অনুসন্ধান আকাংক্ষাত

Monday, April 29, 2013

মন হীৰা দৈ






Assamese Song:                 Mon Hira Doi
Album:                                   Bowari
Singer:                                   Mahananda Majinder Borua
Music Director:                     Upen Kakati
Year:                                      1979




মন হীৰা দৈ..!

চাইকেল নহয় টিলিঙা

মন হীৰা দৈ..!

ডেকা নহয় পিলিঙা !

ৰহঢলা পথাৰত

আহিবা ঐ নিজানত

মন হীৰা দৈ..!

তোমাৰনো কুমলীয়া মাত !

মন হীৰা দৈ..!

গাভৰু নহয় লহঙা

মন হীৰা দৈ..!

পিৰিতি নহয় মহঙা

মেলেঙৰে বজাৰত

ঢেকীয়ালৰ কলহত !

মন হীৰা দৈ..!

গুৰৰ বজাৰ আঁহতৰ ছাঁত !

মন হীৰা দৈ..!

বোৱাৱী নহয় যখিনী

বেমাৰ নহয় গ্ৰহনী

ভাত নহয় অমাতৰ মাত !

মন হীৰা দৈ..!

ছোৱালী নহয় ধেপেচী !



এচাৰি নহয় লেকেচি

নজৰ পালে এৰাব আঁত !





মন হীৰা দৈ..!

কুলি কেতেকীৰ মিঠা মাতৰ সুৰেৰে !



কুলি কেতেকীৰ মিঠা মাতৰ সুৰেৰে !

কি কথা মোক কৈছিলাঁ ?

নৈৰে ঐ ঘাটতে !

নেপায় নহয় ঠগিব !

জীৱন ধ্বংস কৰিব !

প্ৰলয় হলে পৰিব !

বিনা মেঘে ব্ৰজপাত !

মন হীৰা দৈ..!

জিৰাবাহি যৌৱনৰ ছাঁত !

মন হীৰা দৈ..!

মাত নহয় মুৰুলি

হাঁহি নহয় বিজুলি

দেহা নহয় বিৰিণাৰ পাত !

মন হীৰা দৈ..!

সাতদিনীয়া বহাগত

নাচিবা ঐ উলাহত !

পিৰিতিৰে লগাবা মাত !





মন হীৰা দৈ..!

জাঁজি নৈ চনমা

বিহু কৰোঁ আহাঁ

হাততে টকাটি

মুখতে হাঁহিটি

জীৱন কিনো মোহনীয়া

কিনো মোহনীয়া মাত !

(এ) কলাকৈ কুলিয়ে

জীৱন জাঁজি নৈ চনমা

(এ) কেনেকৈ জানিলে

জীৱন জাঁজি নৈ চনমা

লাকৈ কুলিয়ে

জীৱন জাঁজি নৈ চনমা

কেনেকৈ জানিলে

জীৱন জাঁজি নৈ চনমা

মেলিলে আমৰে

মেলিলে আমৰে পাত !

মন হীৰা দৈ..!

চাইকেল নহয় টিলিঙা..





বোলছবি/এলবাম:                    বোৱাৰী
গায়ক/গায়িকা:                        মহানন্দ মজিন্দাৰ বৰুৱা
সংগীত পৰিচালক:                  উপেন কাকতী
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: