Assamese Song: Jibonor
Rongbur
Album: Ghar
Sonsar
Singer: Samar
Hazarika & Namita Goswami
Music Director: Basanta Manik
Year: 1982
পুৰুষ :- জীৱনৰ
ৰঙবোৰ
ক’তেনো
!
হেৰাই গ’ল...
?
নাজানিলোঁ
কিয় এনে
হয়...
বুজিওযে নুবুজোঁ মই..
বুজিওযে নুবুজোঁ মই..
জীৱনৰ
ৰঙবোৰ ..!
দুয়োকুল
হেৰুৱাই
চকুলো টুকিছোঁ মই
ৰাঙলী দিনৰ স্মৃতি চাই..!
ৰাঙলী দিনৰ স্মৃতি চাই..
কিয় বাৰু
এনে হয়..
ক’ত জানোঁ
ভুল হয়...
ক’ত
জানোঁ ! ভুল হয়...
জীৱনৰ
ৰঙবোৰ ..!
নাৰী :- যিদিনা
একোৱে নাই
তোমাকে
কাষতে পাই
যাচিছিলোঁ
হিয়া
উদঙাই...!
পুৰুষ :- সুৰৰ
দলিছা পাৰি
আবেগৰ
পৰশ ঢালি
গুচি
গ’লা অগণি জ্বলাই...!
জীৱনৰ
ৰঙবোৰ ..!
নাৰী :- জানিও
নাজানিলা
বুজিও
নুবুজিলা !
তোমালৈ
কিমান মৰম..!
মইতো
শুনিছিলোঁ
তোমাৰ
মন ভুলাই
ভোমোৰাই
কিনো গান গায়.. !
দেখিওযে
কিয় দেখা নাই..!
শুনিওযে
কিয় শুনা নাই ..
পুৰুষ :- জীৱনৰ
ৰঙবোৰ..!
আমাৰ
এটি সপোন আছে
মৰমৰ
সাক্ষী ৰূপে
তালৈ
জানো নপৰে মনত...
তালৈ
জানো নপৰে মনত...
দুয়ো :- কুষুম
কোমল কলি
কিবা
যেন পায় বুজি
বিচাৰিছে
দুয়োৰে কাষত..
বিচাৰিছে
দুয়োকে কাষত..!
পুৰুষ :- তাৰ..!
উচুপনি জানো শুনা নাই..
উচুপনি
জানো শুনা নাই..
নাৰী :- জীৱনৰ
ৰঙবোৰ... পু: জীৱনৰ ৰঙবোৰ...
ক’তেনো
হেৰাই গ’ল ? ক’তেনো হেৰাই
গ’ল ?
নাজানিলোঁ
কিয় এনে হয়..
দুয়ো :- বুজিওযে
নুবুজোঁ মই ..
জীৱনৰ
ৰঙবোৰ...!!
বোলছবি/এলবাম: ঘৰ-সংসাৰ
গায়ক/গায়িকা: সমৰ
হাজৰিকা আৰু নমিতা গোস্বামী
সংগীত পৰিচালক: বসন্ত
মাণিক
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment