Assamese Song: Biya Naam
Album: Mik Bijuli
Singer: Krishna Das,Kabita Hazarika,Sudakshina
Sharma,Bharati Das,Moni Baruah,Ila Kakoti
Music Director: Bhupen Hazarika
Year: 1969
ডালিম থিয় কৰি ..
মূৰতে এ দিবা
ঐ ৰাম !
সুগন্ধ মালতীৰ হাতে হে !
ডালিম থিয় কৰি ..
মূৰতে এ দিবা
ঐ ৰাম !
সুগন্ধ মালতীৰ হাতে হে !
কেনে চিকেমিকায়
চিকুনে আইদেউ !
ঐ ৰাম !
গলে চিকেমিকায় মণি হে !
মুঠিৰে ভিতৰত
কিহে চিকেমিকায় ?
ঐ ৰাম !
হেঙুল হাইতালৰ ফণি হে !
নাহিলন্ত বেদনিধি
কাইলৈ বিয়াৰ দিনে .. শশী হে !
কাইলৈ বিয়াৰ দিনে .. শশী হে ,
আমি কেন পাহি (পাৰি) কৃষ্ণ
অধিবাসৰ দিনে ..শশী হে !
অধিবাসৰ দিনে ..শশী হে !
আইদেৱে পদূলিতে ... হালি আছে নল
হালি আছে নল !
কলহে কলহে ঢালে
যমুনাৰে জল !
পাটিত বহি আইদেৱে গাঁঠে ফুলৰ মালা !
গাঁঠে ফুলৰ মালা !
গাৱত গাঁঠে পাতল বস্ত্ৰ
তুলসীৰে মালা !!
বোলছবি/এলবাম: চিক্মিক্ বিজুলি
গায়ক/গায়িকা: কৃষ্ণা দাস,কবিতা হাজৰিকা,
সুদক্ষিণা শৰ্মা আৰু লগৰীয়াসকল
সংগীত পৰিচালক: ড৹ ভূপেন হাজৰিকা(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
1 comment:
গীতটো চাই দিয়াৰ বাবে দীপা ডেকালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ ৷
Post a Comment