* ‘অসমৰত্ন’ ড৹ ভূপেন হাজৰিকাই আবৃত্তি কৰা শেষ অসমীয়া কবিতা ৷
কবি : ডঃ দেৱজিৎ খনিকৰ,
সংগীত পৰিচালনা : ৰসানন্দ গগৈ
সংগীত ব্যৱস্থাপনা তথা বাণীবন্ধন : ৰূপম তালুকদাৰ
এলবাম : দেৱকন্যা
প্রযোজনা : ‘সংগীত সন্মোহিনী’ৰ হৈ অজন্তা দত্ত খনিকৰ
প্রযোজনা : ‘সংগীত সন্মোহিনী’ৰ হৈ অজন্তা দত্ত খনিকৰ
শুনাচোন মোৰ সোণ
সুৱদি-সুৰীয়া
ল’ৰালি কালৰে
সপোন সপোন যেন কথা,
সোণৰ বৰণ যেন কথা ।।
আহল বহল
বাৰী ঘৰ চোতাল
ৰং ৰহইচে
দলদোপ হেন্দোলদোপ ;
আম, জামু, থেৰেজু,
লেটেকু, পনিয়ল
কল, তামোলৰ গছ
উপচি লাগে থোক ।
শাকে-মাছে ভৰা
ভোগালী ল’ৰালি
সপোন সপোন যেন কথা,
সোণৰ বৰণ যেন কথা ।।
অতিকে ধুনীয়া
মুকলি পথাৰ
মন জুৰণীয়া
সেউজ বননি ;
তাতে খেলিছিলোঁ
সতে সমনীয়াৰ
কতযে খেলা
নাছিল আমনি ।
এতিয়াও সুঁৱৰি
ভৰে বুকুখনি
সপোন সপোন যেন কথা,
সোণৰ বৰণ যেন কথা ।।
বন-বিৰিখৰ
ডালে-পাতে নাচি
গীত জুৰিছিলে
কতনো পখীয়ে ;
জান,জুৰি, নৈ,
বিল,
বালি-চাপৰি
মাছ, কাছ, বগলীয়ে
শুৱনি কৰিছিলে ।
তাতে উমলিছিলে
ৰ’দ বৰষুণে
সপোন সপোন যেন কথা,
সোণৰ বৰণ যেন কথা ।।
(বাণীবন্ধন : ১৩ নৱম্বৰ
২০১০)
[ইউনিক'ড ৰূপান্তৰ :- ৰসানন্দ গগৈ]
No comments:
Post a Comment