নাটক – কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
পঞ্চম অঙ্ক
প্ৰথম
দৰ্শন
[এটা
ওখ টিলাৰ ওপৰত এখন অকলশৰীয়া নগা চাং । ওখ ওখ গছে ঠাই ডোখৰ ছাটি থৈছিল । বহুত
দূৰণিৰ নামনিৰ দৃশ্য দেখা গৈছিল । আকাশত জোনটো ওলাই পোহৰ দি আছিল । ঠাইডোখৰ নিজান
নিস্তব্ধ । নগাচাঙৰপৰা অলপ ওপৰৰ নামনিৰ
দৃশ্য চাই শেৱালি বননিত বহি আছিল । ওচৰত কেও নাছিল । শেৱালিয়ে নামনিৰ
দৃশ্যৰ ফালে আৰু জোনটোৰ পোহৰ একেথৰে চাই থাকি মনতে হাঁহা যেন কৰে আৰু গুণ্গুণ্
কৈ গায় ।]
গীত
যাউতিযুগীয়া
ধনে মোৰ অ’
।
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত পালে পোৱা অ’ প্ৰাণৰ ধনে
যাউতিযুগীয়া
ধনে মোৰ অ’
।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
যাউতিযুগীয়া
ধনে মোৰ অ’
।
ভাবত অগণনে হুমুনিয়া
অময়া সৌন্দৰ্য জীৱন ওপচোৱা
থবলৈকে ঠায়ে নোজোৰে অ’
যাউতিযুগীয়া
ধনে মোৰ অ’
।
সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ’
যাউতিযুগীয়া
ধনে মোৰ অ’
।
বুজা-নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ’ ।
যাউতিযুগীয়া
ধনে মোৰ অ’
।
[ৰুণুক নিধাতু খাই
লৰি আহে]
ৰুণুক:- দেখিছ
দেখিছ বাৰু, এতিয়া তয়ো মৰিবি আমাকো মাৰিবি ।
শেৱালি:- [অতি নিৰ্বিকাৰভাৱে ] কিনো হ’ল ?
ৰুণুক:- তই
এনেকৈ ডাঙৰ ডাঙৰকৈ গীত গাইছিলি কেলেই ? শুনিলে তই ক’ত
আছ জানিব নহয় ।
শেৱালি:- জানক
দে ৰুণুক,
মই আৰু জীয়াই থাকিব নোখোজো । শুনক, শুনি মোক
ধৰি নি কাটি পেলাওকগৈ ।
ৰুণুক:- ইহ্
! কোনে কাটি পেলাবগৈ । এই, তই আমাৰ মিতাক চিনি নেপাৱ নহয় । সিও ভৈয়ামৰে
মানুহ । বৰ ভাল মানুহ । তোক চাবলৈ আহিছে… উ মিতা, আহ আহ ।
[অনঙ্গ সোমাই আহে
। শেৱালিৰ ফালে চাই শেৱালিক চিনিব নোৱাৰি থৰ লাগি চাই থাকে । কিছুপৰৰ পাছত অনঙ্গই
চিনি পায় । ]
অনঙ্গ:- তই
শেৱালি নহৱনে ?
শেৱালি:- [অনঙ্গৰ মাত শুনি ভালকৈ চিনি পায় ] হয় মোৰ ডেকা দেউতা ।
[আঁঠু লৈ
হুক্-হুক্ কৰে কান্দিবলৈ ধৰে ]
অনঙ্গ:- তই
ইয়ালৈ কেনেকৈ আহিলি ?
শেৱালি:- মোৰনো
কথা কি কম ? [কান্দে]
অনঙ্গ:- কি
হ’ল কথাবোৰ কচোন ।
শেৱালি:- ৰাজমাও
দেউতাই মোক চাওডাঙৰ হাতত কাটিবলৈ পঠিয়াই দিছিল । [মনে মনে
থাকে ]
অনঙ্গ:- পিছে…
শেৱালি:- পিছে
সিহঁতে ইয়াতে এৰি থৈ গ’ল ।
অনঙ্গ:- অ’ সেই কাৰণে আকৌ তোক ৰজাৰ মানুহে বিচাৰি আহিছে । তোক কিয় এনেকৈ পঠাই দিলে ?
[অনঙ্গ কিছুপৰ মনে
মনে থাকে ]
কিয় ?
[শেৱালিয়ে নেমাতে ]
কচোন ?
[শেৱালিয়ে নেমাতে ]
শেৱালি:- আপোনাৰ
সতে কুঁৱৰীক পঠাই দিয়া আৰু কুঁৱৰীয়ে বিহ চেলেকি মৰাৰ পাছৰপৰা…
[নীৰৱ হয় ।]
অনঙ্গ:- কি
হ’ল ?
শেৱালি:- কাৰেঙৰ
আটাইবোৰ মানুহে মোৰ কোঁৱৰৰ নানা কথা উলিয়ালে, তাতে ৰাজমাৱৰ…
অনঙ্গ:- [শেৱালিৰ মনৰ ভাৱ আৰু অভিব্যক্তি ভালকৈ নিৰক্ষণ কৰি] কচোন শেৱালি সঁচা কথা, ঈশ্বৰক সাক্ষীকৈ… সেইবোৰ সঁচানে ?
শেৱালি:- [একে উশাহে অনঙ্গৰ চকুৱে চকুৱে চাই] তেনেই মিছা ।
অনঙ্গ:- [তাইৰ মুখৰ ভাৱ আৰু কথাৰ গঢ় দেখি তাইক সম্পূৰ্ণ বিশ্বাস কৰি] তেন্তে সুন্দৰে একো হকা-বধা কৰা নাইনে ? তোক এনেকৈ
পঠোৱা সুন্দৰে নাজানেনে ?
শেৱালি:- মই
ক’ব নোৱাৰো ।
অনঙ্গ:- অলপ
আগতে গীত তয়ে গাইছিলিনে ?
শেৱালি:- [নেমাতে]
অনঙ্গ:- সুন্দৰলৈ
তোৰ বৰ মৰম নেকি ?
[শেৱালিয়ে উচুপি
উচুপি কান্দিবলৈ ধৰে , এনেতে হুৰমূৰ কৰি হাতত আঁৰিয়া লৈ
কিছুমান চাওডাং আহি তাত ওলাই আটাইবোৰকে বেঢ়ি ধৰে “এইজনী
শেৱালি শেৱালি” বুলি
চিঞৰিবলৈ ধৰে । ৰুণুক,জুনুক,ঠুনুকহঁতে
ভয়তে চিঞৰিবলৈ ধৰে । অনঙ্গই কঁকালত টঙালি বান্ধি তৰোৱাল খাপৰ পৰা উলিয়াই তৰোৱাল
দাঙে ৷ ]
[বজ্ৰগম্ভীৰ
মাতেৰে] তহঁতক কি লাগে ।
১ম চাওডাং:- শেৱালি
লিগিৰীক ।
অনঙ্গ:- সজে
সজে উভতি যা ।
১ ম চাওডাং:- শেৱালি
লিগিৰীক আমি লৈ যাম, আমাৰ স্বৰ্গদেৱৰ আদেশ । এনেয়ে নিদিলে
আমি বলেৰে নিম ।
অনঙ্গ:- তেন্তে
[বুলি কঁকালৰ শিঙা এটা বজায়, দূৰত কিৰীলি শুনা যায়
]
১ ম চাওডাং:- ধৰ
ককাইহঁত ,
তাইক ল ।
[চাওডাং আৰু
অনঙ্গৰ ভিতৰত যুঁজ আৰম্ভ হয় । গোটেইখন হুৱাদুৱা লাগে । কিছুমান নগাই যাঠি-জোং লৈ
তাত যোগ দিয়েহি । এই গোলমালৰ ভিতৰৰপৰা ৰুণুক,জুনুক,ঠুনুক আৰু শেৱালি আঁতৰি দূৰলৈ যায়গৈ । কেইবাটাও চাওডাং ঘাইল হয় । এনেতে সৰহ কৈ
কিছুমান চাওডাঙৰ সতে এজন ৰাজবিষয়া,মূৰত পাগমৰা আৰু
মুখখন চকু-নাকৰ বাহিৰে আন ঢাকি, হাতত তৰোৱালেৰে ওলায়হি ।]
ৰাজবিষয়া:- কোনে
ৰজাৰ মানুহত কৰ্তব্যত বাধা দিছে ?
অনঙ্গ:- [আগাবাঢ়ি ] মই দিছো । কৰ্তব্যত নহয়, অন্যায়ত
বাধা দিছো আৰু শেষলৈকো দিম ।
ৰাজবিষয়া:- কোন, কোন তুমি ?
অনঙ্গ:- যেয়ে
নহ’লো । এই ৰাজ্য তোমাৰ ৰাজ্য নহয় । ইয়াৰ ওপৰত তোমাৰ
অধিকাৰ নাই । ভৈয়ামৰ অন্যায়-অধৰম পৰ্ব্বতলৈ নুতুলিবা । য’ৰ
মানুহ ত’লৈ উভতি যোৱাগৈ ।
ৰাজবিষয়া:- [মুখৰ কাপোৰ গুচায়] নহয় বন্ধু অনঙ্গৰাম,অন্যায় অনা নাই,ন্যায় লগত লৈ আনিছো ।
অনঙ্গ:- [বৰ আচৰিত হৈ] অ’ সুন্দৰ আকৌ কি নব-অভিযান ? নবসংস্কাৰেৰে অনুপ্ৰাণিত
হৈ আজি এই বনৰীয়া জীৱনত ধূমকেতুৰ দৰে পৰি কিহৰ উপদ্ৰৱ সৃষ্টি কৰিবলৈ আহিছা ?
ইয়াত তো সত্যতা নাই, শাস্ত্ৰৰ বিধান নাই, ৰীতি নাই, নীতি নাই । ইয়াত কি ভাঙিবলৈ আহিলা ?
এই নিৰীহ অজলা প্ৰাণীবোৰৰ অস্থিপঞ্জৰ ? এই
প্ৰকৃতিৰ কোলাত বিৰল সুখত উমলি থকা প্ৰাণীবোৰৰ শান্তি !
সুন্দৰ:- ক্ষমা কৰিবা বন্ধু ! শান্তি
ভাঙিবলৈ অহা নাই, শান্তি বিচাৰি আহিছো ।
অনঙ্গ:- কিন্তু শান্তি নেভাঙিলে যে
শান্তি নোপোৱা । বাৰু কেলৈ আহিলা, শেৱালিৰ নিৰ্বাসন ৰহিত কৰিবলৈ,
নহয়নে ?
সুন্দৰ:- অকল নিৰ্বাসন ৰহিত কৰিবলৈ
অহা নাই ।
অনঙ্গ:- তেন্তে ।
সুন্দৰ:- মোৰ কুঁৱৰী কৰিবলৈ ।
অনঙ্গ:- [ডাঙৰকৈ হাঁহিবলৈ ধৰে –গোটেই
পৰ্ব্বত জনজনাই যায়] হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ ... তেন্তে লৈ
যোৱা,
লৈ যোৱা , শেৱালিক লৈ যোৱা । হাঃ হাঃ হাঃ... আহা আহা, আজি মোৰ অতিথি
হোৱাহি । কাইলৈ শেৱালিক লৈ যাবা । আহা আহা ।
সুন্দৰ:- ইমান হাঁহি কিয় বন্ধু ?
অনঙ্গ:- বহুত দিন হাঁহিব পৰা নাই ।
আজি প্ৰাণ খুলি হাঁহিবলৈ অৱকাশ পাইছো । আহা আহা, আহা বন্ধু ,আজি নিৰ্ব্বাসিতৰ আলহি হোৱাহি ।
[সুন্দৰক বাহুত
ধৰি লৈ যায় আৰু আন আন চাওডাং আটাইবোৰ তাৰ পৰা ওলাই যায়গৈ । ৰুণুক, জুনুক, ঠুনুকে বেঢ়ি লৈ শেৱালিক সাবটি ধৰি
এখোজ-দুখোজকৈ আঁতৰি থকা ঠাইৰ পৰা আহে ।]
ৰুণুক:- তেন্তে
মইনা তোক কাইলৈ লৈ যাবগৈ । তই কুঁৱৰী হবিগৈ ?
শেৱালি:- [আনমনা হৈ ] মই কুঁৱৰী নহওঁ, তহঁতৰ
লগতে থাকিম ।
ৰুণুক:- কেলৈ
কুঁৱৰী নহবি ? কুঁৱৰী হ’বলৈ
পালে… ইমান… ৰজাৰ ল’ৰালৈ তোৰ জানো মৰম নাই ।
শেৱালি:- [হাঁহি] ওঁ ওঁ [মূৰ
জোঁকাৰে] সেই… সেই কাৰণেই বুজিছ ৰুণুক মই কুঁৱৰী
নহওঁ ।
ৰুণুক:- ইহ্
! বৰ আচৰিত কথা দেখোন । মৰম আছে যদি হ’বহে লাগে ।
শেৱালি:- ৰজাৰ
ল’ৰাই মোক কুঁৱৰী পাতিলে ৰজাৰ ডাঙৰীয়া সকলে কোঁৱৰক ৰজা
ভাঙিব । আৰু মৰোৱাই পেলাব পাৰে, বুজিছ ।
ৰুণুক:- [চকু টেলেকাকৈ চাই থাকে] হয়নেকি ?
শেৱালি:- ওঁ
।
ৰুণুক:- তেন্তে
তই ইয়াতে থাকিবি । ৰজাৰ ল’ৰাকো কাটিব, তোকো কাটিব গলে । নালাগে যাব , নালাগে যাব ।
শেৱালি:- নেযাওঁ
বাৰু,
বল এতিয়া ৰাতি হ’ল ।
[দূৰৰ পৰা ৰূণকৰ
মাকে মতা শুনা যায়]
[ৰুণুক..উ..উ..উ]
ৰুণুক:- উ..উ…উ ।
[আটাইকেইজনী ওলাই
যায়]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment