Assamese Song: Nidanor
Hongi Tur
Album: Upgrah
Singer:
Khagen Mahanta
Music Director: Jitu Tapan
Year: 1972
নিদানৰ সঙ্গী তোৰ
কোনে কাঢ়ি নিলে
নিদানৰ সঙ্গী তোৰ
কোনে কাঢ়ি নিলে
বুকু শুদা কৰি হায়...
সনতাপে দহিছে !
চকুলো সৰিছে
সনতাপে দহিছে
চকুলো সৰিছে
কাৰো যে সহাৰি নাই
অ’
কাৰো যে সাহৰি নাই !
নিদানৰ সঙ্গী তোৰ
কোনে কাঢ়ি নিলে ৷
শূইনে চাঙে পাতি
বালি ঘৰ সাজিলি
দিবিনো তাতে তই দাই !
ধুমুহা আহিলত
চাকি গছ জ্বলালি
নিমিশত নুমায়ে যায়..
বিধাতায়ো ৰং চায় !
বিধাতায়ো ৰং চায়
অ’
কাৰো যে সহাৰি নাই..
নিদানৰ সঙ্গী তোৰ
কোনে কাঢ়ি নিলে ৷
বুজিও নুবুজ !
দেখিও নেদেখ
মায়া ডোলে বান্ধ খাই ..
জীৱনৰ বাটতে
খোজটি পেলাবি
আগলৈ পাচলৈ
চায়
পৰিলে ধৰোতা নাই !
পৰিলে ধৰোতা নাই
অ’
কাৰো যে সহাৰি নাই
নিদানৰ সঙ্গী তোৰ
কোনে কাঢ়ি নিলে
বুকু শুদা কৰি হায় !
শনতাপে দহিছে..
চকুলো সৰিছে
কাৰো যে সহাৰি নাই
অ’
কাৰো যে সহাৰি নাই !
বোলছবি/এলবাম: উপগ্ৰহ
গায়ক/গায়িকা: খগেন মহন্ত
সংগীত পৰিচালক: জিতু – তপন
১৯৭২
চন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment