Assamese Song: Jai
O Kanu Bai
Album: Megh Mukti
Singer: Khagen
Mahanta
Lyrics: Keshav
Mahanta
Director: Bandhu
Music Director: Khagen Mahanta
Year: 1979
যায় অ’ কানু বায়
বেণু....
যায় অ’ কানু বায়
বেণু.. কোন
দূৰণিৰ মথুৰালে যায় ?
যায় অ’ কানু বায়
বেণু.. কোন
দূৰণিৰ মথুৰালে যায় ?
সোণৰ ৰথে পথে পথে...!
আঁচ বহুৱাই.. !
শুদা মন বৃন্দাবন
উঠে উচপ
খাই
যায় অ’ কানু বায়
বেণু কোন
দূৰণিৰ মথুৰালে যায় ?
উমি উমি জ্বলে হেঁপাহ
জুমি জুমি চাওঁ
দূৰে দূৰে থাকা তুমি !
সুৰে সুৰে পাওঁ..
অ’ কাৰ লগৰ চায়েই
মন
সপোনে হেৰায়...
কাৰ লগৰ চায়েই মন
সপোনে হেৰায়...!
যায় অ’ কানু বায়
বেণু কোন
দূৰণিৰ মথুৰালে যায় ?
হিয়া জুৰি বাজে
বাঁহীৰ জুৰণীয়া মাত
উখল মাখল মন জিৰায়
কদমৰে ছাঁত !
অ’ বুকুত
পালোঁ এয়া তুমি !
আছিলাঁ লুকাই !
বুকুত পালোঁ এয়া তুমি !
আছিলাঁ লুকাই.. !!
যায় অ’ কানু বায়
বেণু কোন
দূৰণিৰ মথুৰালে যায় ?
যায় অ’ কানু বায়
বেণু কোন
দূৰণিৰ মথুৰালে যায় ৷৷
বোলছবি/এলবাম: মেঘ মুক্তি
গায়ক/গায়িকা: খগেন
মহন্ত
গীতিকাৰ (কথা) : কেশৱ মহন্ত
পৰিচালক :- বন্ধু
সংগীত পৰিচালক: খগেন
মহন্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment