অনুসন্ধান আকাংক্ষাত

Thursday, March 7, 2013

নাটক – কাৰেঙৰ লিগিৰী - তৃতীয় অংক - তৃতীয় দৰ্শন



নাটক কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]



তৃতীয় দৰ্শন


[ৰাজকাৰেঙৰ এটা কোঠা । সুন্দৰকোঁৱৰ আৰু সুদৰ্শনে কিবা পুথি এখন লুটিয়াই পুটিয়াই চাই আছিল । সুন্দৰে নিৰ্বিকাৰভাৱে হাঁহিছিল আৰু বপুৰাৰ লগত কথা পাতি আছিল যদিও মাজে মাজে বৰ উদ্বিগ্ন হৈছিল । বপুৰাই সুন্দৰৰ ওচৰতে বহি কথা পাতিছিল ।]

সুন্দৰ:- [হাঁহি ] বপুৰা তোৰ বাৰু তিৰোতালৈ এনে বিৰাগ কিয় জন্মিল ?
বপুৰা:- কোঁৱৰ, তিৰোতা জাতিটো বৰ খেচ জাতি । সংসাৰৰ কথা-বতৰা নিজেও নুবুজে, আনে বুজালেও কিবাখন খেলি-মেলি কৰি বুজাকো বিমোৰত পেলায় অলপো যদি মৰম বুজে কিনো কম কোঁৱৰ !
সুন্দৰ:- কেলৈ তই দেখোন বিয়া কৰোৱাৰ আগেয়ে তিৰোতা লাগে লাগে বুলি হামৰাও কাঢ়ি মৰিছিলি । এতিয়া কি হল আকৌ ?
বপুৰা:-  এৰা কোঁৱৰ, কাঢ়োঁতে কাঢ়িছিলোঁসোণত সুৱগা চৰোৱা গাৰ বাকলিখন ডালিমগুটিয়া দাঁতকেইটিয়েদি মাঘৰ বিহুৰ মেজিৰ খৰিৰ মাজেদি ওলাই অহা জুইৰ নিচিনা বুকু পুৰি ভসম্‌ কৰা হাঁহিটো দেখি । বতাহে কোৱোৱা বিৰিণা সুহুৰি যেন মিঠা মাতটো শুনি । পিছে কি হ? এনে টেঙৰ জাত ঐ...  মোৰ গোসাঁই ! আগেয়ে সেইখন দেখুৱাই কিনো কম কোঁৱৰ, বিয়াৰ কেইদিনমানৰ পাছতে, ...সেইবোৰ নো কোন মেৰতলিত লুকুৱালে সেইয়া ভগৱতী গোসাঁনীয়েহে জানে । মানুহ বুলিয়েই নাভাৱে নহয় কোঁৱৰ !
[সুন্দৰ আৰু সুদৰ্শনে হাঁহে]
সুদৰ্শন:- কি বুলি নো ভাবে অ তোক ?
বপুৰা:- হে হৰি ! কি বুলি ভাবিব নো ? গুটি ধানৰ ভঁড়ালটো বুলি ।
[সুন্দৰ আৰু সুদৰ্শনে হাঁহে]
সুদৰ্শন:- বাৰু বপুৰা , তোৰ তিৰোতাজনী তেনে হল বুলিয়েই আটাইবোৰ তেনে হব বুলি কিয় ভাবিছ ?
বপুৰা:- এটা ভাত পিটিকি চালেই বুজি নহয়, গোটেই চৰুটো সিজিছে নে নাই
সুদৰ্শন:- বাৰু, তই তিৰোতাবোৰক ভাতৰ লগত নিৰিজাই এপাছি সুমথিৰা টেঙাৰ সতেনো নিৰিজাৱ কিয় ? তাৰে এটা গেলা পালে গোটেই পাছিটো জানো গেলা পাবি ?
বপুৰা:- [কিছুপৰ ৰৈ] হওতে হয় কথাটো । এৰা মোৰেই কিবা পোকে খোৱা ভাইগ সেই গেলা সুমথিৰাটোতহে আকৌ হাতত পৰিলগৈ । মোৰ কপালখনো কপাল নহয়, বিধতাৰ চোতাল হে হবলা । তাত বিধতাই ওলাওঁতে এগছক সোমাওঁতে এগছক মাৰি দুবৰিবোৰতো খাস্তাং কৰিলেই তাৰ উপৰিও বোকা তুলিলে । দুখীয়াৰ কপাল চোতাল হলে এয়েই হয় , ধনীৰ কপাল বিধতাৰ চোতাল হলে আকৌ বিধতাই তাত মৰণা মাৰি ভালকৈ গুটি ধান পেলাইহে যায় ।
সুন্দৰ:- বপুৰা তই দেখোন এইবোৰ বৰ ভাল কথা কৈছ একা । কতনো শিকিলি ?
বপুৰা:- মোৰ ঈশ্বৰ ! সৰুতে পঢ়াশালিত পঢ়িবলৈ নহল । ক টোৰ চুক কেইটা তাৰে উৱাদিহ নাপাওঁ । পিছে এতিয়া বুঢ়া কালত আমাৰ শ্ৰীমতীয়ে যিখন পঢ়াশালি পাতিছেহি তাত শিকোৱা কথাৰ ভৰত বপুৰাৰ ৰাজহাড় ভেমেছা । আৰু কিছু শিকিলে বা কি হয় ? কথাফাকি এইদৰে কলেহে শুনিবলৈ ভাল হয় বোলে

ল বপুৰা গল বিয়া কৰাবলৈ গ
শ্ৰীমতীৰ লগ পাই ডেকা বপুৰাকাই
ষাঠি বছৰীয়া হল ।

[সুন্দৰ আৰু সুদৰ্শনে বৰকৈ হাঁহে ]
সুন্দৰ:- বপুৰা, বাৰু যাচোন শেৱালিক ভালকৈ তামোল দুখনমান আনিবলৈ কগৈ ।
[বপুৰাই উচপ খাই উঠে আৰু নুঠি বহি থাকি সুদৰ্শনৰ ফালে টহ্ টহ্ কৰে চাই থাকে]
কি হ? নাযাৱ কিয় ?
বপুৰা:- [বৰ চঞ্চল হৈ ] আইদেউতাই শেৱালিক কোঁৱৰৰ ওচৰলৈ আহিবলৈ হাক দিছে নহয় ময়েই আনোগৈ ।
সুন্দৰ:- [খংমুৱা হৈ] কেলৈ ,তাইৰ কি দোষ তাই কেলৈ মোৰ ওচৰলৈ নাহিব ? যা তাইক [মাতে]  লিগিৰি ! কোন আছ ? শেৱালি ?
[ৰেৱতী সোমাই আহে]
ৰেৱতী:- কিবা ডেকা কোঁৱৰ ?
সুন্দৰ:- শেৱালি কতা ? [ৰেৱতী মাতিব নোৱাৰা হৈ ৰঙা পৰে] শেৱালিক মাতি আনচোন ।
ৰেৱতী:- আইদেউতাই
সুন্দৰ:- নেলাগে মোক আইদেউতাৰ কথা মই মাতিছো বুলি কগৈ ।
[ৰেৱতী নগৈ ৰৈ থাকে ]
নাযাৱ কিয়
ৰেৱতী:- আইদেউতাই খং
সুন্দৰ:- মই মই মই মাতিছো  যা, মাতি আন ।
[এইবাৰ ৰেৱতী বেবুৱা হৈ যায় গৈ]
সুন্দৰ:- এতিয়া শেৱালিৰ গাতহে জগৰ লাগিলগৈ । মিছাকৈয়ে নিৰপৰাধী ছোৱালীজনীক এনে অত্যাচাৰ কৰিছে ।
সুদৰ্শন:- তুমিও নো ইমান অঁকৰা হৈছা কিয় ! ৰাজমাও দেউতাই তাইক আহিবলৈ হাক দিছে যেতিয়া আন লিগিৰিয়ে আল-পৈচান ধৰক ।
সুন্দৰ:- কেলৈ তাইক মোৰ ওচৰলৈ আহিবলৈ নিদিব ? মিছা ধাৰণা এটা কেলৈ মূৰত সুমাই থব ?
সুদৰ্শন:- কিন্তু তুমি এনে অঁকৰা হলে মানুহে কবলৈ আৰু
সুন্দৰ:- কওক...কওক ...সেয়ে বুলি যদি ভাবিছে... তেন্তে... মই...মই...
সুদৰ্শন:- এই বলিয়ালিখন নকৰিবা ।
সুন্দৰ:- কিহে তুমিও সেই । বলিয়ালিকে কৰিম । সমাজে এনেকৈ মিছা গোজ পুতি ধৰি থাকিব । বপুৰা... যা শেৱালিক মাতি আনগৈ ।
বপুৰা:- কেলৈ নামাতিম মোৰ স্বৰ্গদেৱ... তাইক মই এতিয়াই তামোল-পানৰ বটাৰে...
[এই বুলি বপুৰা গৰ্বৰে তাৰপৰা উঠি যায় ।]
সুদৰ্শন:- সুন্দৰ তুমি কিছুমান অলাগতিয়াল কথাৰ ওপৰত ইমান কিয় বল কৰা মই নুবুজো ।
সুন্দৰ:- অতি লাগতিয়াল [বুলি আৰু একো নকৈ খংমুৱা হৈ মনে মনে থাকে । দুয়ো এইদৰে কিছুপৰ থকাৰ পাছত সুন্দৰ অধৈয্য হৈ]  বপুৰা ! বপুৰা ! [কাৰো মাত নাহে ] ৰেৱতী ! শেৱালি ! [কাৰো মাত নাহে ।] কোন আছে ? কোন আছে ? [সুন্দৰ থিয় হৈ ] বপুৰা ! বপুৰা ! [বপুৰা লৰি সোমায়হি ]তা শেৱালি কতা ?
বপুৰা:- জানো কোঁৱৰ , বিচাৰিছো দেখোন ! ৰেৱতীয়ে লিগিৰী টোলত চাবলৈ গৈছে ।
সুন্দৰ:- অথনিৰে পৰা ইমান পৰ কিয় হৈছে ? ৰেৱতী ! ৰেৱতী ! [এনেতে ৰেৱতী চুচুক-চামাককৈ সোমাই আহে] পালি নে নাই শেৱালিক ?
[ৰেৱতীয়ে উত্তৰ দিবলৈ অলপ থোৰোগেঁথো কৰে, এবাৰ তলমূৰ কৰে এবাৰ বপুৰালৈ চায় ।]
ৰেৱতী:- ডেকা কোঁৱৰ শেৱালি লিগিৰী-টোলতো নাই ।
[সুদৰ্শনে এতিয়া নিৰ্বিকাৰ ভাব এৰি কথাবোৰলৈ ভালকৈ কাণ দিয়ে ।]
সুন্দৰ:- কলৈ গ?
ৰেৱতী:- জানো কব নোৱাৰো ।
সুন্দৰ:- [ৰেৱতীৰ ভৰিৰ পৰা মূৰলৈকে তীক্ষ্ণ ভাৱে চাই]  
তই ভালকৈ কথা কব পৰা নাই কিয় ? কথা যেন.. ওঁ
[অলপ কিবা ভাবি সন্দেহ কৰা যেন কৰে ]
শেৱালি কাৰেঙৰ হাউলিৰ ভিতৰত আছেনে নাই ?
ৰেৱতী:- [কঁপা মাতেৰে]  ব.....  নোৱাৰো ।
সুন্দৰ:- [বৰ আচৰিত হৈ]  কি ! বৰ আচৰিত কথা । এনে কথাটো কেতিয়াও হোৱা নাই । [সুদৰ্শনলৈ চাই ]  বন্ধু শুনিছা নে নাই ? শেৱালি বোলে কাৰেঙত নাই ! হঠাৎ কিয় নোহোৱা হ? হুঁ বুজিছোঁ. [মূৰ দুপিয়াই]  মই বুজিছো এই বপুৰা ! ৰেৱতী ! মোক শেৱালিক বিচাৰি আনি দিব লাগিব । ৰাজমাও দেউতাক সোধ... শেৱালি কলৈ গ?
সুন্দৰ:- শেৱালি কলৈ গ?
[ৰাজমাও লাহে লাহে সোমাই আহোতেই সুন্দৰে ৰাজমাওলৈ বাঘে চোৱাদি চায় । ]
ৰাজমাও:- [অতি ৰূঢ় হৈ] শেৱালিক তোক কেলৈ ?
সুন্দৰ:- [আগতকৈ ডাঙৰকৈ] শেৱালি কলৈ গল কোৱা !
[ৰাজমাৱে বাঘিনীৰ দৰে সুন্দৰৰ ফালে ঘৃণাৰে চাই নামাতি ৰৈ থাকে ৷ ]
সুন্দৰ:- [বপুৰা আৰু ৰেৱতীক] কলৈ গ? [ৰেৱতী আৰু বপুৰাই নামাতে]..লৈ গল নক কিয় ? [বুলি বপুৰাক বাউসীত ধৰি জয়ঘণ্টা লৰাই জোঁকাৰি ] কিয় ? কি...কি...কিয়...অ ।
বপুৰা:- [লটি-ঘটি হৈ ] হে মোৰ ঈশ্বৰ, মই মই নাজানো ।
[সুদৰ্শন উঠি সুন্দৰক ধৰে]
সুন্দৰ:- জান জান জান ! এই কাৰেঙৰ আটাইবোৰেই জানে ? টাইবোৰে ৷ [পগলাৰ দৰে] এই কোন.. কোন..মাত.. মাত.. আটাইবোৰ মানুহকে মাত
[বপুৰা লৰ মাৰি ওলাই য়ায় সুন্দৰৰ চিঞৰ শুনি ,মানুহ তিৰোতা লিগিৰা-লিগিৰী আহি তাত ওলাই ত্ৰাসত উদ্বিগ্ন হৈ ৰৈ থাকে । সুন্দৰে আটাইবোৰলৈ চাই]
শেৱালি কলৈ গ?
[আটাইবোৰে একেলগে আমি কব নোৱাৰো ]
[ প্ৰত্যেকটো আখৰত জোৰ দি]  পা..ৰি....লা..গি..ব । নহলে মই তহঁতক কঠোৰ শাস্তি বিহিম. মই অসুন্দৰ হ এনে অমানুষিকঅসুন্দৰ হমই. বপুৰা ! বপুৰা ! চাওডাং বৰুৱাক মাততুৰন্তে এতিয়াই ৷
[সুন্দৰ খঙত থৰ থৰ কৰে কঁপি থাকে । সুদৰ্শন কিংকৰ্তব্যবিমূঢ় ।]
ৰাজমাও:- [সুন্দৰক] তোৰ-মূৰত কি সোমাইছে । জগতত নকৰা কাম কৰিলি । নিজৰ বিয়া কৰোৱা তিৰোতাক আনৰ হাতত গতাই দিলি । ৰাজ-বংশৰ মুখত আলান্ধু সানিলি, নিজৰ মান মৰ্যদা সকলোৰে মূৰ খালি, বুঢ়াগোঁহাইৰ বুকুত শেল দিলি । ৰাজঘৰ ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ কৰিলি । সমাজৰ ৰীতি, ধৰ্ম্মা-ৰ্ধৰ্ম্ম সকলো জলাঞ্জলি দিলি । এতিয়াও তোৰ লাজ নহল । তই নিলাজ পাপিষ্ঠ । এতিয়া আকৌ লিগিৰীজনীৰ কাৰণে বলিয়া হৈছে ?
সুন্দৰ:- বৰ ভাল হৈছো । শেৱালি কলৈ গ? শেৱালিক তুমি কি কৰিলা ?
ৰাজমাও:- মই শেৱালিক মাৰিলোঁ বা কাটিলোঁ যিয়েই কৰিলোঁ
সুন্দৰ:- যিয়েই কৰিলোঁ বুলিলে নচলিব আই মাতৃ ।
ৰাজমাও:- চলিব লাগিব । মোৰ কথা তই শুনিব লাগিব ।
সুন্দৰ:- নুশুনু...নুশুনু... ন...চ...লো । শেৱালিক যদি লুকুৱাই থৈছা উলিয়াই দিয়া । খেদাই দিছা যদি ওভোতাই আনা । নিৰ্বাসিত কৰিছা যদি সেই আজ্ঞা ৰদ কৰা । অঙ্গক্ষত কৰিছা অঙ্গ দি আনা ।  প্ৰাণে মাৰিছা যদি... তুমি তুমি... তাইৰ প্ৰাণ দি সঞ্জীৱিত কৰি মোৰ ওচৰলৈ আনি দিয়া ।
ৰাজমাও:- নহলে তই কি কৰিবি ?
সুন্দৰ:- মই কি কৰিম ? তোমাৰ যি কণ মান-মৰ্যদা গৌৰৱ আছে তাকো মই.... ভৰিৰে গছক্‌ নাইকিয়া কৰিম । তোমাৰ সাতাম পুৰুষীয়া ৰীতি-নীতি... ভাঙি চূৰমাৰ কৰিম ।
[চাওডাং বৰুৱা আহি আঁঠু লৈ ৰয়হি]
চাওডাং বৰুৱা ! শেৱালি বোলা লিগিৰীজনী হেৰাইছে । তোমাৰ সকলো ৰখীয়া-পৰীয়া তাইক বিচৰোৱা কামত লগাব লাগে । আৰু এই নগৰৰ প্ৰত্যেক ঘৰে ঘৰে হাবি-বননি চলাথ কৰিব লাগে । কাৰেঙৰ এই আটাইবোৰকে নি শেৱালিক কি কৰিলে কত থলে সুধি যেনে তেনে সিহঁতৰ মুখৰ পৰা কথা উলিয়াব লাগেমই আটাইবোৰে জানো গোটেই কাৰেঙৰ ইয়াত যোগ আছে ।
ৰাজমাও:- [দৃঢ়তাৰে] সুন্দৰ, তই কাৰেঙৰ ভিতৰলৈ শেৱালিক সুমাব নোৱাৰ ।
সুন্দৰ:- তুমি যদি তাকে কোৱা তেন্তে মই আৰু কৰিম । মোক শেৱালিক আনি দিব লাগিব । চাওডাং বৰুৱা, লিগিৰী লিগিৰী, তুৰন্তে  তুৰন্তে তাইক বিচাৰি উলিয়াই আন । [ৰাজমাওক] কাৰেঙত সুমবা নোৱাৰো ? আই মাতৃ তোমাৰ এই হুকুম আমান্য কৰিম । তাকে কৰিয়েই নেৰো , তাতকৈ আৰু কৰিম । তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা মোৰ উপৰি পুৰুষৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিবন্ধন , আটাইবোৰৰ বিৰুদ্ধে যাম মই শেৱালিক কাৰেঙৰ ভিতৰলৈ আনিম মই মই তাইক বিয়া কৰাম । [আটাইবোৰ চকখাই উঠে]  আৰু. আৰু কি কৰিম জানিছানে আই মাতৃ গোটেই কাৰেঙক, গোটেই ৰাইজক তাইৰ আগত আঁঠু লোৱাম তাইক মই কাৰেঙৰ লিগিৰি গুচাই কাৰেঙৰ কুঁৱৰী কৰিম ।



                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]





No comments: