Assamese Song: Eikhoni Gaon Bukur Apun
Album: Abhijan
Singer: Dwipen
Bourah
Music Director: ?
Year: ?
এইখনি গাঁও..
বুকুৰ আপোন
ইয়াতে দেখোঁ
নতুন সপোন
কোনে জুমি চাই...
জুৰিত দাপোন !
ফুলৰ পাতৰ
সাজোন
কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷
আগলি বাঁহত
বগলী নাচিছে !
আগলি বাঁহত
বগলী নাচিছে !
আলফুলেকৈ
কহুঁৱা হালিছে
মুখে মুখে হাঁহি দেখোন !
মুখে মুখে হাঁহি দেখোন...
ফুলৰ পাতৰ
সাজোন
কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷
সৰু বৰ নাই
ইগাঁৱত
সমুলি !
সৰু বৰ নাই
ইগাঁৱত
সমুলি
উলাহতে সৌ !
উদুলি
মুদুলি
চেনেহৰ এই বান্ধোন !
চেনেহৰ এই বান্ধোন...
ফুলৰ পাতৰ
সাজোন
কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷
এইখনি গাঁও..
বুকুৰ আপোন
ইয়াতে দেখোঁ
নতুন সপোন
কোনে জুমি চাই..
জুৰিত দাপোন !
ফুলৰ পাতৰ
সাজোন
কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ;
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷৷
বোলছবি/এলবাম: অভিযান
গায়ক/গায়িকা: দ্বিপেন বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
++++++++++++++++++++++++
No comments:
Post a Comment