অনুসন্ধান আকাংক্ষাত

Saturday, April 20, 2013

বেলি লহিয়ায়




Assamese Song:                  Beli Lohiai
Album:                                  Toramai
Singer:                                  Dwipen Baruah
Music Director:                      Ramen Baruah
Year:                                     ?



বেলি লহিয়ায়......... !

হুৰৰৰ...... !



দিন যায় অ যায়..

গো ধূলি উৰাই...!

কাণি দুৱৰীয়া চকু

জুমি জুমি চাই

দেখা যে নাপায়

ঘনে ঘনে লৰে বুকু...

দিন যায় অ যায়..

গো ধূলি উৰাই...!



সাঁজৰে তৰাটি !

অকলে নোলাবি !

কেনেবা কৰে মন ..!

কেনেবা ! ক..ৰে মন.. !

যোৰ পাতি পাতি !

বাহলৈ নুৰিবি !

কণোৱা কৰচন

কণোৱা ক..! কৰচন !

ঘৰমুৱা বেলি

চটিয়াই নাযাবি..!

আকাশত ৰাঙলি ফাকু...!



আগলৈ চাবি বাট

অকোৱা পকোৱা !

পিচলৈ চাবি কি ?

পিচলৈ চা...বি কি ?

জিৰালে পাবি কি ?

ভাগৰে ধৰিব !

অকলে যাবি কি ?

অকলে যা.....বি কি ?

ত পাবি তই

গা চেঁচা পৰা

কেঁচা সোণ বৰষা  চকু...

দিন যায় অ যায়..

গো ধূলি উৰাই...!!




বোলছবি/এলবাম:                    তৰামাই
গায়ক/গায়িকা:                        দ্বিপেন বৰুৱা
সংগীত পৰিচালক:                  ৰমেন বৰুৱা
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

 *** [কণোৱা / কৰচন (কৰ্চন) দুবিধ দীঘল ঠেঙৰ বগলী জাতীয় চৰাই ৷]

[লক্ষেশ্বৰ হাজৰিকাদে ক ধন্যবাদ জনাই তেখেতৰ  উদ্ধৃতি এটা দিয়া হ'ল→বাঁহ মানে বৰ ওখ, ফোঁপোলা, পাব থকা এবিধ তৃণজাতীয় উদ্ভিদ(bamboo; bambusa)। আনহাতে বাহ মানে হ'ল- নীড়; চৰাই, মৌ আদিৰ থকা যতন( a nest; a bee-hive); বস্তু ৰখা ঢাকনী থকা সঁজুলি; সৰু বাকচ(যেনে জুইশলা বাহ) ইত্যাদি। কৰচন বা কৰ্চন মানে কিঞ্চিৎ ধোঁৱাবৰণীয়া এবিধ ডাঙৰ চৰাই; ক্রৌঞ্চ( a kind of large bird; a species of crane) । কণুৱা হ'ল ডিঙি দীঘল আৰু ক'লা বৰণৰ ঠেং, ঠোঁটৰ এবিধ চৰাই( the crane)। সেয়ে কৰচন(কৰ্চন),কণুৱা দুবিধ বগলী জাতীয় চৰাই । বিহুগীতত কৈছে-" ওপৰে উৰিলে কৰচন কণুৱা চাপৰি উৰিলে বগ.....।]

No comments: