Assamese Song: Mati
Phuti Ulale
Album: Toramai
Singer: Dwipen
Baruah et al
Music Director: Ramen Baruah
Year: ?
নাৰীসকল :- মাটি
ফুটি ওলালে
পুৰুষসকল :- হে
ধানৰে গজালি !
নাৰীসকল :- আকাশ
ফুটি ওলালে
পুৰুষসকল :- অ’
হালধীয়া ৰ’দালি !
নাৰীসকল :- মাটি
ফুটি ওলালে
পুৰুষসকল :- হে
ধানৰে গজালি !
নাৰীসকল :- আকাশ
ফুটি ওলালে
পুৰুষসকল :- অ’
হালধীয়া ৰ’দালি !
হাতে
হাতে চিকিমিকি পাতি...!
পুৰুষসকল :- তলমুৱা
সোণৰ ঠোকে
নাৰীসকল :- মাতিছে
ঐ তোকে মোকে !
পুৰুষসকল :- তলমুৱা
সোণৰ ঠোকে
নাৰীসকল :- মাতিছে
ঐ তোকে মোকে !
সকলোৱে :- ৰৈ
ৰৈ মন উঠে নাচি !
নাৰী :- ৰৈ
ৰৈ মন উঠে নাচি
নাৰীসকল :- ঐ
নাচি !
মাটি
ফুটি ওলালে
পুৰুষসকল :- হে
ধানৰে গজালি !
নাৰীসকল :- আকাশ
ফুটি ওলালে
পুৰুষসকল :- অ’
হালধীয়া ৰ’দালি !
পুৰুষ:- সুৱাগমণি
মাগুৰি !
পথাৰ
আছে আগুৰি
মানিকি
মাধুৰি দাও আহা
নাৰী :- অ’..
সকলোৱে :- মানিকি
মাধুৰি দাও আহা !
পুৰুষ:- কিনো
আমাৰ দাৱনী !
নাই
ভাগৰ আমনি !
কামত
নিপিচে দেহা !
নাৰী :- অ’..
সকলোৱে :- কামত
নিপিচে দেহা !
পুৰুষ:- সোণ
ছিঙি পুৰিলে
নাৰী :- অ’
দেহা ছিঙি ঘামিলে !
পুৰুষ:- সোণ
ছিঙি পুৰিলে
নাৰী :- অ’
দেহা ছিঙি খাতিলে !
সকলোৱে :- জুৰ
পায় দিয়ে আহি মচি...!
নাৰী :- জুৰ
পায় দিয়ে আহি মচি
সকলোৱে:- অ’
মচি ;
নাৰীসকল:- মাটি
ফুটি ওলালে
পুৰুষসকল :- হে
ধানৰে গজালি !
নাৰীসকল :- আকাশ
ফুটি ওলালে
পুৰুষসকল :- অ’
হালধীয়া ৰ’দালি !
পুৰুষ:- বতাহত
!
হালিছে
এহোকা
বাঁহনি ! ধাননিত
পৰিছেহি ছাঁত !
নাৰী :- ৰখাই ! থোৱাজু..ৰি গু..চিগ’লে
(ৰখাই থোৱা জুৰ উৰি গুচি গ’লে)
দাৱনীৰ
তৰণি নাই..!
পুৰুষ :- মাটিতনো
কি খোৱাব ?!
ভয়
বাৰু চেনাইটি !
বতাহেনো
কৰিব কি ?
নাৰী :- অ’..
সকলোৱে :- বতাহেনো
কৰিব কি ?
পুৰুষ:- ধুমুহা
বিজুলি
গণিতা
নক’ৰো !
সকলোযে
চিনাকী..!
নাৰী :- অ’..
সকলোৱে :- সকলোযে
চিনাকী
পুৰুষসকল:- নৈয়ে
জানে জুৰিয়ে !
নাৰীসকল:- অ’
আকাশ বতাহ মাটিয়ে !
পুৰুষসকল:- নৈয়ে
জানে জুৰিয়ে !
নাৰীসকল:- অ’
আকাশ বতাহ মাটিয়ে !
সকলোৱে:- হাঁহিবোৰ
দিছে আমাক যাঁচি..!
নাৰী :- ৰৈ
ৰৈ মন উঠে নাচি !
সকলোৱে:- অ’
নাচি !
নাৰীসকল:- মাটি
ফুটি ওলালে
পুৰুষসকল :- হে
ধানৰে গজালি !
নাৰীসকল :- আকাশ
ফুটি ওলালে
পুৰুষসকল :- অ’
হালধীয়া ৰ’দালি !
নাৰীসকল:- মাটি
ফুটি ওলালে [পুৰুষ:- অ’ অ’ অ’...আলাপ
শেষলৈ]
পুৰুষসকল :- হে
ধানৰে গজালি !
নাৰীসকল :- আকাশ
ফুটি ওলালে
পুৰুষসকল :- অ’
হালধীয়া ৰ’দালি ৷৷
বোলছবি/এলবাম: তৰামাই
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু লগৰীয়াসকল
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment