Assamese Song: Gaonloi
Toi Ahili (Duet)
Album: Ghar
Sonsar
Singer: Arun
Das & Hamar Hazarika
Music Director: Basanta Manik
Year: 1982
প্ৰথম পুৰুষ :- গাঁৱলৈ
তই আহিলি
জাকে
! জাকে ! ছোৱালী !
দেখিলি
!
ন
! ন ! সাজত !
ক’চোন
ককাইটি !
কোনজনী
ছোৱালী..
মিলিব
মোৰে লগত !
(ক’চোন
ক)
দ্বিতীয় পুৰুষ:- (কৈছোঁ
ৰহ !)
তোৰ
যিহে চেহেৰা ঐ
চাহাবৰ
বেহেৰা !
ৰাজকোঁৱৰ
বুলি ভাৱ,
বাহি-বিয়াৰ
দিনাই
স্বৰুপ
প্ৰকাশ হ’ব
নিজক
কিমান ফাকি দিয়..
প্ৰথম পুৰুষ :- ককাইটি
অ’...
নক’বি
তই
কচুগছত
চিপ লৈ
মৰি
যাম.. মই..
দ্বিতীয় পুৰুষ:- (হেৰৌ
কি কৰ.)
প্ৰথম পুৰুষ :- ডিঙি
চাই গঢ়ামে
সোণৰ
গলেপতা
শাৰী
চাই গঢ়ামে চূৰী..
দ্বিতীয় পুৰুষ:- এইখনি
হাতেৰে
পুৱতি
নিশাতে
সাৰিব
পদূলিৰ ধূলি !
(নহয়নে
?)
সাৰিব পদূলিৰ ধূলি !
প্ৰথম পুৰুষ :- আইতাই
কৈছিলে
ঘৰৰে
লক্ষিমী
গাঁৱতহে
আছে বোপাই !
দ্বিতীয় পুৰুষ:- ককাদেউতাই
কৈছিলে
নগৰৰ
ছোৱালীয়ে
নেমানে
গুৰু গোসাই !
মঙ্গলদৈ,
ধুবুৰী,
শিৱসাগৰ
পুখুৰী !
ৰংঘৰ
কাৰেংঘৰ তাত..
প্ৰথম পুৰুষ :- সৌজনী লেৰেলী
সৌজনী
আঁকৰী
সৌজনী
ভীমকলৰ গুৰি.. !
দ্বিতীয় পুৰুষ:- সিহঁতক
জোকাই লৈ
বৰ
বিহ নেখাবি !
ভালে
ভালে আহ তই ঘূৰি !
প্ৰথম পুৰুষ :- তেনেহেন ছোৱালী
পাইছোঁ
বিচাৰি !
সৌৱা
দেখিছ নে নাই ?
দ্বিতীয় পুৰুষ:- সেইজাক চহৰৰ
বাহাৰ
চা ফেচনৰ
গাঁৱতহে
বনভোজ খায় !
কামবন
নাজান
বা
বলাই ফুৰিছ
পখিলা
উৰাদি উৰ..
প্ৰথম পুৰুষ :-গাঁৱৰ লক্ষিমীয়ে
বোকাপানী
খছে
দেখিও
নেদেখ কিয় ?
দ্বিতীয় পুৰুষ:- এতিয়া
মৰিলি
আহে
খেদা মাৰি !
ভিৰাই ল ঘৰলৈ বাট !
প্ৰথম
পুৰুষ :- ইয়াৰে এজনী
চোঁচোৰাই তুলি লৈ
খাম ৰঙা ঘৰৰ ভাত !
দ্বিতীয়
পুৰুষ:- বুজিলোঁ !
তই খাবি ৰঙা ঘৰৰ ভাত ৷৷
বোলছবি/এলবাম: ঘৰ-সংসাৰ
গায়ক/গায়িকা: অৰুণ
দাস আৰু সমৰ হাজৰিকা
সংগীত পৰিচালক: বসন্ত
মাণিক
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment