Assamese Song: Moromey
Uposa (Duet)
Album: Jibon
Surobhi
Singer: Santa
Sharma and Arun Das
Music Director: Bhupen Hazarika
Year: 1984
পুৰুষ :- অ’..হো...
মৰমে উপচা
উমলা বাটেৰে লগৰী !
পৰি
ৰ’লো মই..
বহু
দূৰত !
অকলে..
সীমাহীন বাটত !
নাৰী :- আছোঁ
দেখোঁ মই..
অতি
কাষত !
আদৰত
শৈশৱ
তোমাৰ
কাষত !
দুয়ো :- দুয়ো
পাৰ হ’ম
জীৱনৰে
বাট
হাঁহি
ধেমালিৰে মাজত
হাঁহি
ধেমালিৰে মাজত,
নাৰী :- ফুলনি
উপচি সৌ..
পখিলাৰ
ধেমালি
পুৰুষ :- উলাহৰ
পখিলা যেন
দূৰৰে
উৰণি
নাৰী :- কলিৰ
টোপনি চাগে..
লাহে
লাহেকৈ ভাগে.. !
গোপনৰ
আঁৰৰ মাজত !
পুৰুষ :- মোৰো
মন যায়
পখিলা
হৈ !
জিৰাব
চিৰদিন
তুমি
দূৰত !
দুয়ো :- আমি
দুয়ো ৰ’ম
ফুলনি
ভৰি
জোন পখিলাৰে মাজত
জোন পখিলাৰে মাজত,
নাৰী :- অ’
মোৰ !
অজানা-অতীতৰ
গোপন-খেলাৰে লগৰী !
পুৰুষ :- নদীয়ে
নদীয়ে সৌ..
লহৰৰ
ধেমালি..
নাৰী :- উলাহত
নাচিছে যেন
পানীতে
সাঁতুৰি !
পুৰুষ :- বহল
বিশালতা পাই...!
লহৰ
দেখোঁ মিলি যায়
নদীৰ
বুকুৰে মাজত !
নাৰী :- মোৰো
মন যায়..
লহৰ
হৈ..!
মিলিব
প্ৰতি ক্ষণ
তোমাৰ
লগত..
দুয়ো :- আমি
বৈ যাম
বাধা
নেমানি
লহৰ
নদীৰে সোঁতত
লহৰ
নদীৰে সোঁতত
পুৰুষ :- অ’..হো...
মৰমে উপচা
উমলা বাটেৰে লগৰী !
নাৰী :- অ’
মোৰ !
অজানা-অতীতৰ
গোপন-খেলাৰে লগৰী !!
বোলছবি/এলবাম: জীৱন
সুৰভি
গায়ক/গায়িকা: শান্তা
শৰ্মা আৰু অৰুণ দাস
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment