Assamese Song: Phool
Bhora Phoolani
Album: Ponakon
Singer: Suman
Kalyanpur
Music Director: Kumar Ranjan
Director :- Abdul
Majid
Year: 1979
(?) / 1981
ফুলভৰা ফুলনিত
কিযে মিঠা হাঁহি
ছিঙি ছিঙি ল’ম
যেন
এপাহি দুপাহি
মালা গাঁঠি থবলৈ...!
সোণ মই লগৰে
সোণ মৰমৰে
আহাঁ উমলিবলৈ !
বগাকৈ বগলী
জাকপাতি উৰিলি...!
মোৰ মন সাদৰৰ
আশাফুল বাচিঁলি
যেন পখিলা হৈ !
আকিলোঁ পখিলা
লৈ !!
উৰি যাম মনলৈ..
ফুলভৰা ফুলনিত
কিযে মিঠা হাঁহি
ছিঙি ছিঙি ল’ম
যেন
এপাহি দুপাহি
মালা গাঁঠি থবলৈ...
সোণ মই লগৰে
সোণ মৰমৰে
আহাঁ উমলিবলৈ
যেন পাখি মেলি
যাওঁ উৰি উৰি
বনৰে বিহগী হৈ.. !
জুৰি ঝিৰি ঝিৰি !
জুৰিৰে পাৰতে !
নাচি গীতে গাবলৈ..,
ফুলভৰা ফুলনিৰ
কিযে মিঠা হাঁহি
ছিঙি ছিঙি ল’ম
যেন
এপাহি দুপাহি
মালা গাঁঠি থবলৈ...
সোণ মই লগৰে
সোণ মৰমৰে
আহাঁ উমলিবলৈ
অ’...
জুৰি নেযাবি নেযাবি বৈ..
মোৰে জীৱনৰে
তইও যে লগৰী
লগ এৰি লগৰী
নেযাবি পাহৰি
বৰনৈৰ বুকুলৈ
নেযাবি বাগৰি অ’....
৷৷
বোলছবি/এলবাম: পোনাকণ
গায়ক/গায়িকা: সুমন
কল্যানপুৰ
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
পৰিচালক :- আব্দুল মজিদ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment