অনুসন্ধান আকাংক্ষাত

Wednesday, May 1, 2013

কেতেকী নহওঁ মই


Assamese Song:  Keteki Nohou Moi
Album:           Bikhekh Erati
Singer:         Anima Chakravorty
Music Director:  Upen Kakoti
Year:        1978 - 1979

কেতেকী নহওঁ মই  মালতী নহওঁ মই নিশাৰে
তগৰ পাহি..
আমনি নকৰিবি
দুষ্ট ফাগুণ আহি.... !
দুষ্ট ফাগুণ আহি 
এই ৰাতি  মায়া ৰাতি
বিৰহেৰে ছাটিফুটি
লোৱাহি মৰম চুহি
দেহাটি উথলি পৰা
সপোন বুটলি ধৰা
মেলি দিছোঁ প্ৰেমৰ কুঁহি
আমনি নকৰিবি
দুষ্ট ফাগুণ আহি.... !
দুষ্ট ফাগুণ আহি ৷

ঘন ক’লা চুলিতে মই
কেতেকী ফুল পিন্ধিলোঁ
ৰাতিৰ অভিসাৰিকা মই
মায়াৰ সাজে সাজিলোঁ,
ঘন ক’লা চুলিতে মই
কেতেকী ফুল পিন্ধিলোঁ
ৰাতিৰ অভিসাৰিকা মই
মায়াৰ সাজে সাজিলোঁ
কোনে লব আকোৱালি আহি ?
আমনি নকৰিবি
দুষ্ট ফাগুণ আহি.... !
দুষ্ট ফাগুণ আহি ৷

মায়াবী ৰাতিত মই.....!
 সোণৰে হৰিনী !
যৌৱন মোৰ অগনি লাগি
খেয়ালী মনক মই
 বান্ধিব নোৱাৰোঁ !
কৰিছে আমনি আহি..
আহি.. !
ৰঙা ওঁঠত বিলালোঁ হাঁহি !
আমনি নকৰিবি  
দুষ্ট ফাগুণ আহি.... !
দুষ্ট ফাগুণ আহি ৷

মন ৰঙা বুকুতে মোৰ
জেতুকা ৰং বোলালোঁ
হিয়াৰ পৰিচাৰিকা মই
ৰূপৰ শিখা জ্বলালোঁ ,
মন ৰঙা বুকুতে মোৰ
জেতুকা ৰং বোলালোঁ
হিয়াৰ পৰিচাৰিকা মই
ৰূপৰ শিখা জ্বলালোঁ
ৰঙা ওঁঠত বোলালোঁ হাঁহি !
আমনি নকৰিবি
দুষ্ট ফাগুণ আহি.... !
দুষ্ট ফাগুণ আহি ৷
কেতেকী নহওঁ মই
মালতী নহওঁ মই
নিশাৰে তগৰ পাহি..
আমনি নকৰিবি
দুষ্ট ফাগুণ আহি.... !
দুষ্ট ফাগুণ আহি ৷৷

বোলছবি/এলবাম:বিশেষ এৰাতি
গায়ক/গায়িকা:  অনিমা চক্ৰবৰ্ত্তী
সংগীত পৰিচালক:  উপেন কাকতি

(ইউনিকড ৰূপান্তৰ:        দিগন্ত শইকীয়া)
*** গীতটো চাই শুধৰাই দিয়াৰ বাবে অনুৰাধা বৰুৱা. আৰু অৰ্পনা প্ৰীতি গগৈ লৈ আন্তৰিক ধন্যবাদ জনালোঁ ***

No comments: