নাটক – কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
চতুৰ্থ অংক
প্ৰথম
দৰ্শন
[নগা
পৰ্বতৰ নামনি । অলপ দূৰত পৰ্বতৰ গাত নগাৰ চাঙ দেখা গৈছে । চাৰিওফালে বৰ ওখ ওখ
পৰ্বতবোৰ সেইডোখৰ বেঢ়ি থৈছিল । পুৱা দোক্মোকালি বতৰ ডাৱৰীয়া, মাজে মাজে মেঘৰ গাজনি আৰু চক মকা বিজুলী দেখা গৈছিল । এনে সময়ত তিনিটা বৰ
গাঠলু চাওডাং পিঠিত একোটাকৈ বোজা লৈ আহি তাত ওলালহি । সিহঁতৰ মাজতে কন্দনামুৱা
শেৱালি, মুখখন তাইৰ তেনেই শেঁতা , ভালকৈ
খোজ কাঢ়িব পৰা নাই । চকুৰপৰা অবিৰল লো বাগৰিব লাগিছে । শুকান চুলিবোৰ বতাহত উৰি
উৰি মুখত পৰিছেহি । দেখোতে তাইক বাউলী যেন দেখা গৈছিল । চাওডাংকেইটাই ওচৰতে
টালি-টোপোলাবোৰ থয় ]
১ ম চাওডাং:- প্ৰভু
মোৰ [কঁকালত হাত দিয়ে] হৰি হৰি [শেৱালিক]
শেৱালি অ’ বহ আই বহ , এই শিলটোতে বহ । বৰ ভাগৰ লাগিছে নহয় নে
আই । ভোক লাগিছেনে ? কিবা খাবিনে ?
শেৱালি:- [কালৈকো নেচাই মূৰ জোকাৰে ]
ওঁহো [তাৰ পাছত শেৱালিয়ে গাৰ কাপোৰখন গুচাই শিল এটাত বহি
দীঘলকৈ উশাহ লয় ]
২য় চাওডাং:- বহ, বোপাইহঁত বহ,বৰ ভাগৰ ধৰিছে ।
৩য় চাওডাং:- হেৰৌ, তামোল চালি কিবা আছে যদি দেচোন ।
[২য় চাওডাঙে তামোল
উলিয়াই দুয়োটাকে দিয়ে; তাৰ পাছত শেৱালিক যাচে ]
২য় চাওডাং:- শেৱালি
অ’ আই… চালি এখন খাবিনে ?
শেৱালি:- নেখাওঁ
।
[আটাইকেইটা
চাওডাঙে চাৰিওফালে চকু ফুৰাই চাই কিছুপৰ মনে মনে থাকে]
১ম চাওডাং:- পিছে
আই শেৱালি, আমাৰ কথা হ’লে
এয়েই । দেখিছই নহয়, আমাৰ ৰাজামাও দেউতাই তোক কোনোবা
ৰাজ্যত এৰি থৈ আহিবলৈ কৈছে আৰু তয়ো যদি আমাৰ পিছতে নগৰ ওলাৱগৈ আমাৰ থিতাতে মৰণ ।
তয়ে যেন কেতিয়াও আৰু দেশত মুখ নেদেখুৱাই আমাৰ জীৱ দান দিয় । ভৈয়ামলৈ তই উভতি গ’লে
আৰু আমাৰ মূৰ গাৰিত নাথাকে । ইয়াকহে ক’লো আই ।
তয়ো আৰু কথাষাৰ বুজিবি বুলি তোৰে আৰু প্ৰভু ভগৱন্তৰ ওপৰত ভৰষা কৰি ইয়াতে এৰি থৈ
যাম । নগাহঁত বৰ ভাল মানুহ । সিহঁতৰ সৈতে মিতিৰালিকৈ থাকিবি নহ’লে
আৰু আন উপায় নাই ।
২য় চাওডাং:- এৰা
শেৱালি,তোৰ মুখলৈ আমি যেনেকৈ চালো তয়ো যেন আমাৰ মুখলৈ চাৱ আই ।
শেৱালি:- [কিছুপৰ
মনে মনে থাকি] চাওডাং ককাইহঁত, তোমালোকে এচুলিমানো ভয় নকৰিবাহঁক । ইয়াতে আও মৰণৰে মৰিবলৈ হ’লেও
মই আৰু ভৈয়ামত মুখ নেদেখুৱাওঁ । সেইটো সইতে জানিবা । ভৈয়ামত নো কাৰ মুখ চাবলৈ যাম আৰু । [কান্দে]
১ম চাওডাং:- নেকান্দিবি
আই নেকান্দিবি । হৰি নাম লৈ থাকিবি আই । প্ৰভু ভগৱন্তই যদি তোক মৰণৰপৰা সৰুৱাইছেই তেৱেঁই তোক সকলো
বিঘিনিৰপৰা ৰাখিব আই । যিমান দিনলৈ পৃথিৱীত চাউল কঠা বিধতাই দিছে তাৰপৰা তোক কোনে
বঞ্চিত কৰিব আই !
শেৱালি:- [কান্দি] মোকনো কিয় মাৰি নেপেলোৱা । এইদৰে
জীয়াই যমৰ যন্ত্ৰণা সহাতকৈ আই… অ’ । মইনো এই নিৰ্জন বনত কেনেকৈ অকলে অকলে থাকিম । আই…অ’ [কান্দে] চাওডাং ককাইহঁত ,মোকনো ইয়াত কেনেকৈ অকলৈ অকলৈ এৰি থৈ
যাবাগৈ ? মোৰ কপাল অ’ [কান্দে]
[শেৱালিৰ এনে অৱস্থা
দেখি চাওডাং কেইটাৰ মন বৰ বিমৰিষ হয় । আটাই কেইটাই শেৱালিলৈ বৰ কৰুণভাৱে চাই থাকে
। আৰু অলপ পৰৰ পাছত তিনিওটাৰ চকুৰে পানী ওলায় । সিহঁতে সাউত কৰে মচি আনফালে চকু
ঘূৰায় ।
১ম চাওডাং:- [শেৱালিৰ
ওচৰলৈ গৈ গালত হাত ফুৰায়] আই… অ’ কান্দিলে কি হ’বনো
এতিয়া । আমিনো কি কৰিম আই । বিধতাৰ নিবন্ধন কোনেনো খন্দাব । যা আই উঠ, সেই জুৰিৰ
পানীৰে মুখ ধুই কোমল চাউল কেইটামানকে খা । যা…যা…
আই উঠ ।
[এই বুলি শেৱালিক
হাতত ধৰি জুৰিৰ ফালে পঠাই দিয়ে । শেৱালিয়েও ফেকুৰি ফেকুৰি যায়গৈ ।]
১ম চাওডাং:- [আন
দুটাক] বল ককাইহঁত এতিয়াই আমি যাওঁগৈ । তেহে বেলি পৰে
মানে গাঁওখন পামগৈ । তাইৰ মুখখন দেখিলে আকৌ শোক লাগিব । ভালক বুলিয়েই তাইক এৰি গলো,তাই যদি পিছে আমাৰ বধৰ ভাগী হয় সেইটো তাইৰ ধৰ্মই জানে । বল,বল ককাইহঁত, তাই আহি পাইহিহে লাগে ।
[এই বুলি তিনিওটা
চাওডাঙে ততাতৈয়াকৈ উঠি টালি-টোপোলা লৈ তাৰপৰা বেগাই গুচি যায়গৈ । অলপ পৰৰ পাছত
শেৱালি তালৈ আহি চাৰিওফালে আকুল হৈ চাবলৈ ধৰে । ৰিহাৰ আঁচলেৰে সোপা কৰি মুখত দি
কান্দে আৰু সোপাটো মুখেৰে কামুৰিবলৈ ধৰে । তাৰ পাছত এবাৰ ইফালে-সিফালে লৰি গৈ কাকো
নেদেখি আতুৰত পৰাৰ দৰে নিধাতু খাই কান্দি কান্দি চিঞৰি চিঞৰি “চাওডাং
ককাইহঁত” বুলি চাৰিওফালে পাগলীৰ দৰে লৰি
ফুৰিবলৈ ধৰে । (এবাৰ লৰি ৰঙ্গমথৰপৰা ওলাই যায়গৈ ।) দূৰত কান্দোন আৰু চাওডাংক মতা
শুনা যায় । এইদৰে মাজে মাজে শেৱালিৰ কান্দোন আৰু চিঞৰ শুনা যায় । দুই মিনিটমান
পাছত শেৱালি আকৌ ৰঙ্গমঞ্চত সোমাই বাউলীৰ দৰে “মোক
ক’ত এৰি থৈ গলাগৈ “বুলি
ভয়ত উচপ খোৱাৰ দৰে হৈ কান্দিবলৈ ধৰে । পাছত উদ্ধাৰৰ একো আশা নেদেখি মাটিত ধাঁচ কৰে
পৰি কান্দি থাকে । তাৰ পাছত উঠি বহি হঠাৎ শান্ত হয় ; যেন কিবা এটা শক্তিয়ে তাইক গহীন কৰি পেলালেহি ।]
শেৱালি:- ইয়াকে
বোলে কপালৰ লিখন । ক’ৰ শেৱালি ক’ত
আছিলো,
ক’লৈ আহিলো ।
[কান্দে , কান্দোন এৰি অলপ পৰ মৌন হৈ থাকে ]
ভাবিনো হ’ব
কি নেভাবিলেনো
[কিছুপৰ মনে মনে
জলকা লাগি থৰ হয়, তাৰ পাছত ৰাগি লগা মানুহৰ দৰে]
আই অ’ কোঁৱৰৰ মুখখন মাজে মাজে মনত পৰি বুকুখন কেনেকৈ চিৰিংকৈ গৈছে । কোঁৱৰলৈ মোৰ
ইমান মৰম কিয় ? তুমি নুবুজা নহয় মোৰ তোমালৈ কিমান মৰম মোৰ
বুকুৱে নধৰে, মোৰ মনেও ভাবি ভাবি শেষ কৰিবলৈ ভাগৰে । কিমান
মৰম ! সূৰযৰ পোহৰবোৰ যেনেকৈ পৃথিৱীলৈ বিয়াকুল হৈ আহি আই বসুমতিক সাবটি ধৰি আছে… মোৰো মৰমবোৰ তোমালৈ সেইদৰে গৈ তোমাক আগুৰি আছেগৈ । তোমাৰ সোণবৰণীয়া মুখত
মোৰ মৰমবোৰ জিলমিলাই আছে । মই দেখিছো তোমাৰ কেঁকোৰা চুলিৰ চামে চামে মোৰ মৰমবোৰ
লুকাভাকু খেলিছে । তোমাৰ ডিঙিৰ মুকুতামণি কেইটিত কোনে ৰহণ সানিলে । তুমি মোলৈ নীলা
আকাশৰ পূৰ্ণিমাৰ জোন,তোমাক মই নাপাওঁ । কিন্তু তোমাৰ মৰমৰ
জোনাকত মোক জুৰ ল’বলৈকো নিদিবানে ? বৰ মৰম… তোমালৈ মোৰ বৰ মৰম । সৌৱা, সৌৱা আকাশত নীলা… নীলা নীলাবোৰ
যিমান দূৰলৈ গৈ গৈ আছে সিমান... সিমান সিমান !
[কিছুপৰ স্তব্ধ হৈ
থাকি]
ক’তা
ক’তা মোৰ দেখোন ভয় নলগা হ’ল ? কি হ’ব মৰিলেনো ? ক’তা মৰিবলৈ দেখোন ভয় নালাগে ? খাওক খাওক, মোক
বাঘে খায় সাপে খায় খাওক । মৰিম , মৰিম… মৰিলেই শান্তি পাম ।
[শেৱালিয়ে আকাশলৈ
চাবলৈ ধৰে । কিছুমান ক’লা
ডাৱৰে আকাশ ঢাকি ধৰেহি । শেৱালি ৰৈ আকাশলৈ চাই বুকুৰ মাজত হাত দুটা সুমাই স্তব্ধ ।
তাৰ পাছত নিজৰ মনতে গাই যায় ।]
গীত :-
বাৰিষাৰে ঘন ঘোৰ
বজালি প্ৰাণত
মোৰ
কিনো
উদাসীন সুৰ ?
পবন অ’ উৰুৱাই তাক...
নিবিনো কত দূৰ
?
শূইন জীৱন অ’ মোৰ
উটি যাৱ কোনো
ফালে
কোন আকুলতে পাবি কূল ?
আকাশ পৱন জোৰা
একেখনি
ছবি অ’
কৰি থবি মোৰ এই
জীৱনকে
বিয়াকূল ।
[এনেতে “এইজনী
কোন অ” !!! বুলি তিনিজনী নাগিনী ছোৱালী ৰুণক, জুনুক আৰু ঠুনুক
সেই ঠাইডোখৰলৈ আহি তভক মাৰি ৰয়, আৰু ভয় খোৱা যেন কৰে । তাৰ
পাছত আগতকৈ লাহেকৈ ৰুণুকে কয়, “এইজনী কোন
অ’ ?” তিনিওজনীয়ে মুখলৈ
চোৱা-চুই কৰি আৰু লাহেকৈ জুনুকে কয়, “এইজনী কোন
অ’ ?” তাৰ পাছত মুখত আঙুলি
দি ঠুনুকে আন দুজনীৰ চকুলৈ চোৱা-চুই কৰি তাতোকৈ লাহেকৈ কয়, “এইজনী
কোন অ’?”
শেৱালি:- [সিহঁতৰ
ফালে চাই অলপ হাঁহা যেন কৰি]
এইকেইজনী নো কোন ?
[প্ৰত্যেকজনীয়ে
ইজনীৰ মুখলৈ সিজনীয়ে চাই নিজৰ গালৈ আঙুলিয়াই ]
১ম জনী:- মই
ৰুণুক।
২য় জনী :– মই
জুনুক ।
৩য় জনী:- মই
ঠুনুক ।
[এই বুলি তাহাঁতে
খিলখিলকৈ হাঁহি দিয়ে ]
ৰুণুক:- ভৈয়ামৰ
ছোৱালী তই ভয় খাইছনেকি ?
শেৱালি:- নাই
খোৱা কেলেই খাম ? তহঁতে মোক দেখি ভয় খোৱা নাই দেখোন !
মই দেও বুলি জনা নাই হ’বলা ?
[আকৌ আটাইকেইজনীয়ে
খিল-খিলকৈ হাঁহি দিয়ে ]
ৰুণুক:- ইহ্
! আমি হ’বলা
নেজানো তই কেলেই দেও হবি অ’ ? তই ভৈয়ামৰ ছোৱালীজনীহে তেও । আমি তোক
দূৰৰেপৰা সেই ভৈয়ামৰ মানুহৰ সতে অহা চাই আছিলোঁহে তেও । সিহঁতে তোক
ইয়াত এৰি থৈ গ’লগৈ নেকি ?
[এইবুলি ক’লত
শেৱালিয়ে উচুপি উচুপি কান্দে ]
ৰুণুক:- কিয় কান্দিছ, নেকান্দিবি । তোকনো সিহঁতে কিয় এৰি গ’ল’ ?
শেৱালি:- মোক ঘৰৰ পৰা খেদাই দিছে । [আকৌ কান্দে]
ৰুণুক:- নেকান্দিবি
অ’ । দিয়ক বাৰু সিহঁতে খেদাই , তই আমাৰ লগত
থাকিবি । আমাৰ বাই-ভনীৰ দৰে থাকিবি । আমি তোক বৰ মৰম কৰিম । আমাৰ লগত থাকিবলৈ অলপো
দুখ নেপাৱ । আমাৰ আই বোপায়ে তোক মৰম কৰিব । তোৰ কোনো নাই নেকি অ’ ?
শেৱালি:- ওঁহো
।
ৰুণুক:- আই
ঐ দেহি ?
পিছে তই আমাৰ লগত থাকিবিনে ?
শেৱালি:- নেথাকি
আৰু ক’লৈ যাম ?
ৰুণুক,জুণুক,ঠুনুক:- [নাচি
জঁপিয়াই] বৰ ভাল হ’ব, আমি এতিয়া চাৰিজনী হলো ।
[আটাইকেইজনীয়ে
শেৱালিক সাৱটি ধৰি চুমা খাই]
ৰুণুক:- পিছে
আমি তোক কি বুলি মাতিম ? ওঁ?
শেৱালি:- ওঁ....
মোৰ.... নাম...ৰ.... কওঁ....বাৰু....
ৰুণুক:- ওঁ... ওঁ... মই কওঁ... মই
কওঁ... মই কওঁ... দেই । তই হৈছ ভৈয়ামৰ মইনা পখী । মই...না ! অ, মই..না, ম..ইনা ৷ ঠিক ঠিক ঠিক হ’ব । পিছে
মইনা ,গীত এটা নোগোৱানে ? আমি তেও তোমাৰ গীত শুনিলোহে ।
শেৱালি:- [হাঁহি] মোৰ যদি শুনিছিলি তহঁতে এটা মোক গাই নুশুনাৱ কিয় ? মই
যদি ভৈয়ামৰ পোহনীয়া মইনা তহঁত বনৰ বনৰীয়া
মইনা । গাচোন তহঁতৰ এটা বনৰীয়া গীত ।
[আটাইকেইজনীয়ে খিল-খিলকৈ হাঁহি.. “আমি
বোলে বনৰীয়া মইনা “ ।]
ৰুণুক:- বাৰু
বাৰু,
গাওঁ শুন ।
ৰুণুক জুনুক ঠুনুকে গায়:-
বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো
অনাই বনাই
অনাই বনাই আমি
অনাই বনাই আমি
অনাই
বনাই অ’ অনাই
বনাই ৷
উ-উ-উ-উ.... উ-উ, উ-উ-উ ।
ভৈয়ামৰ মইনা তই পোহনীয়া পখী
বনৰীয়া
মইনাৰে পতালিহি সখী
ঘৰৰ কথা আমি বনতে পাতি
বনৰ কথা আমি
ঘৰতে পাতি
পৰ্ব্বতৰে
বননি ফুৰিম বগাই
অনাই
বনাই অ’
অনাই
বনাই ।
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment