নাটক – ৰূপালীম্
[জ্যোতিপ্ৰসাদ আগৰৱালা]
পাতনি
এইখন মোৰ
তৃতীয় নাট ৷ ‘শোণিত কুঁৱৰী’
লিখিছিলোঁ চৈধ্য বছৰ বয়সৰপৰা সোতৰ বছৰ বয়সৰ ভিতৰত ৷’কাৰেঙৰ
লিগিৰী’ একৈছ বছৰৰপৰা তেইছ বছৰৰ বয়সত আৰু ‘ৰূপালীম্’
লিখা তিনি বছৰ আগৰেপৰা আৰু কেবাখনিও নাট লিখিবলৈ হাতত লোৱা হৈছে ৷তাৰে কেখনমান
লিখা সম্পূৰ্ণ হৈ আছে ৷ইংৰাজী ১৯৩৬ চনত এই নাটখনি লিখা ৷তাৰ পিছত এইখন কেবাবাৰো
সাল-সলনিকৈ লিখা হৈছে ৷১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰ ‘বাণ
ৰঙ্গমঞ্চ’ত তোলা হয় ৷ঘূৰাই-পকাই লিখাৰ
পিছত আৰু সাল-সলনি কৰাৰ পিছত এই নাট ডিব্ৰুগড়ৰ ‘ড্ৰামটিক
আৰ্ট ছোছাইটী’য়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয়
কৰে ৷ এই অভিনয়ত নাটখনে ৰঙ্গমঞ্চত সফলতা লাভ কৰে ৷
এই
‘ৰূপালীম্’
নাটাৰ ঘটনা, চৰিত্ৰ, মানুহ, সকলো মনেৰে গঢ়াহে অৰ্থাৎ কাল্পনিক ৷ইয়াত আদৰ্শ চৰিত্ৰ
দাঙি ধৰাতকৈ চৰিত্ৰৰ বিচিত্ৰতাহে দেখুৱাবলৈ প্ৰয়াস পোৱা হৈছে ৷ এই কথাষাৰ যেন এই
নাটপঢ়োঁতাই আৰু সমালোচকে মন কৰে ৷ যদি কোনো বৈচিত্ৰ্যময় চিৰিত্ৰ আদৰ্শ চৰিত্ৰ হৈছে
তেন্তে সি আপোনা-আপুনিয়ে হৈছে বা হৈয়ে আছে ৷ সেই গতানুগতিক সম্পূৰ্ণ চৰিত্ৰৰ
সূত্ৰমতে হয়তো কোনো কোনো চৰিত্ৰ অসম্পূৰ্ণ যেন দেখা যাব পাৰে ৷ যেতে এই চৰিত্ৰবোৰ
বুজোঁতে বেমেজালি নকৰে সেই কাৰণেহে পাতনিৰ এইখিনি মোখনি মাৰিবলগীয়া হ’ল
৷কাৰণ মোৰ আগৰখন নাট ‘কাৰেঙৰ
লিগিৰী’ৰ ‘সুন্দৰ’ৰ
চৰিত্ৰটোৰ বিষয়ে বহুতে ভ্ৰম ধাৰণা দেখা পাইছোঁ ৷সুন্দৰৰ চৰিত্ৰ আদৰ্শ হিছাপে তাত
দাঙি ধৰাতকৈ চৰিত্ৰৰ বৈচিত্ৰ... এটা চিৰবিপ্লৱী মনৰ দুৰ্নিবাৰ গতিৰ সৈতে সমাজৰ
সংঘৰ্ষ আৰু সংঘাত আৰু তাৰ পৰিণতি দেখুৱাবলৈহে প্ৰয়াস পোৱা হৈছিল ৷ মেটাৰলিঙ্ক আৰু
মোন্নাভেনাৰ (Monnavana) ছাঁ পৰোঁ কি নপৰোঁকৈ অলপ আহি ৰূপালীম্
নাটত দেখা দিছে যদিও সি অজ্ঞাতভাৱেহে.... লিখকৰ মনৰ খোটালিত বহু দিনৰ আগতে সোমাই
থকা মোন্নাভেনাই এতিয়াও আছোঁ বুলি সঁহাৰি দিছে মাথোন ৷ৰূপালীমে অসমীয়া ৰাইজৰপৰা
পাবলগীয়া চেনেহফেৰিৰপৰা নিশ্চয় বঞ্চিত নহ’ব
৷
ইতি
ৰাইজৰ
আশীৰ্ব্বাদভিখাৰী,
শ্ৰীজ্যোতিপ্ৰসাদ
আগৰৱালা
ভোলাগুৰি চাহবাগিচা
জুন, ১৯৩৮ চন
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment