Assamese Song: Moi
Eti Mukali Pakhi
Album: Jibon
Surobhi
Singer: Arun
Das
Music Director: Bhupen Hazarika
Year: 1984
পুৰুষ:- মই
এটি মুকলি পখী
উভতিছোঁ ঘৰলৈ বুলি !
মই এটি
মুকলি পখী
উভতিছোঁ ঘৰলৈ বুলি !
অকণি মোৰ
সঁজাটিহে
দুচকুতে
আছে দুলি !
মই এটি
মুকলি পখী
উভতিছোঁ ঘৰলৈ বুলি !
নাৰী সকল:- অ’
আমাৰ আপোনা মানুহ
সোণালী
ধাননিলৈ চাই
মন
আৰু মাটিৰ লগত
চিনাকী
সুৰটিকে গাই.. !
পুৰুষ:- শ্যামলী
বননিত
সোণোৱালী
ধাননি !
মোৰ
এই ঘৰতেই পায়,
শ্যামলী
বননিত
সোণোৱালী
ধাননি !
মোৰ
এই ঘৰতেই পায়,
দাৱনীৰ
ৰূপে চাই
হিয়া
শাঁতে পেলাই..
মাটিৰ
সুৰকে গাই !
মই এটি মুকলি পখী
উভতিছোঁ
ঘৰলৈ বুলি !
সোণালী
মোৰ
মাটিৰেই
ৰং
দুচকুতে
আছে দুলি..!
মই
এটি মুকলি পখী
উভতিছোঁ
ঘৰলৈ বুলি
!
নাৰী সকল:- তুমি
কেনে গুৰিৰ বাঁধা
ৰৈবে
না..!
তুমি
কেনে গুৰিৰ বাঁধা
ৰৈবে
না..!
পুৰুষ:- ঝুমুৰৰ
তালে তালে
প্ৰাণৰে
গান গায়..
নাৰী সকল:- তুমি
কেনে গুৰিৰ বাঁধা
ৰৈবে
না..!
পুৰুষ:- চাহগছৰ
মাজে মাজে.. !
এটি
কলি দুটি পাতে চায়.. !
চাহগছৰ
মাজে মাজে.. !
এটি
কলি দুটি পাতে চায়.. !
ভাগৰুৱা
মন যে জুৰায়..
ভাগৰুৱা
মন যে জুৰায়..
সেউজীয়েই
!
ৰঙকে চাই
আপোনাকে
গুণগুণায়
মই
এটি মুকলি পখী
উভতিছোঁ
ঘৰলৈ বুলি !
(সুহুৰি..
)
বোলছবি/এলবাম: জীৱন
সুৰভি
গায়ক/গায়িকা: অৰুণ
দাস
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment