অনুসন্ধান আকাংক্ষাত

Sunday, March 3, 2013

নাটক – কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক - দ্বিতীয় দৰ্শন



নাটক কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]


                               দ্বিতীয় দৰ্শন


[মাজনিশা । সুদৰ্শনৰ কোঠাত সুদৰ্শন শুই আছে । বাহিৰৰ পৰা বপুৰাই দুৱাৰ ঢকিয়াই মাতে ]
বপুৰা:- হে উঠক হে দেউতা . হে ইশ্বৰ-হে উঠক
[বৰকৈ ঢকিয়াই ] হেৰেই হেৰেই সাউদৰ পুতেক দেউতা অ দেউতা ….
[সুদৰ্শন ধৰফৰাই শোৱা পাটিৰপৰা উঠি বিস্ময়মানি চাৰিওফালে চাই ]
সুদৰ্শন:- কোন-কোন ?
বপুৰা :-[অধৈয্য হৈ ] হে দেউতা আগেয়ে দুৱাৰখন মেলি দিয়কচোন .পাছেও নামটো কম ।
[সুদৰ্শন আহি দুৱাৰত কাণ পাতি কোন ? কোন ? ]
বপুৰা : - হে মোৰ গোঁসাই ! ডকাইতো নহও চোৰো নহও ।
সুদৰ্শন :- বপুৰা
[সাউতকৈ দুৱাৰখন মেলি বপুৰাই হাতেৰে চুৰিয়াখন ধৰি কঁকালত ৰাখি, পাছে পাছে কাপোৰত বাহৰ জেং এডাল চোচোৰাই সোমাই ]
বপুৰা :- মোৰ দেউতা উঠক উঠক.  বলক-বলক তেনেই সৰ্বনাশ হল ।
[জেং ডাল হাতেৰে এৰুৱাই এচাৰ মাৰে ]
সুদৰ্শন:- কি হল অ  ঠিক হ. জেঙে-জাবৰে দেখোন এনেকৈ ওলাইছহি !
বপুৰা:-  নকব আৰু মোৰ প্ৰভু যি হবলগীয়া হল । এনেকুৱাখন বুলিনো জনা হলে.... হৰি হৰি । বলক বলক ...হালৰে এতিয়া কটা-কটি মৰা-মৰি নহলেই হৈছে ।
সুদৰ্শন :- [অলপ পৰ টলকা মাৰি ] কোঁৱৰ অকলে আছেনে নে লগত কোনোবা আছে ?
[বপুৰাই সেইফালে বেবুৱা খায় ]
কি হল তোৰ দেখোন মাত-বোল হৰিল ।
বপুৰা:- হৰিবৰ ককাই । পিছে আপুনি জানেই .... পিছে কি কৰে ।
সুদৰ্শন:- পিছে ঘটনাটো হৈছে কি ?
বপুৰা:- ধেমালিনো কৰে কিয় মোৰ প্ৰভু ।
সুদৰ্শন:- তই আহোঁতে কোঁৱৰ কত ?
[এই বুলি সুদৰ্শনে মূৰত পাগ মাৰিবলৈ ধৰে আৰু বপুৰাই বলকি যায় । ]
বপুৰা:- এই অলপ আগতে কোঁৱৰে দেখোন কুঁৱৰীৰ সতে কিবা বাক-বিতণ্ডা কৰি এবাৰ কাৰঙেৰ পৰা ওলাই পোনছাটেই বুঢ়াগোহাঁইৰ টোললৈ আহি অনঙ্গ ডেকা দেউতাক জগাই আগবাৰীৰ ফুলনিলৈ মাতি আনি কিবা নানা বাক-বিতণ্ডা আৰম্ভ কৰিলে । কোঁৱৰে দেখোন কুঁৱৰীৰ কথা ঘনাই ঘনাই কোৱা শুনিলো, পিছে এতিয়া দুয়োৰে কথা কোৱা চৰি গৈছেগৈ । মই কথাৰ গঢ় ভাল দেখা নাই । [ বপুৰা সুদৰ্শনৰ ওচৰলৈ আহি ]  দেউতা ঈশ্বৰ, অনঙ্গ ডেকা দেউতাৰ কুঁৱৰীৰ সতে কিবা খেচেৰ-মেচেৰখন আছিল হব পায । ৰাম ৰাম শ্ৰী হৰি । ব্ৰহ্মা, বিষ্ণু মহেশ্বৰ, হৰ পাৰ্বতী, কামাখ্যা গোসাঁনী গণেশ গোবিন্দ হৰি হৰি । বোলে...

ধুন মৰা ধুনীয়া
তুলি মাৰে খোপা
এই হেন পুৰুষৰ
কল তলত জোপা.....
লে বাৰু কেনেকৈ হয় ?

[সুদৰ্শনৰ পাগ মৰা হয় আৰু গাত কাপোৰ লৈ ওলাবলৈ ধৰোতে ঘপহ কৰে দুৱাৰখন দুফাল কৰি সুন্দৰ আৰু অনঙ্গ সোমাই আহে । বপুৰাই একে ছাটেই জিভা কামুৰি দুৱাৰেদি পত্ৰং দিয়ে । সুদৰ্শনে তৎক্ষণাৎ অতি কিবা ঐশ্বৰিক গাম্ভীৰ্যতাৰে থিয় হৈ সাংঘাতিক তীক্ষ্ণদৃষ্টিৰে দুয়োলৈকে চাবলৈ ধৰে । সুন্দৰ আৰু অনঙ্গয়ো পলক নেপেলোৱাকৈ সুদৰ্শনলৈ চাই থাকে । ]

সুন্দৰ:- সুদৰ্শন  বিশেষ এটা কথাৰ অৱতাৰণা কৰিবলৈ তোমাক আমনি কৰিবলৈ আহিলোঁ । দিগ নাপাবা । আহাচোন বাহিৰলৈ ওলাই যাওঁ আহাঁ ।

[এইবুলি সুন্দৰে আগবাঢ়ি দুৱাৰেদি ওলায় যায়গৈ । অলপ পৰ ৰৈ সুদৰ্শন আৰু অনঙ্গ লাহে লাহে ওলাই যায় ।]



                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]





No comments: