Assamese Song: Maina
Kun Bidhatai
Album: Dr.
Bezbaruah
Singer: Dwipen
Barua & Renu Barua
Director: Brojen Barua
Music Director: Ramen
Baruah
Year: 1969
পুৰুষ :- অ’ মইনা
কোন বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি !
চমক নীলা
বিজুলীৰে
গোলাপ কোমল
পাহিটি !
সেই চমকৰ
ভমক লাগি
দহি মৰে
মনটি মইনা
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি মইনা !
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি ?
নাৰী:- হৈ হৈ পূৰ্ণিমাৰে আকাশৰে
জোনটি কুঁৱলী !
ক’ত
পাবানো মেলিলে
হাত দুখনি !
নাৰীসকল:- অ’
বুঢ়া ! ক’ত পাবানো মেলিলে
হাত
দুখনি !
পুৰুষ :- অ’
মইনা হাত নেমেলোঁ
আনিবলৈ
দূৰ আকাশৰ মণিটি !
নাৰীসকল:- এ
! এ ! এ.. !
পুৰুষ :- হৈ
হৈ হাত নেমেলোঁ
আনিবলৈ
দূৰ আকাশৰ মণিটি মোৰ !
মন
হাকুটি লগাই পাৰিম
সেই
পূৰ্ণিমাৰ জোনটি মইনা
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি মইনা !
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি ?
নাৰী:- নন্দন
বনত ফুলি আছে
ফুল
পাৰিজাত !
কৃষ্ণ
গোসাই ৰখি আছে
নেমেলিবা
হাত
নাৰীসকল:- অ’ ল’ৰা,
কৃষ্ণ গোসাই ৰখি আছে
নেমেলিবা
হাত !
পুৰুষ :- অ’
মইনা হাত নেমেলোঁ
ফুল
নিচিঙো
নিচিঙো
মই কলিটি !
নাৰীসকল:- এ
! এ ! এ.. !
পুৰুষ :- হৈ
হৈ হাত নেমেলোঁ
ফুল
নিচিঙো
নিচিঙো মই কলিটি মোৰ !
কাণ
পখিলাই চুমি যাব
সেই
পাৰিজাত ফুলটি মইনা !
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি মইনা !
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি ?
নাৰী :- চগাৰ
পাখি লাহি লাহি !
এন্ধাৰতে
উৰে !
বন্তি-দুধত
শিখাত পৰি
জ্বলি
জ্বলি মৰে
নাৰীসকল :- অ’
চগা, বন্তি-দুধত শিখাত পৰি
জ্বলি
জ্বলি মৰে !
পুৰুষ :- অ’
মইনা, নাই পাখি মোৰ উৰিবলৈ
নহ’লো
মই চগাটি !
নাৰীসকল:- এ
! এ ! এ.. !
পুৰুষ :- হৈ
হৈ, নাই পাখি মোৰ উৰিবলৈ
নহ’লো
মই চগাটি মোৰ !
প্ৰেম
তুলসী তলত জ্বলাম
সেই
সোণৰে বন্তি মইনা !
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি মইনা ?
কোন
বিধাতাই সাজিলে
তোমাৰ পদুম
চকুটি ?
তোমাৰ
পদুম চকুটি !
তোমাৰ
পদুম চকুটি !!
বোলছবি/এলবাম: ড৹
বেজবৰুৱা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু ৰেনু বৰুৱা
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
মুক্তি: ১৯৬৯ চন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment