নাটক – কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
দ্বিতীয়
দৰ্শন
[কাৰেঙৰ
লিগিৰিটোলৰ এটা কোঠা । আন্ধাৰ । সাজসজ্জা বা বেৰা একো আন্ধাৰত দেখা নগৈছিল । ওচৰৰ
আনটো কোঠাৰ দুৱাৰেদি চাকিৰ অলপ অলপ পোহৰত মাত্ৰ মানুহ বা আন বস্তুৰ চকামকাকৈহে
আকৃতি-প্ৰকৃতি চিনা গৈছিল । তাত কেইজনীমান লিগিৰী সুদা মাটিতে শুই থকা দেখা গৈছিল
। এনেতে এজনী লিগিৰি এন্ধাৰে মুন্ধাৰে আহি আন এজনী লিগিৰিক জগোৱা দেখা যায় আৰু
ফুচফুচকৈ কথা পতা যেন দেখা যায় । তাৰ পিছত এজনী শোৱাৰ পৰা উঠা যেন দেখা যায়; উঠি দুইজনী ৰং মনেৰে কিছু আগ ভাগলৈ আহে শেৱালি আৰু সেউজী । শেৱালিৰ বাহুত
ধৰি সেউজী ]
সেউজী:- [অলপ সৰু মাতেৰে] শেৱালি তই ভয় নকৰিবি । তোক
ৰাজমাৱে কিবা ভিতৰুৱা কথা শুধিবলৈহে মাতিছে ।
শেৱালি:- [বৰ ভয় খোৱা যেন হৈ] সেউজী মোৰ ভয় লাগিছে ।
ৰাজমাও দেউতাই এইদৰে এনে নিশা কোন কাহানিও মাতি পঠোৱা নাই ।
সেউজী:- নাই..নাই.. এইবোৰ নানান কথা ওলাইছে নহয়.. সেই বিষয়ে হ’ব পায় ।
শেৱালি:- নহয়
নহয়,
মোৰ বৰ ভয় লাগিছে, ৰাজমাৱে মোক কিবা কৰিব ।
সেউজী:- নাই.. নাই.. মইও
যাম লগতে ।
শেৱালি:- আহ সেউজী... মোক নেৰিবি... অ’ সেউজী, আজি কেইদিনমানৰ পৰা মোৰ সোঁ-চকু সোঁ-বাহু
বৰকৈ লৰি আছে । বৰ ভয় লাগিছে ।
[কন্দাৰ দৰে
শেৱালিয়ে কুঁ-কুৱাই ]
সেউজী:- কেলৈ
মিছাকৈয়ে ভয় কৰিছ ? আহ… একো নকৰে আহ ।
[সেউজীয়ে বাহুত
ধৰি শেৱালিক লৈ যায় ; শেৱালি যাওঁ নেযাওঁকৈ বৰ অনিচ্ছাৰে অথচ
বাধ্যত পৰি যোৱাৰ দৰে যায় । আনটো কোঠাত থকা চাকিটো সিহঁতে লৈ যোৱাগৈ বাবে এতিয়া এই
কোঠাটো সমূলি আন্ধাৰ হৈ পৰে ।]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment