অনুসন্ধান আকাংক্ষাত

Sunday, March 17, 2013

নাটক – ৰূপালীম্‌ - প্ৰথম অঙ্ক



নাটক ৰূপালীম্‌
[জ্যোতিপ্ৰসাদ আগৰৱালা]


ৰূপালীম্‌
প্ৰথম অঙ্ক

            [দুই পৰ্ব্বতৰ মাজৰ এখন পৰ্ব্বতীয়া নৈ... সিপাৰৰ পৰ্ব্বতৰবোৰৰ গাত ৰূকমী গাঁওবোৰ ৷ৰূকমী অসমৰ পূব সীমান্তৰ পৰ্ব্বতীয়া সভ্য বৌদ্ধ জাতি, ইহঁতৰ সভ্যতা মণিপুৰৰ লগত ৰিজা পাৰি ৷ পৰ্ব্বতৰ গাৰ গাঁৱৰ সৰু সৰু টুপ লগোৱা চাংঘৰবোৰৰ দুৱাৰেদি জুইৰ পোহৰ বিৰিঙি ওলাইছে ৷জোন-তৰাই আকাশত ভূমুকি মাৰিছে ৷আকাশখনৰ পৰা বিয়পি পৰা জোনৰ পোহৰে নৈ, বিল, পৰ্ব্বত-বন সকলোকে ৰূপোৱালী কৰি বোলাইছে ৷ নৈৰ কলকলনিয়ে আৰু বতাহৰ ফুৰফুৰণিয়ে ঠাইডোখৰত মিহলি শব্দৰ ঢৌৰ সৃষ্টি কৰিছে ৷ইপাৰে ওখ ওখ শিলনি ৷তাতে পানী-যুঁৱলিৰ শিল এটাত...

মায়াব এটা বলিষ্ঠ পীত বৰণীয়া, কুৰি বছৰীয়া, দেখিলে মোহলগা চিত্ৰ-বিচিত্ৰ কাপোৰ পিন্ধা গাঁৱলীয়া ৰূকমী ডেকা.... অকলশৰে বহি আছে ৷তাৰ হাতত এটা পেঁপা, সি সেই পেঁপাত কিবা তিনিসুৰীয়া এসুৰীয়া সুৰ বজাই আছে ৷ পেঁপাটো বজাবলৈ এৰি নৈৰ পিনে দূৰণিলৈ চাই উচ্‌পিচাই আকৌ পেঁপাত আঙুলি বুলাইছে ৷
এনেতে বহু দূৰণিত নৈৰ বুকুত এটা বিনাই গোৱা গীত শুনা গল ....

গীত :-

জিৰ জিৰ জিৰ জিৰ
জিৰ জিৰ তাতে নিজৰি জিৰ জিৰ নিজৰি অ
টুলবুল টুলবুল
কৈ
হালধীয়া
সৰাপাতৰ
নাও...
খনি
গৈ
গৈ
গৈ
আমাৰ মৰম এ ভৰা
লৈ ৷

মায়াবৰ বাঁহী বন্ধ হয় ৷গীত আকৌ নাইকীয়া হয় ৷মায়াবৰ বাঁহী বাজি উঠে ৷গীত আৰু স্পষ্ট হৈ আহি আকৌ ৰয় ৷মায়াবৰ বাঁহী আকৌ বাজে ৷ গীত এইবাৰ আৰু স্পষ্ট হৈ আহে ৷ গীত ৰয় ৷মায়াবৰ বাঁহী বাজে ৷ গীত এইবাৰ ওচৰত শুনা যায় স্পষ্টকৈ ৷ মায়াবই বৰ হেপাহেৰে ডিঙি মেলি মেলি চাই সেই গীতৰ স্পষ্টতাত আনন্দ পাবলৈ ধৰিলে ৷

গীত :-

ভৈয়ামৰ ধাননি
বোলালে ঐ
সোণালী
কৈ
জিৰ জিৰ         নিজৰি ঐ !
মৰমৰ   বতৰা
লৈ
বৈ থাক
বৈ থাক
ৰৈ
ৰৈ
ৰৈ ৷

ৰূকমী ছোৱালীৰ কণ্ঠ সুৱদিৰে সানমিহলি হৈ সাঙ্গীতিক স্বৰবোৰ শুৱলা বোকোচাত উঠি সেই ঠাইডোখৰৰ চাৰিওফালে উৰি ফুৰিবলৈ ধৰিলে ৷লাহে লাহে সৰু টুলুঙা নাও এখনত এজনী দীপলিপ বসন্তৰ কুঁহিপাতৰ দৰে কুমলীয়া ৰূকমী ছোৱালী... ওঁঠ দুটা মিচিকি হাঁহিৰে বোলাই, সেই শিলটোৰ ওচৰতে নাও চপালেহি ৷ আঁঠুমূৰীয়া চিত্ৰ-বিচিত্ৰ মেখেলা ৷বুকত চিত্ৰ-বিচিত্ৰ মেৰণি ৷গাত এখন বগা পাতল সুঁতাৰ কাপোৰ ৷মায়াবই আথেবেথে আগবাঢ়ি গৈ সুধিলে... ]

মায়াব :- [সুৰীয়া মাতেৰে ] ৰুপালীম্‌ ! আজি ইমান বেলি কিয় ? মোৰ পেঁপা বজাওঁতে ওঁঠ বিষালে ৷
ৰূপালীম্‌ :- [নাৱৰপৰা নামি হাঁহি ] তোমাৰ পেঁপাৰ মাতবোৰে উৰি উৰি গৈ মোক আগভেতি ধৰি আহিবলৈ নিদিয়ে... সিহঁতৰ মাজে মাজে বাট ফালি আহোঁতে বেলি হল আকৌ ৷[হাঁহে ]
মায়াব :- তেন্তে মই আৰু পেঁপা নবজাওঁ ৷
            [মনটো বৰ বেজাৰ কৰে ৷]
ৰূপালীম্‌ :- বজাবা মায়াব.... বাৰু মায়াব ! তুমি পেঁপাটোক কিমান মৰম কৰা ?
মায়াব :-  খুব ভাল পাওঁ... পেঁপাটো নহলে মই এখন্তেকো থাকিব নোৱাৰোঁ ৷
ৰূপালীম্‌ :- তেনে পেঁপাটোৰ সতে তুমি থাকা ৷ মই যাওঁগৈ ৷
            [ওফোন্দ পাতি যাব ধৰে ৷]
মায়াব :- [ৰূপালীম্‌ৰ বাউসীত ধৰি ] কেলেই যাবাগৈ ৰূপালীম্‌ ৷
ৰূপালীম্‌ :- কেলৈ নেযাম ? মই নহলে তুমি গোটেই দিনটো অকলে থাকিব পাৰা, গোটেই নিশাটেও পাৰা, কিন্তু তুমি মোক পেঁপাটোৰ সমানকে মৰম নকৰা ?
মায়াব :- পেঁপাটোনো কি, তাতোকৈ তোমাক কতগুণে মৰম কৰোঁ !
ৰূপালীম্‌ :- তেন্তে পেঁপাটো দিয়াচোন ৷
            [পেঁপাটো মায়াবৰ হাতৰপৰা নি শিলৰ ওপৰত থৈ ভৰিৰে গচকি ভাঙি দিয়ে ৷মায়াবই থাপ মাৰি ৰূপালীম্‌ৰ ভৰিটো আঁতৰাই ভগা পেঁপাটো হাতৰ তলুৱাত আলফুলকৈ তুলি ব্যাধৰ শৰত মৰা ৰঙা ধুনীয়া চৰাইটোৰ দৰে লৈ তালৈ বৰ বেজাৰেৰে চায় ৷ৰূপালীমে খিলখিল্‌কৈ হাঁহি দিয়ে ৷]
ৰূপালীম্‌ :- এতিয়া কেনে ?
মায়াব :- তুমি বৰ অকৰুণ ৰূপালীম্‌ ! তুমি নিৰ্দয়া...
ৰূপালীম্‌ :- পেঁপা বলিয়া... বাঁহৰ পেঁপাটো ভাঙিলত বোলে আকৌ মই অকৰুণ হলোঁ ৷ ভাল হল, এতিয়া সেই সময়ত মোলৈ মনত পৰি থাকিবহে তেও !
মায়াব :- এতিয়া তুমি নহা সময়ত কোনে তোমাৰ মাত মাতিব ? কোনে তোমাৰ মিঠা মিঠা গীত মোক শুনাব ?
ৰূপালীম্‌ :- [আচৰিত হৈ মায়াবৰ কথাবোৰৰ ভালকৈ মৰ্ম বুজিব নোৱাৰি ] কিয় ? কেনেকৈ বাৰু সি মোৰ মাত মাতিছিলে ?
মায়াব :- মোৰ হিয়াৰ মাজত সোমাই থকা ৰূপালীমৰ মাতটিয়ে এই পেঁপাৰ বিন্ধাই বিন্ধাই ওলাই আহি তোমাৰেই দৰে এই পেঁপাটিয়ে তোমাৰ গীতকে মোক গাই শুনাইছিলে ৷ ৰূপালীম্‌ ! তুমি কিয় ইমান নিমৰমিয়াল বাৰু ? তুমি অকলৈ এৰি থৈ গলে তুমিয়ে হৈ পেঁপাটিয়ে মোক কতনো ইননি-বিননিৰে বিয়াকুল কৰি থৈছিলে ৷
ৰূপালীম্‌ :- তেন্তে তুমি মোক নকলে কিয় মায়াব ? নকলা কিয় ? [পেঁপাটো নিজৰ হাতলৈ আনি তাক চুমা খাই হুক্‌-হুক্‌কৈ কান্দি ] তেন্তে মোক নকলা কিয় ? নকলা কিয় ?
মায়াব :-  তুমিনো বাৰু ভাঙিলা কিয় ?
ৰূপালীম্‌ :- মোৰ খং উঠিলে আকৌ !
মায়াব :- তোমাৰ খং কত উঠে ?
ৰূপালীম্‌ :- [উত্তৰ দিব নোৱাৰি ৰৈ থাকি] জানো কত উঠে ৷ভৰিতো উঠে, মূৰতো উঠে ৷
মায়াব :- বুকুত উঠে নে নুঠে ?
ৰূপালীম্‌ :-  নুঠে ৷
মায়াব :- কিয় ?
ৰূপালীম্‌ :-  বুকুত মৰমহে থাকে ৷তালৈ খং গলে মৰমবোৰ পমি যাব নহয় ৷
মায়াব :- তেন্তে মোলৈ মৰম লগা মনটো মূৰত থাকে নহয়নে ? সেইটো খঙত পুৰি গল ৷
ৰূপালীম্‌ :-  ইহ্‌ নাই যোৱা আকৌ ৷ মই ভৰিৰেহে খং কৰি পেঁপাটোৰ পেটু উলিয়ালোঁ ৷ হি: হি: হি: ৷
            [মায়াবই ভগা পেঁপাটো নিজৰ হাতলৈ আনি বেজাৰ মনেৰে চাই থাকে ৷ ৰূপালীমে মায়াবক ভাল লগাবলৈ চাই মূৰে গায়ে হাত ফুৰায় ৷]
ৰূপালীম্‌ :-  বাৰু মায়াব ! মই তোমাক এটা পেঁপা সাজি দিম দেই !
মায়াব :-   বাৰু দিবা !
ৰূপালীম্‌ :-  বাৰু মায়াব ! জোনটোৱে ইমানবোৰ পোহৰ দি থাকে, তাৰ পোহৰবোৰ বাৰু ঢুকাই নেযায় কিয় ?
মায়াব :- সি পৃথিৱীখন খুব ভাল পায় সেই গুণে ৷সেই পোহৰবোৰ জোনৰ মৰম ৷পৃথিৱীখনলৈ জোনৰ ইমান মৰম আছে... সি কেতিয়াও নুঢুকায় ৷ বাৰু ৰূপালীম্‌ ! তোমাৰো মোলৈ তিমান মৰম আছেনে ?
ৰূপালীম্‌ :-  আছে মায়াব, আছে ৷ তোমালৈ মোৰ খুব মৰম আছে মায়াব !
            [মায়াব কিছুপৰ নিস্তব্ধ হৈ থাকে ]
মায়াব :- [লাহে লাহে অমনোযোগী হৈ] ৰূপালীম্‌ !...
ৰূপালীম্‌ :- কি হল মায়াব ?
মায়াব :- আমিতো আৰু ইয়াত সৰহ পৰ বহি থাকিব নোৱাৰিম ৷
ৰূপালীম্‌ :- নোৱাৰিলে কি হব ?
মায়াব :- মোৰ তেতিয়া তোমাক পঠিয়াই দিবলৈ বেয়া লাগিব নহয় !
ৰূপালীম্‌ :- গলে মোক মোৰ বুঢ়া বোপায়ে খং কৰিব নহয়... মোৰ বুঢ়া বোপাইক কোনে খুৱাব ? কোনে ৰান্ধি-বাঢ়ি দিব ?
মায়াব :- [অলপ পৰ গুণি-গাথি থাকি] তেন্তে ৰূপালীম্‌ ! তুমি আৰু মোৰ নোহোৱা নেকি ?
ৰূপালীম্‌ :- কেলৈ, সদায় দেখোন মই তোমাৰ হৈয়ে আছোঁ... আৰুনো কেনেকৈ হব লাগে ?
মায়াব :- তুমি মোক বিয়া কৰাই মোৰ ঘৰত পুৱতিৰপৰা গধূলিলৈ, গধূলিৰপৰা পুৱালৈ থাকিব লাগিব ৷
 ৰূপালীম্‌ :- সেইদৰে থাকিলে মোৰ বুঢ়া বোপায়ে কেনেকৈ খাব ? কেনেকৈ জীৱ ? মায়াব ! তুমি জানো মোক সদায় দেখি দেখি আমনি নেপাবা ?
            [ৰূপালীমে কেৰাহিকৈ চাই মায়াবৰ ভাব লক্ষ্য কৰে ৷]
মায়াব :- কেলৈ আমনি পাম ? তোমাক দেখোঁতে দেখোঁতে সদায় নতুন নতুন দেখিহে থাকিম ৷
ৰূপালীম্‌ :- তুমি মোক সদায় বোপাইৰ ঘৰত চাই আহিবা ৷ ময়ো তোমাক চাই থাকিবলৈ পাম ৷
মায়াব :- এইদৰে কিমান দিন থাকিবা ৷
ৰূপালীম্‌ :- সদায় থাকিম ৷ সদায় তুমি মোক চাই থাকিবা ৷ ময়ো তোমাক চাই থাকিম ৷
            [ৰূপালীমে মায়াবৰ মুখলৈ ৰ লাগি চাই থাকে ৷ মায়াবই দূৰণিৰ পৰ্ব্বতলৈ চায় ৷ ৰূপালীমে মায়াবৰ কথাত তেওঁৰ আন্তৰিকতা উপলব্ধি কৰি মায়াবক আৰু উদিগ্ন কৰিবলৈ বুলি কয় ৷]
ৰূপালীম্‌ :-  মায়াব ! আজি মই ঘৰলৈ সোনকালে যাম দেই ৷
মায়াব :- কিয় ?
ৰূপালীম্‌ :-  আমাৰ বাই আহিছে আজি ৷ বাইৰ লগত এটা অকণমান লৰা আনিছে ৷ সি কোলাত ললে কান্দে ৷ সি কান্দিলে মই তাৰ মুখত আঙুলিটো সুমাই দিওঁ ৷ হি: হি: .... মায়াব ! তাক মোৰ বৰ লবৰ মন গৈছে ৷ মই এইবাৰ আহোঁতে তাক হোৰাত ভৰাই লৈ আহিম দেই !
মায়াব :- উহুঁ, লোকৰ লৰা কি লৈ থাকিবা ? নিজৰ এটা হলহে সদায় লৈ থাকিব পাৰিবা ৷
ৰূপালীম্‌ :-  নিজৰনো কত পাবা আকৌ ?
মায়াব :- [দুষ্টালিৰে ]ত পাবা ? মোক বিয়া কৰিলেই পাবা ৷
ৰূপালীম্‌ :- [খং ভাও জুৰি মায়াবক ভুকু মাৰি ] লকৰাওঁ ৷
মায়াব :- কৰাবা, কৰাবা... মোক বিয়া কৰালে যিহে এটা নোদোকা শকত লৰা পাবা ! নোদোকা নোদোকা তাৰ হাত-ভৰি, জিলিকা জিলিকা তাৰ চকু, তেতিয়া কিমান লবৰ মন যায় লৈ থাকিবা ৷ [হাঁহে ]
ৰূপালীম্‌ :-  [­খং দেখুৱাই ] মায়াব ! তুমি মোক তেনেকৈ জোকাই থাকিলে মই হলে এতিয়াই গুচি যাম ৷
মায়াব :-  [হাঁহি ] বাৰু , বাৰু, নেলাগে যাব ৷ বাৰু, মোক বিয়া কৰাব নেলাগে ৷ মই এনেয়ে এটা লৰা আনি দিম ৷তুমি ধেমালি কৰি থাকিবা ৷
ৰূপালীম্‌ :- ত পাবা ?
মায়াব :-  আমাৰ গাঁৱত এটা আছে ৷যিহে সুন্দৰ, তুমি দেখিলে তাক এখন্তেলৈকো এৰি নিদিবা ৷
ৰূপালীম্‌ :- [উৎসুক হৈ ] সঁচানে ? সঁচানে ? পিছে তাৰ মাক-বাপেকে কেলৈ এৰি দিব ?
মায়াব :-  মই আনিহে দিব লাগে ৷
ৰূপালীম্‌ :- তেন্তে মায়াব, আনিবাচোন দেই ৷ মই তাক খুব মৰম কৰিম ৷ তাক মই সদায় লগত লৈ ফুৰাম ৷ মোৰ লগতে খুৱাম ৷ মোৰ লগতে শুৱাম ৷ তাক মই কেতিয়াও লগৰপৰা এৰি নিদিওঁ ৷
মায়াব :- ৰূপালীম্‌ ৷ লৰাটো আনিলে তুমি আৰু মোক কত বিচাৰিবা ? কত মৰম কৰিবা ? তুমি লৰাটোৰ সৈতে উমলি থাকিবা ৷
ৰূপালীম্‌ :- কেলৈ ? লৰাটো মই বুকুত সুমাই থম আৰু তাক মৰম কৰি কৰি তোমাৰে সৈতে কথা পাতি থাকিম ৷
মায়াব :- ৰূপালীম্‌... [গভীৰ প্ৰনয়ৰ ভাবেৰে চাই থাকে ৷]
ৰূপালীম্‌ :- [বৰ মৰমেৰে মায়াবলৈ চায় ] মায়াব ! এতিয়া ৰাতি হল ৷ জোন বহুতো উঠিলে ৷ মই আৰু যাওঁগৈ দেই ! নহলে বুঢ়া আপুৱে বিচাৰি আহিব ৷ মোক তোমাৰ সৈতে ইয়াত দেখিলে বৰ খং কৰিব ৷
মায়াব :- [অলপ আচৰিত হৈ ] কিয় ?
ৰূপালীম্‌ :- বুঢ়া বোপায়ে মোক তোমাৰ ওচৰলৈ আহিবলৈ হাক দিছিল ৷
মায়াব :- কিয় ?
ৰূপালীম্‌ :- বোপায়ে কৈছিল বোলে সি পেঁপা বজাই থকা লৰাই কি ছোৱালী পোহপাল দিব ?
মায়াব :- [অভিমান কৰি ঘপহকৈ উঠি ] বাৰু তেন্তে... যোৱা ৷ মই আৰু ইয়ালৈ নাহোঁ ৷ মই কৰবালৈ গুচি যাম ৷
ৰূপালীম্‌ :- [বেজাৰকৈ ] কেলৈ গুচি যাবা ? তুমি গুচি গলে মই কাৰে সতে থাকিম ?
            [হঠাৎ জুনাফা হাবিৰ মাজৰপৰা ওলাই আহে ৷]
জুনাফা :-  মোৰ লগত থাকিবি ৷
            [জুনাফাক দেখি মায়াব আচৰিত হয় কিন্তু ৰূপালীম্‌ জাপ মাৰি জুনাফাৰ ওচৰলৈ যায় ৷]
ৰূপালীম্‌ :- তুমি ইয়ালৈ কিয় আহিলা ?
জুনাফা :- তোক বিচাৰি ৷ মই তোক ওয়ালৈ আহিবলৈ হাক দিছিলোঁ নহয় ?
ৰূপালীম্‌ :-  আপু ! মায়াবই বৰ বেজাৰ পাইছে ৷ তুমি মোক তাৰ ওচৰলৈ আহিবলৈ নিদিয়া দেখি ৷
জুনাফা :- এৰা, নিদিওঁ ৷ [মায়াব] মায়াব ! ৰূপালীমক বিয়া কৰাবলৈ এনেয়ে নাপাৱ ৷ নিজে এটা বাঘ মাৰি তাৰ মূৰটো মোৰ আগত দিবি, তেতিয়াহে তাইক তোলৈ দিম ৷
মায়াব :- [এবাৰ ৰূপালীমলৈ চাই, এবাৰ হুনাফালৈ চাই ] তেন্তে সেয়ে হব জুনাফা ! মই আহিলোঁ ৷
ৰূপালীম্‌ :-   ময়ো যাম ৷ মায়াবৰ সতে ময়ো যাম ৷ বাঘ চিকাৰ কৰিম ৷
জুনাফা :- [কঠোৰভাৱে ] ওহোঁ, নোৱাৰ ৷
            [ৰূপালীমক হাতত ধৰি লৈ আহে ৷ ৰূপলীমে বিয়াকুল হৈ মায়াবলৈ চাই থাকে ৷জুনাফাই থিৰ চকুৰে মায়াবলৈ চায় ৷ মায়াবই জুনাফালৈ টানকৈ চায় ৷ তাৰ তূণৰপৰা এডাল কাঁৰ উলিয়ায় ৷]
মায়াব :- জুনাফা ! এই কাঁৰে তুমি বিচৰা বাঘৰ মূৰ নিবিন্ধে মানে আৰু কাঁৰ চুঙাত নোসোমায়হি ৷
            [মায়াব গহীন আৰু দৃঢ়প্ৰতিজ্ঞ হৈ তাৰপৰা এখোজ দুখোজকৈ ওলাই যাব ধৰে ৷ ৰূপালীমে কন্দনামুৱা হৈ এবাৰ জুনাফাৰ মুখলৈ, এবাৰ মায়াবৰ পিনে চাই যাবও খোজে আৰু জুনাফাৰ কঠোৰ চকুৰ শাসনত যাবলৈ সাহ নকৰি কান্দো কান্দো হৈ ঠুনঠুনাই উচপিচায় ৷]
ৰূপালীম্‌ :- [বলেৰে মায়াবৰ ফালে আগবাঢ়ি ] ময়ো যাম ৷ ময়ো চিকাৰলৈ যাম ৷
জুনাফা :- [কাপোৰ আজুৰি টানি আনি ] নোৱাৰ ৷ নোৱাৰ ৷
ৰূপালীম্‌ :-  আপু....
জুনাফা :- নো...ৱা...ৰ ৷

ঐক্যতান



                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]







No comments: