নাটক – কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
তৃতীয়
দৰ্শন
[আগ নিশা ।
বুঢ়াগোহাঁইৰ টোল ।বুঢ়াগোহাঁইৰ একেজনী জীয়েক কাঞ্চনমতী আইদেউৰ তাঁত-সূতা বোৱা
পাছফালৰ ঘৰ এটাৰ এটা খোঁটালি । কোঠাটোৰ সোঁফালে এখন জাপ-দুৱাৰ । মাজৰ বেৰৰ সোঁ
মাজেদি দীঘে-পথালিয়ে দুহাত জালিকটা । তাৰ ওপৰত হেঙুল-হাইতাল বোলোৱা দাঙি থোৱা জাপ
। কোঠাটোৰ বাঁও চুকত বেৰৰ দাঁতিত দলিচা এখন পাৰি কাঞ্চনমতীয়ে যঁতৰ এটাত মহুৰা
ফুৰাই আছে । বয়স ওঠৰ-ঊনৈশ । ভকভকীয়া বগা আৰু দেখিবলৈ অতিকৈ শুৱনি । গাত গোসাঁনীৰ
গাম্ভীৰ্য । চকু পদুমৰ পাহি যেন । তেওঁৰ গাত পদ্মিনী তিৰোতাৰ সকলো লক্ষণ বৰ্তমান ।
তেওঁৰ ওচৰতে বেৰত কিছুমান মুগাসূতা আৰু কপাহৰ সূতাৰ উঘা আঁউজাই থোৱা আছে ।
চেৰেকী-লেটাই ইত্যাদি কিছুমানো তাত দেখা গৈছে । এটা ৰূপৰ গছাত তিনি গছি শলিতা
লগোৱা আছে । ওচৰতে হেঙুল-হাইতাল বোলোৱা ঠগিত এখন পুথি । আগত তামোল-পাণৰ বঁটা । খোঁটালিৰ
ওপৰত এখন বগা তৰাফুলিয়া ৰঙা চান্দোৱা তৰা আছে । খোঁটালিৰ বেৰবোৰ পৰ্বতীয়া
ঢেঁকীয়াৰ, পিতলৰ চকচকীয়া কামিৰে বন্ধা । বেৰৰ
মুঠাবোৰ হাইতালেৰে বোলোৱা আৰু চিত্ৰ-বিচিত্ৰ কৰা । কাঞ্চনমতীয়ে তললৈ মূৰ কৰি
একান্ত মনেৰে মহুৰা ফুৰাই আছে । এনেতে সোঁফালৰ দুৱাৰখন লাহেকৈ মুকলি কৰি
আদ-বয়সীয়া তিৰোতা এজনী সোমাই আহে । তাই কোঠাটোৰ চাৰিওফালে চাই চোৰৰ দৰে আহি
কাঞ্চনমতীৰ কিছু ওচৰ পায়হি । কাঞ্চনমতীয়ে মূৰ দাঙি চাই আকৌ মহুৱা ফুৰোৱাত মনযোগ
দিয়ে । মানুহজনীয়ে আহি কুঁৱৰীৰ বাওফালে অলপ দূৰত মাটিত লেপেটা কাঢি বহেহি ।
কাঞ্চনমতীয়ে মূৰ দাঙি প্ৰশ্নসূচক দৃষ্টিৰে মানুহজনীৰ ফালে চায় । তাই কিবা এটা ক’ব
খুজি কোঠাটোৰ চালেবেৰে এবাৰ টকু ফুৰাই হোঁহোকা মাৰি কাঞ্চনৰ ওচৰ চাপি আহি সৰুকৈ। ]
মানুহজনী:- আইদেউ, অনঙ্গ বোপা দেউতাই আপোনাক এবাৰ নিৰলে লগ পাব খোজে ।
কাঞ্চনমতী:- [বৰ
আচৰিত হৈ ] কিয় ? কিয় ? ইমান নিশা ?
মানুহজনী:- জানো বোলে
বৰ জৰুলি কথা আছে ।
কাঞ্চনমতী:- বাই.. [বুলি
অলপ পৰ তলকা মাৰি থাকে] বাই মই এনে নিশা লগ দিব নোৱাৰো বুলি কোৱাগৈ ।
মানুহজনী:- পাবই লাগে
বুলি কৈছে আকৌ ।
কাঞ্চনমতী:- নহয় যোৱা [দীঘলকৈ
হুমুনিয়াহ পেলাই] লগ পালেনো হ’ব কি ? নহয় বাই , যোৱা কোৱাগৈ বোলে লগ নাপায় । ভাইগে সাজি দিয়া ঘৰটোৰ বৰখুঁটা মানুহে
লৰাবলৈ টান । সি কষ্ট বঢায়, খুঁটা উভাল নাখায় ।
মানুহজনী:- পিছে আইদেউ
তেখেতে মনত বৰ বেজাৰ পাব নহয় ।
কাঞ্চনমতী:- মুনিহ
মানুহ বেজাই সহিব পাৰিব লাগে ।
[ মানুহজনীয়ে কাঞ্চনমতীক
অলৰ-অচৰ দেখি আৰু আমনি নকৰি যাবলৈ থিয় হয় ]
মানুহজনী:- লগ তেনে
দিব নোৱাৰিব আৰু ?
[কাঞ্চনে অসন্মতিসূচক মূৰ
জোকাৰি মহুৰা ফুৰাবলৈ ধৰে । মহুৰাটোলৈ একেথৰে চাই, যন্ত্ৰই চলোৱাদি যঁতৰ চলায় । কাঞ্চনমতীয়ে তন্ময় হৈ মহুৰা ফুৰাই থাকোতেই
অনঙ্গৰাম বৰ উদ্বিগ্ন হৈ নিঃশব্দে দুৱাৰখন লাহে লাহে মেলি হাতত সাৰে ভৰিত সাৰে
সোমাই আহি থিয় হয় । তেওঁক বৰ উত্তেজিত দেখা গৈছিল । ]
অনঙ্গৰাম:- [গহীনকৈ
সৰু মাতেৰে] কাঞ্চন.... তুমি.... [কাঞ্চনমতীয়ে উচপ খাই উঠে... যঁতৰৰপৰা
হাত এৰাই ...বৰ
সন্ত্ৰষ্ট হৈ অনঙ্গৰ ফালে হতভিম্ব হৈ চাই থাকে ] মোক লগ পাব নোখোজা । কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক
হৈছে । এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা ।
কাঞ্চনমতী:- [কঁপা
মাতেৰে ] আপুনি কি কৰিব খুজিছে ? এনেকৈ এনে সময়ত মানুহে মোক ব্যভিচাৰিণী বুলিব ।
অনঙ্গৰাম:- [শিলকঠুৱা
হৈ] মানুহে একো মিছা কথা নকব ।
কাঞ্চনমতী:- তাৰ অৰ্থ ?
অনঙ্গ:- ফটফটীয়া ।
কাঞ্চনমতী:- আপোনাৰ
মনতো ।
অনঙ্গ:- নিঃসন্দেহে ।
কাঞ্চনমতী:- ব্যভিচাৰিণীৰে
সতে আপোনাৰ প্ৰয়োজন বা কি ?
অনঙ্গ:- আছে ।
কাঞ্চনমতী:- কি ?
অনঙ্গ:- তাকে তোমাক হ’বলৈ
নিদিয়া ।
কাঞ্চনমতী:- সিতো অতি
সহজ ।
অনঙ্গ:- অতি সহজ ?
কাঞ্চনমতী:- এৰা
আপুনিয়েই বুলিছে...আপুনি নহয় বুলিলেই নহ’লো ।
অনঙ্গ:- বাক্যৰ চাতুৰি নেখেলিবা ।
তাৰ সময় নহয় । তোমাক মই বুজি পালো । কাঞ্চনমতী,তুমি মোৰ
ইমান আন্তৰিক চেনেহ এইদৰে তলসৰা শুকান পাত গচকাদি গচকি নাযাবা বুলি ভাবিছিলো । তুমি মোৰ সকলো সপোন ভাঙিলা ।
কাঞ্চনমতী:- [ৰূঢভাৱে
] কাৰো সপোন কোনেও ভাঙিব নোৱাৰে । সপোন নফলিয়াইহে ।
অনঙ্গ:- [অন্তৰে অন্তৰে জ্বলি উঠে
আৰু কিছু একো ক’ব নোৱাৰি
ঘামি-যামি একাকাৰ হয় ]
তুমি মিছলীয়া... মিছলীয়া ।
কাঞ্চনমতী:- মই একো
মিছা কোৱা নাই.... আগলৈকো নকওঁ ।
অনঙ্গ:- নোকোৱা ? নোকোৱা ? মোক
ভাল পাওঁ বুলি কোৱা নাছিলা ?
কাঞ্চনমতী:- [অতি
ধীৰভাৱে ] কৈছিলো আৰু সঁচা কথাই কৈছিলো ।
অনঙ্গ:- যদি সঁচাই তেন্তে খন্তেকতে
সি কেনেকৈ নাইকিয়া হ’ল ।
কাঞ্চনমতী:- [অলপো
বিচলিত নহৈ] আছে ।
অনঙ্গ:- [উত্তৰত আচৰিত হৈ]
আছে ?
আছে ?? আছে ??? এতিয়াও
! কোন মুখেৰে কৈছা । তোমাৰ কথাত এতিয়াও
মোক পতিয়ন যাবলৈ তুমি আশা কৰানে ? তিৰোতাই , সঁচাকৈয়ে মুনিহবোৰক ভুৱা দিব পাৰে বুলি বিশ্বাস কৰে হবলা ।
কাঞ্চনমতী:- নিদিয়ে
আৰু নকৰেও ।
অনঙ্গ:- [উত্তেজিত হৈ কেইখোজমান
আগবাঢ়ি ] নাই নাই আৰু নকবা । মই আৰু সৰু ল’ৰাটিৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভোল হোৱা দিন গ’ল
। তোমাৰ চেনেহত মোৰ আশা নাই, কিন্তু শেষ
কথা কে’টামান ক’বলৈ
আহিলো মাথোন । বাৰু যদি তুমি মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰোৱা কিয় ?
কাঞ্চনমতী:- আমাৰ দেশৰ
ছোৱালীয়ে যাকে ইচ্ছা অৱশ্যে তাকে ভাল পাব পাৰে , কিন্তু যাকে
ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে । চৰুক সুধি চাউল নবহায় ।
অনঙ্গ:- ইচ্ছা কৰিলেও নোৱাৰেনে ?
কাঞ্চনমতী:- বিয়াৰ
বিষয়ে আমি ছোৱালীয়ে আই-বোপাইৰ ইচ্ছাৰ ভিতৰৰেদিহে ইচ্ছা কৰিব পাৰো । নিজৰ ইচ্ছাৰে
বিয়া কৰিবলৈ গলে সি বিয়া নহৈ বেমেজালিও হোৱাৰ সম্ভৱ । এই কথা আপুনি জানে ।
অনঙ্গ:- মৰমে যদি তোমাক সেই বেমেজালিত
পৰিবলৈ মনত বল আৰু বুকত সাহ নিদিয়ে, নিশ্চয় তাক
সোণসেৰীয়া ভালপোৱা বুলিব নোৱাৰি । তুমি যদি সঁচাকৈয়ে মোক ভাল পালাহেঁতেন তেন্তে
সুন্দৰৰে সতে তোমাৰ বিয়া ৰোধিবলৈ নিশ্চয় চেষ্টা কৰিলাহেঁতেন ।
[কাঞ্চন কুঁৱৰীয়ে বহু পৰ
অনঙ্গৰ চকুৱে চকুৱে চাই থাকে । ]
তিৰোতাৰ মন-সাগৰৰ তলিলৈ
পুৰুষ কেতিয়াও নামিব নোৱাৰে ...বোধকৰো তলিও নাই ।
কাঞ্চনমতী:- তলি
নিশ্চয় আছে,তিমান তলিলৈ নামিবৰ পুৰুষৰহে বুদ্ধিৰ অভাৱ ।
তিৰোতাৰ মন-সাগৰৰ ঢৌত চলচলাই ফুৰা পুৰুষহে সৰহ , গভীৰ তলিলৈ
বুৰিয়াই নামিব পৰা অতি বিৰল ।
অনঙ্গ:- বুদ্ধি নহৈ ভাল হৈছে । নামিব
পাৰিলেও পণ্ডশ্ৰম আন্ধাৰ ঘোপমৰা তলিলৈ নামিলেও একো নেদেখে... বুজিব নোৱাৰে ।
কাঞ্চনমতী:- সূক্ষ্ম
দৃষ্টিৰ বন্তি লগাই চালে দেখিব ।
অনঙ্গ:- হুঁ [বুলি মনে মনে থাকে ]
কাঞ্চনমতী:- বাৰু, আপুনি যে মোক দোষিছে আপুনি মোক ভাল পায়নে ?
অনঙ্গ:- অ” [হাঁহি]
সেই কথা নাজানিছিলা দেখিয়েই হবলা একো চেষ্টা কৰা নাই । যদি পাওঁ বোলো ?
কাঞ্চনমতী:- তেন্তে
আপুনি সুন্দৰৰে সৈতে মোৰ বিয়া ভাঙিবলৈ কিয় চেষ্টা কৰিছে ?
[অনঙ্গ মাতিব নোৱাৰা হৈ
বহুপৰ ৰৈ থাকে, তাৰ পাছত দোষী ভাবেৰে ]
অনঙ্গ:- কাঞ্চন তোমাৰ কথা সঁচা । মই একো কৰা নাই । পিছে মইতো
একো কৰিব নোৱাৰো ।
কাঞ্চনমতী:- কিয়
সুন্দৰ কোঁৱৰক আপুনি কিয় হাক নিদিয়ে । তেওঁক সকলো কথা ক’লে
,
তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব ।
অনঙ্গ:- মই তাকে কৰিলে, তোমাৰে মোৰে
প্ৰণয়ৰ কথা ওলাই পৰিব ।
কাঞ্চনমতী:- ওলাই
পৰিলে কি হ’ব ?
অনঙ্গ:- সমাজে কি বুলিব ?
কাঞ্চনমতী:- তাৰমানে
আপোনাৰ সমাজলৈ ভয় । আপুনি মুনিহ মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে, আমি তিৰোতা সমাজৰ আঁঠুৱা তলৰ মহ হৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয় ?
অনঙ্গ:- তুমিতো সমাজৰ বিৰোধী কাম একো
কৰিবলৈ যোৱা নাই, তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ
বিয়া নহওঁ বুলি নিশ্চয় ক’ব পাৰা ।
কাঞ্চনমতী:- সমাজৰ
নিয়ম যে,
মাক-বাপেকিয়ে নিজ ইচ্ছাৰে যাক দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈয়ে
তালৈকে যাবে লাগিব । পিতা-মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ
বিৰুদ্ধে বিয়া হোৱা হ’ল ।
অনঙ্গ:- তেন্তে তুমি কোনো প্ৰতিবাদ
কৰিব নোখোজা ?
কাঞ্চনমতী:- সমাজে
প্ৰতিবাদ কৰিবলৈ কোনো আধিকাৰ দিয়া নাই ।
অনঙ্গ:- [হুমুনিয়াহ পেলাই]
ওঁ বুজিলো, সোণৰ মূল্যই এই জগতত সবাতোকৈ সৰহ । সোণৰ
চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত জলক-তবক লাগে ।..... হু... [কিছুপৰ ৰৈ ] পোনাই কলেই হ’ল.....
মোক ভাল নোপোৱা বুলি ।
কাঞ্চনমতী:- আপোনাৰ
পাটীৰ তিৰোতা নোহোৱাকৈ জানো আপোনাক মই ভাল পাব নোৱাৰো ?
[অনঙ্গই কাঞ্চনৰফালে থৰ
লাগি চাই হতাশৰ হুমুনিয়াহ পেলায় । কাঞ্চনৰ আওপকীয়া কথাৰ গঢ়ত বিৰক্ত হৈ পাছলৈ
খোজ দি গৈ দুৱাৰমুখত ৰয়গৈ ।]
অনঙ্গ:- [ভাবত গদ্ গদ্ হৈ] কাঞ্চন... সমাজৰ নিয়ম তেন্তে কেতিয়াও লঙ্ঘন
নকৰিবা ।
[এই বুলি অনঙ্গ সাউতকৰে
দুৱাৰ মেলি বিজুলি যোৱাদি গুচি যায় । কাঞ্চন বহাৰপৰা উঠি দুৱাৰত ৰৈ, দুৱাৰ অলপ মেলি বহুপৰ বাহিৰলৈ চাই থাকে ।তাৰ পাছত দুৱাৰ জপাই মুখত হাত দি
হুক্ হুক্ কৰে কান্দিবলৈ ধৰে । বুকুত হাত দি কান্দি কান্দি মাটিত লেপেটা কাঢি বহে
আৰু কান্দি কান্দি মাটিত উবুৰি খাই পৰে । ]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment