Assamese Song: Bohutokey
Bohut diu (Duet)
Album: Ghar
Sonsar
Singer: Namita Goswami
Music Director: Basanta Manik
Year: 1982
বহুতকে বহু
দিও
নাপালো একোকে
হৃদয় উজাৰি দিও
নাপালো একোকে
সেয়েহে মনে মোৰ
নেমানি বুজনি
অকলশৰে নিজানতে
টোকে চকুপানী
-
লয় নে প্ৰতিদান
হিয়াখনি দিয়াৰ
পিয়াসী হৃদয়খনি
সঁহাৰি জনোৱা
মন সাগৰত মেলি
বেদনা লহৰ
ভাঙিলে সপোন মোৰ
আৰু বহুতৰ
-
মায়াবী চলনা
এতিয়া বুজিলো
হৃদয় উজাৰি দিও
একোকে নাপালো
সেয়েহে মনে মোৰ
বুজনি নেমানি
অকলশৰে নিজানতে
টোকে চকুপানী ।।
-
বোলছবি/এলবাম: ঘৰ-সংসাৰ
গায়ক/গায়িকা: নমিতা
গোস্বামী (দ্বৈত কণ্ঠত)
সংগীত পৰিচালক: বসন্ত
মাণিক
No comments:
Post a Comment