অনুসন্ধান আকাংক্ষাত

Thursday, April 25, 2013

লাজ লাজ লাজ ভন্টি



Assamese Song:   Laj Laj Laj Bhanti
Album:                   Toramai
Singer:                   Dwipen Barua
Director :                Dwiban Barua
Music Director:       Ramen Barua
Year:                      1976


হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত

পাৰ হৈ পৰিমগৈ চালত

হে ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত

মাখি হৈ চুমা দিম গালত

লাজ লাজ লাজ ভন্টি নকৰিবা আমালৈ

হে লাজ লাজ লাজ ভন্টি

তোমাৰ আমাৰ একেটি

হে জাত জাত জাত ভন্টি

কিনো তোমাৰ অমাতৰ

মাত মাত মাত ভন্টি

নকৰিবা আমালৈ লাজ..

-

এ ভন্টি  ঢোলেটি বাবলৈ
-
এ ভন্টি তিনিটি আঙুলি
-
এ ভন্টি মাজৰটিনো আঙুলি

(হে) লৰে ভন্টি  আহ কাষলৈ

আহ ভন্টি  নকৰিবা আমালৈ লাজ
-
এ ভন্টি  বহা তাঁতৰ পাটত
-
এ ভন্টি চকু আলিবাটত..
-
এ ভন্টি মাঁকো সৰি সৰি

(হে) পৰে ভন্টি চা আমালৈ

চা ভন্টি ! নকৰিবা আমালৈ লাজ ..
-
-
এ ভন্টি আঠিয়া কলৰে..
-
এ ভন্টি পাতে নেকাটিবা..
-
এ ভন্টি   চিটিকিনো পাৰিব

(হে) এঠা ভন্টি  আহ কাষলৈ

আহ ভন্টি  নকৰিবা আমালৈ লাজ
-
এ ভন্টি লোককে দেখুৱাই
-
এ ভন্টি  কেটেৰা মাৰিবা..
-
এ ভন্টি ভিতৰিনো নেৰিবা

হে বেঠা ভন্টি আহ লাহেকৈ

মাত ভন্টি নকৰিবা আমালৈ

হে লাজ লাজ লাজ ভন্টি

তোমাৰ আমাৰ একেটি

জাত জাত জাত ভন্টি

কিনো তোমাৰ অমাতৰ

মাত মাত মাত ভন্টি

নকৰিবা আমালৈ লাজ..।।


বোলছবি/এলবাম       তৰামাই
গায়ক/গায়িকা:          দ্বিপেন বৰুৱা
পৰিচালকঃ                দ্বিবন বৰুৱা
সংগীত পৰিচালক:     ৰমেন বৰুৱা
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: