পূৰ্ণ কৰিছ!
অ’ ফুলপাহ হালিছ জালিছ
অ’ ফুলপাহ কি কথা পাতিছ ?
কিনো বতাহ ছাটি পাই তই নাচি বাগি সাৱটি ধৰিছ!
অ’ ফুলপাহ হালিছ জালিছ,
অ’ ফুলপাহ কি কথা পাতিছ!
বোলছবি/এলবাম: মেঘ মুক্তি
গায়ক/গায়িকা: অৰ্চনা
মহন্ত
গীতিকাৰ (কথা) : কেশৱ মহন্ত
পৰিচালক :- বন্ধু
সংগীত পৰিচালক: খগেন
মহন্ত
(ইউনিক’ড ৰূপান্তৰ: নিলাক্ষী দেৱী ডেকা, অৰ্পনা প্ৰীতি গগৈ আৰু দিগন্ত শইকীয়া
No comments:
Post a Comment