Assamese Song: Bhaiti
Bhonti
Album: Ghar
Sonsar
Singer: Namita
Goswami
Music Director: Basanta Manik
Year: 1982
ভাইটি ভন্টি সকলোটি
মিলি-জুলি
আমি
অ’ মিলি-জুলি
আমি !
কোনে কি কৰিবা আমি
কোৱা
ভাবি গুণি
ওঁ..
কোৱা হাঁহি হাঁহি !
ভাইটি ভন্টি সকলোটি
মিলি-জুলি
আমি ৷
মই হ’লো জয়মতী অসমী
বোৱাৰী !
স্বৰ্গদেৱে চাওদাঙ গ’ল
সলনি !
মই পিছে খোচনিত হেংদাঙ লৈ
ৰণলৈ
ওলালো মূলাগাভৰু হৈ !
কনকলতা হৈ
আই
ভোগেশ্বৰী হৈ
ভাইটি ভন্টি সকলোটি
মিলি-জুলি
আমি ৷
তেজেৰে ৰাঙলী হ’ল
গহপুৰৰ
মজিয়া
কনকৰ স্মৃতিত
এবাৰ
সুৱৰি চা
বন্দে মাতাৰম !
বন্দে মাতাৰম !
এই দেশ মোৰ বুলি
কওঁতাজনকে
!
অসমী হ’লেও
আমি যাক সুধিবলে !
বাহাদুৰ গাঁওবুঢ়া
হৰমুদ আলি কুশলৰ
মণিৰাম পিয়লিৰেও
এই
দেশ মৰমৰ !
ভীৰুনিষ্ঠ পুৰুষ
সহি
আছাঁ যুগ যুগ !
নতুন পুৰুষ হৈ
সাহ
কোনোৰ নাই !
শংকৰ মাধৱৰ
সুৰ
লহৰিৰে ৰাম !
সুৰ
লহৰিৰে
পুনৰ জগালে মই
জ্যোতিপ্ৰসাদে
ৰাম !
জ্যোতিপ্ৰসাদে
মই ৰাভা কৃষ্টিৰ
তুলিকা
বোলাই !
পৰ্ব্বত ভৈয়ামৰ
মিলন
ঘটাই
মেঘালয় মণিপুৰ অসমী জোনাক !
ত্ৰিপুৰাও অৰুণাচল
কাৰ্বি-আলঙ
!
নগাভূমি সাতভনী
অসমীৰ
প্ৰাণ !
বিপদে সম্পেদে আই
সহৰি
জনাওঁ
লুইতৰ দুয়োপাৰ !
হাঁহিৰে
সজাওঁ
লুইতৰ দুয়োপাৰ !
হাঁহিৰে
সজাওঁ ৷৷
বোলছবি/এলবাম: ঘৰ-সংসাৰ
গায়ক/গায়িকা: নমিতা
গোস্বামী
সংগীত পৰিচালক: বসন্ত
মাণিক
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment