Assamese Song: O
Thuria Tamolkhan
Album: Jibon
Surobhi
Singer: Mahananda
Majinder Barua, Santa Sharma
Music Director: Bhupen Hazarika
Year: 1984
নাৰী :- অ’
থুৰীয়া তামোলখন অ’ চেনাই...
অ’
যাতনাই আনিছোঁ.. !
অ’
চেনাই অ’..!
অ’
লগতে আনিছোঁ লং,
অ’
আমাৰ বৰ বেয়াকৈ
বিহু
গীত গাই যাওঁ
অ’
কোনেও যেন নকৰে খং ৷
পুৰুষ :- চা
সমনীয়া, গাভৰুজাক আহিছে
সাজোনে
কাচোনে ৰূপহী যেন লাগিছে
চা
সমনীয়া, গাভৰুজাক আহিছে
সাজোনে
কাচোনে ৰূপহী যেন লাগিছে
চিলনী
পৰাদি থপিয়ায় লৈ যাম
তাৰে
মাজৰ এজনী !
চোঁচৰাই
ঐ টানি নিম !
পুৰুষসকল:- তাৰে
মাজৰ এজনী !
চোঁচৰাই
ঐ টানি নিম !
পুৰুষ :- বাহিৰে
বাহিৰে পোৱামগৈ ঐ হোমৰে
পোৱামগৈ
ঐ হোমৰে গুৰি !
নাৰী :- নিমাতী
গাভৰুৰ মুখ খুলি নল’বি
নাৰীসকল :- নিমাতী
গাভৰুৰ মুখ খুলি নল’বি
নাৰী :- গুচি
যাব লাগিলে
আৰু
দেখা নাপাবি
নাৰীসকল :- ইচাতি
বিচাতিকৈ
হিয়া
ধুনি মৰিবি !
হিয়া
ধুনি মৰিবি একা !
পুৰুষ :- হয়নে
?
লোককেহে
দেখুৱায়
কেতেৰাই তই
মাতিছ !
পুৰুষসকল:- ডেকা
ল’ৰাক ভোলাবলে
সাঁজি-কাঁচি
আহিছ !
নাৰীসকল :- এনে
ডেকাক ভোলাবলে
আমাৰ
কোনো গৰজ নাই !
এনে
ডেকাক ভোলাবলৈ
আমাৰ
কোনো গৰজ নাই !
পুৰুষ :- অ’
নাচনী অ’
ডেকা
ল’ৰা নহ’লে
যৌৱন যাব
অথলে
গমি
বাৰু চাইছনে নাই ?
নাৰী :- অ’
ডেকা অ’
ভালেকৈ
থাকিবি
নাৰীসকল :- চাবি
চাবি অ’...
শপত তুলি মৰিবি
নাৰী :- গাভৰু
মন জিনিছ !
মনক
সুধি কৰিছ !
নাৰীসকল :- আহ
সোণাই অ’..
লুইততে
মুখখন ধুই !
পুৰুষ :- অ’
হায় হায়.....!
সাজোনে
কাচোনে পিন্ধনে উৰণে
ৰূপহী
এ আহিছ
কিহৰ
ইমান ফুটনি
ৰং
গ’লে যখিনী !
পুৰুষসকল:- কিহৰ
ইমান ফুটনি
ৰং
গ’লে যখিনী !
পুৰুষ :- কথাটিনো
ভাবিছ নে নাই ?
নাৰী :- অ’
হায় হায় !
অ’
দিঠকে-সপোনে
উঠোতে-বহোতে
আমাকেহে
দেখিছ
নাৰীসকল :- হয়নে
বোলো ডেকাটি ?
তোৰো
জীৱন থাকিবি
হয়নে
বোলো ডেকাটি ?
তোৰো
জীৱন থাকিবি
আমিহে
ঐ ৰাখিছোঁ জীয়াই !!
বোলছবি/এলবাম: জীৱন
সুৰভি
গায়ক/গায়িকা: মহানন্দ
মজিন্দাৰ বৰুৱা, শান্তা উজিৰ আৰু লগৰীয়াসকল
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment