Assamese Song: Nahor
Phuley Juti Fuley (Duet)
Album: Ghar
Sonsar
Singer: Samar
Hazarika & Namita Goswami
Music Director: Basanta Manik
Year: 1982
পুৰুষ:- নাহৰ ফুলে যুতি ফুলে
ফুলে তগৰ ফুল
কাৰ বাবে কোন পাহিৰ
মন বিয়াকুল
তুমি বাৰু জানা নে নাই
নাৰী :- তুমি জানিলেই জানা
ময়ো জনা হয় !
পুৰুষ:- অ’ নাহৰ ফুলে যুতি ফুলে
ফুলে তগৰ ফুল
নাৰী :- কাৰ বাবে কোন পাহি
মন বিয়াকুল
তুমি বাৰু জানা নে নাই
পুৰুষ :-তুমি জানিলেই জানা
ময়ো জনা হয় !
কোনো ফুলে আজীৱনে
নাথাকে যে ফুলি..
নাৰী :- মইযে ফুলিম চিৰদিনেই
তোমাৰ হৃদয় জুৰি
তুমি বাৰু জানা নে নাই
পুৰুষ :- তুমি জানিলেই জানা
ময়ো জনা হয়
-
যেনেদৰে তৰাং নদী
বৰষাৰ মৰমে
সাগৰৰ দৰে বয় অযুত সাহেৰে.
নাৰী :- তেনেদৰে তোমাৰ সাহত
মই যাম বৈ
পৱিত্ৰ প্ৰেমেৰে কৰিম
কলুষতা জয়
তুমি বাৰু জানা নে নাই
পুৰুষ :- তুমি জানিলেই জানা
ময়ো জনা হয়
-
জাঁজীৰ দৰে হেৰাওঁ যদি
জীৱন নদীৰ সোঁতত
নাৰী :- বাট চাম তোমাৰ বাবেই
মৰণ নদীৰ কুলত
মৰণ নদীৰ কুলত
পুৰুষ :- বালিৰ চৰত সিঁচি যাম
মিলন পাৰিজাত
দুয়ো :- ন-সুৰুযৰ পৰাগ ঢালিম
দুয়োৰে হিয়াত
পুৰুষ :- তুমি বাৰু জানা নে নাই
নাৰী :- তুমি জানিলেই জানা
ময়ো জনা হয় ৷৷
বোলছবি/এলবাম: ঘৰ-সংসাৰ
গায়ক/গায়িকা:সমৰ
হাজৰিকা আৰু নমিতা গোস্বামী
সংগীত পৰিচালক: বসন্ত
মাণিক
(ইউনিক’ড ৰূপান্তৰ: নিলাক্ষী দেৱী ডেকা, অনামিকা বৰা, অৰ্পনা প্ৰীতি গগৈ, লক্ষীৰাজ মেধি আৰু দিগন্ত শইকীয়া)
No comments:
Post a Comment