অনুসন্ধান আকাংক্ষাত

Thursday, April 4, 2013

দেৱতা কোৱা মোৰ মন মন্দিৰত



Assamese Song: Devota Kuwa Mur
Album:  Adalat
Lyrics: Nurul Haque
Singer: Aarti Mukherjee
Music Director: Jitu-Tapan
Year:    1976

দেৱতা কোৱা মোৰ মন মন্দিৰত
জ্বলোৱা চাকিটি কোনেনো নুমালে
কোনেনো নুমালে
নয়নৰে মণি হিয়াৰে জুৰণি
মোৰে সপোনটি ক'তেনো হেৰালে
ক'তেনো হেৰালে
দেৱতা কোৱা মোক
দেৱতা কোৱা মোক
-
জনাতো নাছিলোঁ মই নুমাব দিপালী
অশ্ৰু তিমিৰে মোৰ ঢাকিব জোনালী
ঢাকিব জোনালী
আশাৰ কলিটি অকালতে মৰহিলে
ধূলিতে মিলিলে,
জ্বলোৱা চাকিটি কোনেনো নুমালে
কোনেনো নুমালে
দেৱতা কোৱা মোক
দেৱতা কোৱা মোক
-
নিবিনাবি মনে মোৰ আকাশলে চাই চাই
শূণ্য আকাশে তোক দিবলৈ একো নাই
দিবলৈ একো নাই
অন্তৰ উজাৰি নিব কাঢ়ি অন্ধকাৰে
কান্দিম অকলে,
জ্বলোৱা চাকিটি কোনেনো নুমালে
কোনেনো নুমালে
দেৱতা কোৱা মোৰ মন মন্দিৰত
জ্বলোৱা চাকিটি কোনেনো নুমালে
কোনেনো নুমালে
দেৱতা কোৱা মোৰ
দেৱতা কোৱা মোক  ।।

বোলছবি/এলবাম:  আদালত
গীতৰ কথাঃ নুৰুল হক 
গায়ক/গায়িকা:      আৰতি মুখাৰ্জী
সংগীত পৰিচালক: জিতু-তপন
(ইউনিকড ৰূপান্তৰ: অনামিকা বৰা আৰু দিগন্ত শইকীয়া)

No comments: