অনুসন্ধান আকাংক্ষাত

Sunday, March 3, 2013

নাটক – কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক - তৃতীয় দৰ্শন



নাটক কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]



                                       তৃতীয় দৰ্শন


[কোটোহা বাঁহৰ জোপাৰ তলৰ গৰু বাট । ধান খেৰৰ জুমুধি এটা লৈ আঙনি কোবাই বপুৰা আহি থাকে ]
বপুৰা:- ত বাঁক যখ যখিনি নিশাৰ নিশাচৰ জলদেৱ থলদেৱ বাঁকিনী শাঁকিনী. এই হেন আচানত পৰা বপুৰাক কৃপা কৰিবা । আৰু যদি নকৰা . কিনো কৰিবা ....  ঘাৰহে মোহাৰিবা, তালৈ বপুৰাই কেৰেপ নকৰে । [ডাঙৰকৈ কেবাবাৰো গল হেকাৰি মাৰি ] হচ-হৈচ হেঃ হেঃ হেঃ | হে ৰাম প্ৰভু বাট দেখুৱাই নিবা । ভাল অৰণ্যত সোমালোহি ।
[এনেতে দূৰৰপৰা ৰাতি পহৰীয়াই সোধে বাৰী চুকে কোন যায় ]
কোন যায় কটা তোৰ চৌধ পুৰুষৰ পাছৰ তোক এৰি এপুৰুষৰ জোঁৱায়েক  এহ কৰ্তা ধেত তাই বা কিমান বুঢ়ী. হেৰ কটা নহয় তোৰ জীয়েৰ আছে যদি বাপেৰে তোৰ জোঁৱায়েৰেই যাওঁ ।
[আকৌ মাত ওচৰত কোন যায় ]
ঔ শহুৰ দেখোন ওচৰতে !  বোলো পিতাই....
[এটা চাওডাং ৰাতি পহৰীয়া আহে ]
[হঠাত ভাওজুৰি] পিতাই পিতাই... উ... পিতাই ঔ বৰ হুল এডালে বিন্ধিলে পাই ৷ ইস্ ইস্ এই শেহ নিশাও হুলবোৰৰ এনে চোক কটা ।
চন্তৰী:- শেহনিশা বপুৰা ! [আচৰতি হৈ ]
বপুৰা:- [মাটিতে বহি হুল উলিয়াই ] মোৰ কি জগৰ । ৰাতি জনীক নো মই কেনেকৈ চাঙৰ তলত বান্ধি থওঁ । হবতো শেহনিশা ..সন্ধিয়া লাগোতে জালোৱা মানুহ যদি বালি .. চৰাত নাও লগাদি কোটোহা বাঁহৰ জোঙত লাগি থাকেহি ।
চন্তৰী:- পিছে বপুৰা এনেহেন সময়ত তোক লিগিৰি টোলৰ পাছ বাৰীত দেখিবলৈ ভাল হোৱা নাই ।
বপুৰা :- [আচৰিত হৈ ] কি কি লিগিৰি টোলৰ পাছবাৰী.... ?
চন্তৰী:- নজনা ভাওনো কিয় ধৰ ?
বপুৰা:- হৰি... হৰি !
চন্তৰী:- আৰু তই কিন্তু সজে সজে....
বপুৰা:- হৰি... হৰি
[এনেতে বিজুলিবেগেৰে সুন্দৰ তাতে ওলাইহি । চন্তৰী টোৱে সেৱা জনাই দূৰত থিয় হয় । বপুৰা থৰমৰ খাই ৰয় । সুন্দৰৰ ইঙ্গিতত চন্তৰী সেৱা জনাই গুচি যায় । বপুৰাই থেৰো-ঘেহোঁকৈ ।]
আজি তিনিদিনে শুকান খৰিৰ দুখত.... দিনত সময়ো নাপাওঁ....  কোঁৱৰৰ আলপৈচান ধৰোতে ।
সুন্দৰ :- [চকু গাঁঠি থোপা কৰি] কথা নাসাজিবি, মই তোক সুদৰ্শনৰ তাত দেখিছিলোঁ....
বপুৰা-এঃ  দেখিছিলেই যদি...  এনেয়ে মিছা মাতিলো পিছে....
সুন্দৰ :-[গোঁমোঠা হৈ বাধা দি] থ এতিয়া মোৰ কথা শুন । এতিয়াই যা । মোৰ হাইতাল বোলোৱা নৈফুৰা নাওখন.... নাৱৰীয়া সতে সাজু কৰগৈ । মই আজি এতিয়াই কুঁৱৰীৰ সতে.... বালি-ভাত খাবলৈ যাম ।
[বপুৰা গিৰিপকৈ উঠে]
বপুৰা-কি কথা আছে মোৰ ঈশ্বৰ থিতাতে মই ঘাটত নাও খেৰা কৰাম ।
সুন্দৰ :-[অধৈয্য হৈ] বেলি নকৰিবি যা ! যা । এখন্তেকো নৰবি ।
বপুৰা:-নৰও মোৰ ঈশ্বৰ....  
[ বুলি একে উশাহতে লৰ মাৰি আকৌ গুলিটো অহাদি আহি]
পিছে পাচলি কুটিবলৈ শেৱালিকো.....
সুন্দৰ :-[খঙেৰে ] নালাগে.... নালাগে..... তই.... মই যিটো কৈছো তাক কৰগৈ ।
[পাছলৈ নাচাই বপুৰাই নিধাতু খাই লৰি ওলাই যায়.... সুন্দৰে বপুৰাক যোৱাগৈ দেখি লাহে লাহে সোঁফালে ওলাই যায়গৈ ।]




                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]





No comments: