নাটক – ৰূপালীম্
[জ্যোতিপ্ৰসাদ আগৰৱালা]
সপ্তম অঙ্ক
ৰূকমী
ৰাজ্যৰ পৰ্ব্বতৰ তলৰ মুকলি সমতল
সময়:- পুৱা
[সোঁমাজতে
ৰূপালীমক পুৰিবলৈ এখন প্ৰকাণ্ড কাঠৰ চিতা সজোৱা হৈছে ৷ চিতাৰ ওপৰত ৰূপালীমক এটা
খুটাত পাছলৈ হাত কৰি গোটেই গাতে জৰীৰে মেৰিয়াই খুটাৰে সৈতে বন্ধা হৈছে ৷ চাৰিওফালে
ৰূকমী সৈন্যই যাঠী-জোঙেৰে চিতাখন ঘেৰি থৈছে আৰু চিতাৰ দুই কাষত আগ ভাগ লৈ পাঁচোটা
পাঁচোটাকৈ দহোটা কাঁড়ী ৷সিহঁতে হাতত ধনু আৰু কাঁড় লৈ আদেশৰ অপেক্ষাত আছে ৷ চিতাৰ
চাৰিওফালে ৰূকমী তিৰোতা উত্ৰাৱল ৷ আটাইবিলাকে উত্তেজিত হৈ কথা কোৱা-মেলা কৰিব
লাগিছে ৷ চিতাৰ এফালে বুঢ়া জুনাফা অধোৰবদনে বহি আছে ৷ সৈন্য আৰু কাঁড়ীবোৰৰ মুখ
গহীন, আৰু কৰ্ত্তব্যকঠোৰ ৷এনেতে চাৰিওফালে ভেৰি, পেঁপা, কালী, জয়ঢোল বাজিবলৈ ধৰে ৷
মানুহৰ কোঢ়াল আৰু বাদ্যযন্ত্ৰৰ শব্দত কোলাহল হৈ পৰে ৷
‘জয় ৰূকমী ৰাণীৰ জয়’
! ‘জয় ৰূকমী
ৰাণীৰ জয়’ বুলি চাৰিওফালৰপৰা সমস্বৰে নিনাদিত হয় ৷
সৈন্য-সামন্ত লিগিৰীৰে বেৰ খাই ইতিভেন ৰাণিৰ সাজসজ্জাৰে তালৈ শিল-কঠুৱা হৈ সোমায়
আহে ৷ সকলোৱে আঠু লয় ৷ ইতিভেন তালৈ আহি এদঁতীয়া হৈ এফালে থিয় দি সকলোলৈকে চাবলৈ
ধৰে ৷ তাৰ পিছত...]
ইতিভেন :- ৰূকমী-ৰাজ্যৰ
প্ৰজাসকল ! আপোনাসকলে জানে মোৰ সহোদৰ ককাইকো ৰাজ্য ত্যাগ কৰাবলৈ কুণ্ঠিত হোৱা নাই
৷ মোৰ প্ৰণয়ৰ থলি, মোৰ পাণি গ্ৰহণ কৰিবলৈ অতি ইচ্ছুক মোৰ প্ৰণয়প্ৰাৰ্থীকো মই
উপেক্ষা কৰিলোঁ ৷ কিহৰ কাৰণে ? একমাত্ৰ মোৰ দেশৰ গৌৰৱ অটুট ৰাখিবলৈ ৷ আনকি এদিন
নিজৰ প্ৰাণকো দেশৰ কাৰণে তুচ্ছ জ্ঞান কৰি মণিমুগ্ধৰ বিৰুদ্ধে অভিযান কৰিলোঁ ৷ এই
অত ক্ষতি... অত ত্যাগ... অত ৰূকমী জাতিৰ দুখ-কষ্ট... ৰূকমী জাতিৰ ঘৰবাৰী সকলো
ধ্বংস কৰিও যি গৌৰৱ ৰাখিবলৈ সকলো জলাঞ্জলি দিলোঁহক... সেই সকলো ভ্ৰষ্ট কৰিলে কোনে
? ৰূকমী তিৰোতাৰ গাত খিলঞ্জীয়া কলঙ্ক সানিলে কোনে ? এই মহা পাপীয়সী অসতীয়ে নহয়নে ?
নহয়নে ?
[চাৰিওফালে ‘হয়’ ‘হয়’ ‘সঁচা’ ‘সঁচা’ ‘ৰূপালীম্
অসতী’ সকলো
ভ্ৰষ্ট কৰিলে ৷ ‘ৰূপালীম্
অসতী ৷’ ]
ইতিভেন :- ৰূকমী
তিৰোতাৰ সতীত্ব এটা ডকাইতৰ চৰণত উপহাৰ দি তাই আকৌ ঘূৰি আহি দেশৰ সতীৰ আসনত বহিব
খোজে ৷ তাই আকৌ কব খোজে তাইৰ সতীত্বত বোলে চেকা পৰা নাই ৷ মণিমুগ্ধই হৰণ কৰি তাইক
পঠিয়াই দিছে ৷ হাঁহি উঠা কথা ! অসতী... এশবাৰ অসতী... সহস্ৰবাৰ অসতী ! [জুনাফালৈ চাই ] কোৱা বুঢ়া মানুহ ! সঁচা কথা
কোৱা, তোমাৰ এই কন্যা অসতী হয় নে নহয় ? তোমাৰ ৰূকমী জাতিৰ গৌৰৱৰ কথা... মনত ৰাখিবা
৷ ৰূকমী নাৰীৰ সতীত্বৰ কথা কোৱা বুঢ়া মানুহ ! কোৱা ? অসতী হয় নে নহয় ? অসতীৰ কি
শাস্তি ?
জুনাফা :- [কঁপি কঁপি থিয় হ’ল
৷ তাৰ পিছত সকলোলৈকে চাই ঘৃণাৰে মুখ কোচাই আনি মুখ ঘূৰাই ] নাচাওঁ... নাচাওঁ... মোৰ কন্যাৰ প্ৰেত-মূৰ্ত্তিটো আৰু নাচাওঁ ৷ অসতী...
অসতী... ৰূকমী নাৰীৰ খিলঞ্জীয়া কলঙ্ক ৷ হায় হায় ! মোৰ এই বুকু যাৰ কাৰণে এদিন
কলি-কুমলীয়া আছিল... যাৰ মৰম মই বুকুত আথেবেথে সাঁচি থৈছিলোঁ, আজি সেই বুকুখন পাথৰ
হ’ল... শিলা হ’ল
৷ তাত জীয়ৰীৰ মৰমৰ কটাৰীখন ভেদি সোমাব নোৱাৰে ৷ পাথৰ... পাথৰ হ’ল....
মোৰ বুকু আজি পাথৰ হ’ল [বুকু ভুকুৱাই কান্দি ] ৰাণী ! ৰূকমী জাতিৰ গৌৰৱৰ
মুকুট পিন্ধা, শাস্তি...
[জুনাফা মূৰ্চ্ছা যায় ৷ ইতিভেনৰ ইঙ্গিত পাই কাঁড়ী কেইটাই ৰূপালীমলৈ কাঁড়
মাৰে ৷ কেইডালমান ৰূপালীমৰ গাত বিন্ধ খায় ৷মায়াব’
ধৰফৰাই বাগৰি পৰে আৰু চাৰিফালে ভীষণ গোলমাল আৰম্ভ হয় ৷ৰূপালীমো লাহে লাহে ঢলি পৰি
যায় ৷ কেইজনমান সৈন্যই মায়াব’ক
ধৰি তাৰপৰা আঁতৰাই নিবলৈ প্ৰয়াস পায় যদিও মায়াব’ৰ
ছটফটনিত আৰু ধৰফৰণিত বেগতে চম্ভালি ৰাখিব নোৱাৰে ৷ ইতিভেনে ইঙ্গিত কৰে আৰু ওচৰত
থকা যখ প্ৰহৰীবোৰে চিতাত জুই জ্বলাই দিয়ে ৷ ধোঁৱাৰে মঞ্চটো ঢাক খাই যায় আৰু
চাৰিওফালৰপৰা পেঁপা, জয়ঢোল বাজিবলৈ ধৰে ৷ তাৰ বোলত মতলীয়া হৈ মানুহবিলাকে ‘জয়
ৰূকমী ৰাণীৰ জয়’বুলি
চিঞৰিবলৈ ধৰে ৷ কোঢ়াল আৰু ধোঁৱা বাঢ়িবলৈ ধৰে ৷ লাহে লাহে আঁৰ-কাপোৰ পৰি যায় ৷ ]
আঁৰ-কাপোৰ
← সমাপ্ত →
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment