অনুসন্ধান আকাংক্ষাত

Tuesday, March 26, 2013

নাটক – ৰূপালীম্‌ - চতুৰ্থ অঙ্ক



নাটক ৰূপালীম্‌
[জ্যোতিপ্ৰসাদ আগৰৱালা]

চতুৰ্থ অঙ্ক
মণিমুগ্ধৰ কাৰেং
সময়:- দুপৰ নিশা

[ণিমুগ্ধৰ কাৰেঙৰ এটা সুৱৰ্ণময় ব্ৰহ্মদেশীয় কাৰুকাৰ্য্য-খটোৱা কোঠা ৷কোঠা গোটেইটো সোণৰ পাতেৰে ছটা ৷সোণৰ ওপৰত ৰঙা-নীলা-কজলা নানান পাথৰ আৰু মণি-মুকুতাৰে বাখৰপতোৱা ৷কোঠাটোৰ সোঁমাজতে এখন ডাঙৰ খিৰিকী ৷খিৰিকীয়েদি দূৰত ছাঁৰ দৰে পেগোদাৰ আকৃতি দেখা গৈছে ৷আকাশত জোন আৰু তৰা ৷খিৰিকীয়েদি এছাটি জোনৰ পোহৰ সোমাই আহিছে ৷খিৰিকীৰ তলত এখন চাপৰ শয্যা পৰা আছে ৷তলত ৰূপালীম্‌ বহি বাহিৰৰ আকাশলৈ চাই বেজাৰমুৱা ৷কোঠাটোৰ বাঁওফালে এখন সৰু দুৱাৰ জাপ খাই আছে ৷ওচৰতে মাটিত বহি এজনী লিগিৰী ৷তাই হাতত এখন অদ্ভূত আকাৰৰ বীণা লৈ বহি ঠুং-ঠুংকৈ বজাই আছিল...গীত গাইছিল ৷ ]

গীত :-

সখি আজি                            যৌৱন বন জুৰি

          বন-বসন্ত মুঞ্জৰি

                   পাতে বৰণৰে মেলা,

হাঁহা সখী মোৰ                          হাঁহা সখী মোৰ      

          হাঁহিৰে ফাকু খেলা ৷

তোমাৰ ৰূপৰ ফুলনিতে

          শেৱালি নেৱালি কতনো ফুল...

দশোদিশ আমোলাই                   কৰিছে আকুল

ফুল বাটিৰে মৌৰে             নিজৰা বাকি দিয়া

          বিয়াকুল ৰূপ মৌ পিয়া ৷

আজি অভিনৱ তৰালি পোহৰৰ

                   চঞ্চল গীতি শুনা...

তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ

                   জোনাকী কাৰেঙত বাজে বীণা ৷

তাতে বাসনা-উৰ্ব্বশী

                   বিবসনা....

          নৃত্যতে আকুল

                   সখী !      যায় যে বেলা...

হাঁহা সখী মোৰ                          হাঁহা সখী মোৰ      

          হাঁহিৰে ফাকু খালে ৷


[বীণ বজাই গীত গাই থাকোঁতে মাজে মাজে ৰূপালীম্ তাইৰ ফালে পৰি থকা হাতখন চোৱে, কিন্তু ৰূপালীমে আজোৰ মাৰি লৈ যায় ৷ তাতে লিগিৰীজনীয়ে আনফালে মুখ ঘূৰাই দুষ্টালিৰে হাঁহে ৷তাই আকৌ গীতৰ এফাকি আওৰাব খোজোঁতেই ৰূপালীম্‌ ঘূৰি লিগিৰীজনীক সোধে ৷]

ৰূপালীম্‌ :- মোক তোমালোকে কেলৈ ইয়াত থৈছা ?
লিগিৰী :-মণিমুগ্ধই কৈছে দেখি... তোমাক ইয়াত থৈ আদৰ-যতন কৰি, গীত শুনাই মন ভাল কৰিবলৈ কৈছে ৷
ৰূপালীম্‌ :- মোৰ যে মন ভাল নহয় ৷ মোৰ যে বৰ বেজাৰ ৷
লিগিৰী :- বেজাৰ ? [হাঁহি ] তোমাৰ বেজাৰ নাইকীয়া হব ৷ ইয়াত তুমি কিমান সুখত... কিমান আনন্দত থাকিবলৈ পাবা ৷ এই সুন্দৰ সোণখটোৱা কাৰেঙৰ কোঠালিত তুমি থাকিবা ৷কৰচন চৰাইৰ কোমলকৈও কুমলীয়া পাখি ভৰোৱা গাৰুৰ তলিছা পৰা... পাৰস্যদেশৰ ফুলৰ পাহিতকৈও নিমজ দলিচাত ফৰিবলৈ পাবা... জোন-বেলি বৰণীয়া ...এন্ধাৰত জিলিকা মেজাংকৰী, কিংখাপ চাতোনৰ মাজত সদায় শুৱনী হৈ থাকিবা ৷ছাঁতে শুকুৱা মচলিনৰ ওৰণী আৰু মনোময় অলঙ্কাৰ পাবা... সোণ, ৰূপ, হীৰা, পোৱাল, নানা মকৰত পদ্মৰাগ মণিৰ গহণা শৰায়ে শৰায়ে পিন্ধিবলৈ পাবা ৷ দিনে-ৰাতিয়ে কত লিগিৰীয়ে তোমাৰ আলপৈচান ধৰিব ৷ তাৰ উপৰি সুন্দৰ লনি ডেকা কোঁৱৰ মণিমুগ্ধৰ চেনেহ, ধাউতি আৰু মৰমে তোমাক আতোলতোলাই ৰাখি থব... তেতিয়া আৰু তোমাৰ বেজাৰ নেথাকিব ৷হাঁহিৰে থাকিব মুখত... বুকত.. তুমি কিমান সুখত থাকিবলৈ পাবা ৷সঁচাকৈয়ে মই মিছা কোৱা নাই ৷ তুমি এতিয়া হাঁহি-মাতি ভালকৈ থাকা ৷এতিয়া মণিমুগ্ধ ইয়ালৈ আহিব নহয় ৷ তুমি এনেকৈ থকা দেখিলে মণিমুগ্ধই কি বুলি ভাবিব ?
ৰূপালীম্‌ :- মণিমুগ্ধ কেলৈ আহিব ? ইয়ালৈ এতিয়া কেলৈ আহিব ?
লিগিৰী :- চোৱাচোন বাৰু আকৰীজনীলৈ... বোলে আকৌ কেলৈ আহিব ! আহিলে গম পাবা নহয়...
            [কাণে কাণে কিবা কয় ৷]
ৰূপালীম্‌ :- [কান্দি উত্ৰাৱল হৈ ] নহয় ৷ নহয়... নোৱাৰে... নোৱাৰে ৷ [লগিৰীৰ গাত ধৰি ] মই কি কৰিম... কি কৰিম ? মই মৰি যাম, মই মৰি... যাম ৷ মায়াব ! মায়াব ! মই মৰি যাম ৷ মই মৰি... যাম ৷ [নিজৰ বুকুত মুখ সুমাই কান্দিবলৈ ধৰে ৷]
            [সোঁফালৰ দুৱাৰ মুকলি হয় ৷ মণিমুগ্ধ হাতত এটা সোণৰ গিলাচ লৈ সোমাই আহি থমকি ৰৈ... আধা চকু মেলি খিৰিকীৰ দুৱাৰমুখৰ ৰূপালীমলৈ চাই থাকে ৷ লিগিৰীজনীয়ে থিয় দিয়ে আৰু অলপ পৰ ৰৈ মণিমুগ্ধ তেনেকৈ থিয় হৈ থকা দেখি লাহেকৈ দুৱাৰেদি ওলাই যায়গৈ ৷]
মণিমুগ্ধ :- [এখোজ আগবাঢ়ি আহি ] ৰুপালীম্‌ !  এনে জোনাক সুৱদী নিশালৈ আবতৰীয়া বেজাৰৰ ডাৱৰ কিয় মাতিছা ?
            [ৰূপালীমে একো নামাতে ৷]
            [মণিমুগ্ধ লাহেকৈ গৈ ৰূপালীম্‌ বহা শয্যাত বহি ৰূপালীমৰ গাত হাত দিব খোজোঁতেই ৰূপালীমে তাৰপৰা একেছাটেই উঠি গৈ কোঠাৰ এচুকত থিয় হৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰে ৷]
ৰূপালীম্‌ :- [কান্দি ] মোক... মোক মায়াব ওচৰত থৈ আহাঁগৈ... মোৰ বুঢ়া বোপাইৰ ওচৰত ৷
মণিমুগ্ধ :- ৰূপালীম্‌ ৷ তুমি... ইমান অকৰুণ নহবা ৷
ৰূপালীম্‌ :- বাৰু নেলাগে থাকিব ৷ মই তোমাক ইয়াৰপৰা লৈ যাম... সৌ দূৰণিলৈ ৷সৌৱা নীলা আকাশৰপৰা নিজৰি তৰাৰ হীৰাফুলীয়া পোহৰবোৰ আহিছে... জোণৰ জোনাকে যত জোনোৱালী সপোনৰ ৰাজ্য পাতিছে... তালৈ আমি দুয়ো ওলাই যাওঁ বলা ৷ তুমি মোৰ কোলাত বহি তোমাৰ বুকুৰ মৰমৰ কথা কবা ৷ মই কাণ পাতি শুনিম মিলনপিয়াসী বুকুৰ কম্পন ৰূপালীম্‌ ৷
            [ৰূপালীম্‌ এটা অব্যক্ত বেদনাৰ হেঁচা সহিব নোৱাৰি ৰুদ্ধশ্বাস হৈ কান্দিবলৈ ব্যৰ্থ প্ৰয়াস কৰি ভাগৰি পৰে আৰু অলপ আঁতৰি যায় ৷]
মণিমুগ্ধ :-  ভয় কৰিছা ? আকৌ আঁতৰিছা ৷ তোমাক হৰণ কৰা কঠোৰতা দেখি মোক শুঙাল বিছা বুলি ভয় খাইছা ? নেযাবা ৷ সেই বিছাৰপৰা আজি পখিলা উপজিল ৷ সেই বিছা আৰু তোমাৰ ওচৰলৈ অহা নাই ... সি ধ্বংস পালে ৷ তাৰপৰা সুষমা প্ৰণয়ৰ ফুটুকী-পখিলাহে আহিছে ৰেণু আলসুৱা গাটি লৈ.. মৌ বিচাৰি ফুলৰ ওচৰলৈ ৷ ৰূপালীম্‌ ! এই পখিলাৰ জনম মৌ পিবলৈ... ফুলৰ বুকত সোমাই ফুলৰ পাহিতে পৰি জহি যাবলৈ ৷ ফুলো ফুলিছে পখিলালৈ ৷ মৌও যাচিছে পখিলালৈ ৷ পখিলাক মৌ পিয়াবলৈকে ফুলৰ জনম ৷ ফুলৰ জীৱন মৌ উজাৰি পখিলাক দিয়েই ফুলৰ জীৱন সমাপন ৷ মৌ নেপালে মৰহি যোৱা... মৌ-হাবিয়াসী, মৌৰে জীৱন ৰোৱা পখিলাটি তুমি কোন সতে আঁতৰাব খুজিছা ? ৰূপালীম্‌ ৷তুমি ফুল হৈ জনমি ফুলৰ জীৱন সামৰি থব খুজিছা ৷ ফুলৰ জীৱনৰ নিৰ্ব্বন্ধ উলঙ্ঘা কৰিছা ৷ৰূপালীম্‌ ! জীৱলগা ভাষালগা হাঁহিসনা ফুল তুমি আঁতৰি নেযাবা ৷ ৰূপালীম্‌ ! তোমাৰ ফুলকলি হেন কোমল বুকুখনি মোলৈ শিল-কঠুৱা নকৰিবা ৷
            [ৰূপালীম্‌ নিমাতীৰ দৰে নিমাত হৈ বেৰত আউজি থাকিল ৷ মুখত মাথোন উদ্বিগ্নতা ৷ ৰূপালীম্‌ মাটিৰ গোসাঁনীৰ দৰে ৰৈ থাকিল আৰু মণিমুগ্ধই মাটিৰ গোসাঁনীক বোধন কৰি জীৱন্ত কৰিবলৈ পূজাৰীয়ে প্ৰয়াস কৰাৰ দৰে মন্ত্ৰ মতাদি ৰূপালীমক কথা কবলৈ ধৰিলে ৷]
মণিমুগ্ধ :- ৰূপালীম্‌ ! নেমাতা ? নেহাঁহা ? তুমি মোৰ অন্তৰৰ কথাখিনি শুনিবই লাগিব ৷ তুমি সমিধান দিবই লাগিব ৷ৰূপালীম্‌ ! তুমি ৰূপ-সাগৰৰ মণি জীৱন্ধৰী ৷ ৰূপ-সাগৰৰ দিকশূন্য প্ৰসাৰত তুমি প্ৰণয়ৰ ধ্ৰুৱজ্যোতি ৷ তোমাকে উদ্দেশ্যি .. তোমাকে ধিয়াই মোৰ হিয়াই তোমাক বিচাৰি আহিছে ৷ তুমি মায়া-মৰীচিকাৰ দৰে কিয় আঁতৰি আঁতৰি যাব ধৰিছা ? নীলা সাগৰখন মন কৰা ৷ মহাসাগৰৰ চাৰিফালে পানী ৷ থল নাই... এটি অকলশৰীয়া নাৱৰীয়া উটি-বুৰি ভাহি গৈছে ৷ থল নেপালে সি আৰু সৌ সাগৰৰ পানীতে লয় পাব ৷ তাৰ জীৱনে থল নেপাই,... ফুলিবলৈ নেপাই অঙ্কুৰতে এটা অনন্তকালৰ বিৰাট বেদনা লৈ মুখৰ পিয়াহ, বুকুৰ আশা, মনৰ আবেগ, প্ৰাণৰ হেঁপাহ হৈ নাইকীয়া হৈ যাব ৷ তুমি আজি সেই আতুৰৰ থল হৈ সাগৰত দেখা দিছা ৷ তুমি তাক বুকুত ঠাই নিদি মহা জলাহত জহি যাবলৈ কি সতেনো এৰি দিবা ? ৰূপালীম্‌ ! তোমাৰ বুকুৰ থলত মোক ঠাই দিয়া ৷ মোক জীৱলৈ এটুপি মৌ দিয়া ৷ পিবলৈ এটুপি মৰম দিয়া ৷ হাঁহিবলৈ, মোক ফুলিবলৈ তোমাৰ কোলাত মৰণ লভিবলৈ একণি জিৰাবলৈকো ঠাই নিদিবানে ? ৰূপালীম্‌ ! তোমাৰ ওচৰলৈ মোক এখন্তেক যাবলৈ দিয়া ৰূপালীম্‌ !
            [মণিমুগ্ধ ৰূপালীমৰ ওচৰলৈ যাব খোজে আৰু বৰ নিমাখিত হৈ ৰৈ থাকে ৷ ৰূপালীমৰ মুখৰপৰা ভয় আৰু উদ্বিগ্নতাৰ ভাব পাতলি নাইকীয়া হয় ৷ ৰূপালীম্‌ৰ মুখ গহীন হৈ পৰে ৷]
ৰূপালীম্‌ :-  [চকুকেইটা খিৰিকীৰ ফালে ৰাখি ] মণিমুগ্ধ কোঁৱৰ ! তুমি মোক ইয়াত অকলে থাকিবলৈ দিয়া মণিমুগ্ধ কোঁৱৰ ! মায়াবই মোৰ জীৱন জুৰি আছে ৷ মণিমুগ্ধ ! মোক মায়াবৰ ওচৰত থৈ আহাঁগৈ ৷
            [মণিমুগ্ধ ক্ষুব্ধ হৈ হতাশ প্ৰেমিকৰ দৰে এখোজ দোখোজকৈ আহি শয্যাত বহে ৷]
মণিমুগ্ধ :-  [ভ্ৰু-সঙ্কুচিত কৰি ] ৰূপালীম্‌ ! মায়াবক তুমি ভাল পোৱা ?
ৰূপালীম্‌ :- [একে উশাহতে ] পাওঁ ৷
মণিমুগ্ধ :-  কিমান ?
ৰূপালীম্‌ :- মই কব নোৱাৰোঁ ৷ খুব ভাল পাওঁ ৷ গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূইনত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে... তিমান ৷
মণিমুগ্ধ :- [হঠাৎ উঠি ] ৰূপালীম্‌ ৷
            [ৰূপালীমে চকুৰ পানী নেপেলোৱাকৈ মণিমুগ্ধক চাই থাকে ৷ মণিমুগ্ধই আত্মসম্বৰণ কৰি বহি আকৌ এঢোক মদ খায় ৷]
মণিমুগ্ধ :-  ৰূপালীম্‌ !
ৰূপালীম্‌ :- তুমি মোৰ দুখ নুবুজা কিয় ? তুমি জানো মানুহ নোহোৱা ?
মণিমুগ্ধ :-  মানুহ !  নহয়... তোমাৰ ৰূপে আৰু মোক মানুহ কৰি থোৱা নাই ৷ মই এটা অদম্য-বাসনা ৷ মই তোমাৰ ৰূপৰ, তোমাৰ সৌন্দৰ্য্যৰ এটা ৰূপ ধৰা পিয়াহ ৷ মই তোমাৰ সুন্দৰ অবয়বৰ অন্তৰালত থকা সুশুভ্ৰ আতমালৈ হোৱা এটা চিৰদিনীয়া হাবিয়াষ ৷ ৰূপালীম্‌ ! তুমি মোক ঘিণ কৰিছা ! কিন্তু মই তোমাক ভাল পাওঁ ৷ অতিকৈয়ে ভাল পাওঁ ৷ তোমাৰ কাৰণে মই বহুত তললৈ নামি গলোঁ... মানুহৰ শাৰীৰপৰা হিংস্ৰ পশুৰ শাৰীলৈ তোমাক পাবলৈ ৷
ৰূপালীম্‌ :-  মোক নোপোৱা... মই নাথাকোঁ ৷
মণিমুগ্ধ :-  [ভ্ৰুকুটি কৰি ] ৰূপালীম্‌ ! তোমাৰ এই পঙ্কজকান্তিৰ সুন্দৰ দেহাত এতিয়াই মোৰ বাসনাৰ ৰঙা গোলাপ-গুৰি সানি দিব পাৰোঁ ৷ তোমাৰ সোণ-সেন্দুৰীয়া কপালত মোৰ তপত নিশাহ বোৱাব পাৰোঁ ! তোমাৰ ওঠৰপৰা বৈ অহা ৰূপৰ ফটিকা মই এতিয়াই বাটিয়ে বাটিয়ে পি... তোমাৰ লৱনুকোমল বুকুৰ পৰশত ৰোমাঞ্চিত হৈ কামনাৰ সকলো পিয়াহ গুচাব পাৰোঁ... হেলাৰঙে-অনায়াসে...
ৰূপালীম্‌ :-  তোমাৰ কথা মই বুজিব নোৱাৰোঁ ৷ তোমালৈ মোৰ ভয় লাগিছে !  মোক ঘৰলৈ....
মণিমুগ্ধ :-  মোৰ কথা বুজিব নোৱাৰোঁ ! [হাঁহি ] মোৰ কথাৰ মানে হৈছে... [অলপ কৰ্কশভাৱে ] তুমি মোৰ হাতৰ মুঠিত ৷ মই তোমাক যি ইচ্ছা তাকে কৰিব পাৰোঁ ৷
            [এনেতে দুৰ্গৰ তলত মানুহৰ কোঢ়াল হয় ৷অলপ পৰৰ পিছত চিঞৰ- বাখৰ বাঢ়ি আহে ৷ মণিমুগ্ধ এবাৰ খিৰিকীৰ ওচৰলৈ গৈ আকৌ এগিলাছ মদ বাকি খাবলৈ লয় ৷ মদ খোৱা শেষ কৰি মণিমুগ্ধ আকৌ ৰূপালীমৰ ওচৰলৈ এখোজ দুখোজকৈ আহে ৷]
মণিমুগ্ধ :- ৰূপালীম্‌ ! তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মণিমুগ্ধই একো নকৰে ! ৰূপালীম্‌ ! আহাঁ ৷ তুমি এই শয্যাত বহাঁহি আৰু মই তোমাৰ চৰণৰ তলত বহি মোৰ অন্তৰৰ কথা কওঁ ৷মোৰ হিয়াৰ তলিৰ সকলো উবুৰিয়াই তোমাৰ আগত নিবেদন কৰোঁ ৷ তেতিয়া তুমি বুজিবা ... সমিধান নিদিয়াকৈ কেনেকৈ থাকিব পাৰিবা ৷ ৰূপালীম্‌ ! আহাঁ... আহাঁ ....
            [মনিমুগ্ধ ৰূপালীমৰ ফালে যায় আৰু ৰূপালীমে বৰ সশঙ্কিতা হৈ আতুৰৰ দৰে চাৰিওফালে চাবলৈ ধৰে ৷ মণিমুগ্ধই তেনেই ওচৰ চাপি হাতত ধৰোঁ ধৰোঁ কৰোঁতেই ৰূপালীমে নিৰুপায় অসহায় হৈ এটা চিঞৰ মাৰি.... মায়াব মায়াব বুলি মুকলি খিৰিকীখনেদি লৰি গৈ আগ-পাছ নুগুণি জাপ মাৰি দিয়ে ৷ মণিমুগ্ধ হতবুদ্ধি হৈ অলপপৰ স্তব্ধ হৈ ৰৈ থাকে ৷ এনেতে খিৰিকীৰ তলৰপৰা কোঢ়াল বাঢ়ি আহে ৷ তাৰ মাজৰ জনতাৰপৰা ৰূপালীম্‌... ৰূপালীম্‌ বুলি ওলোৱা চিঞৰ কোঢ়ালৰ মাজে মাজে স্পষ্টকৈ শুনা যায় ৷ মণিমুগ্ধ গৈ খিৰিকী দুৱাৰত থিয় হৈ পিছত আচৰিত হৈ উভতি আহি ৰেণথিয়াং ! ৰেণথিয়াং ! বুলি বুলি চিঞৰে ৷ কিন্তু কোনেও সঁহাৰি নিদিয়ে ৷ এনেতে এজনী লিগিৰী লৰি সোমাই আহি ফোপাই-ফোপাই কয় ৷]
লিগিৰী :- কোঁৱৰ ! কোনোবা শত্ৰুৱে মনে মনে আহি আমাৰ কাৰেং আক্ৰমণ কৰিছে ৷ পালি পহৰীয়া...
মণিমুগ্ধ :- [উত্তেজিত হৈ ] কি ? ৰেণথিয়াং ! ৰেথিয়াং !
            [মণিমুগ্ধ দুৱাৰৰ ফালে লৰ মাৰি যায় আৰু দুৱাৰ মুখতে অস্ত্ৰে-শস্ত্ৰে সুসজ্জিত ইতিভেন আহি মণিমুগ্ধক আগভেটি ধৰে ৷ইতিভেনৰ পাছতে বহু সশস্ত্ৰ ৰূকমী-সৈন্য হাতত মুক্ত তৰোৱালেৰে ৷মণিমুগ্ধ পাছ হুহকি আহে ৷ এনেতে তুমুল শব্দ কৰি নগৰৰ জয়ঢোল আৰু বৰকাঁহ বাজিবলৈ ধৰে ৷বাহিৰত এটা বিৰাট গোলমাল আৰম্ভ হয় ৷ মণিমুগ্ধই নিজকে চম্ভালি নিৰ্ব্বিকাৰ হৈ ফটিকাৰ বাটিটো লৈ গৈ শয্যাত বহি এঢোক ফটিকা  খাই আৰু ইতিভেনলৈ ভ্ৰকুটি কৰি চাই কুটিল হাঁহি মাৰি হাত বাউল দি ইতিভেনক শয্যালৈ মাতে ৷ জয়ঢোল বৰকাঁহ জিম পৰে কিন্তু বাহিৰত গোলমাল চলি থাকে ৷]
মণিমুগ্ধ :- ইতিভেন ! তোমাক স্বাগত-সম্ভাষণ জনাইছোঁ ৷ ইমান নিশাৰ অতিথি তুমি ৷ বাটত বোধকৰোঁ তোমাৰ একো অসুবিধা হোৱা নাই ? লিগিৰী ! যা সোনকালে অতিথিসকলৰ শুশ্ৰষাৰ দিহা কৰগৈ ৷আহাঁ ইতিভেন ! আসন লোৱাহি ৷ তোমাৰ মোৰ প্ৰতি আগ্ৰহত মই বৰ মুগ্ধ হৈছোঁ ৷ আহাঁ...
ইতিভেন :- মণিমুগ্ধ ! পৰিহাস থোৱা ! মনত ৰাখিবা এতিয়া তুমি মোৰ বন্দী...
মণিমুগ্ধ :- এতিয়াহে নে ? যিদিনাই তোমাৰ সতে মোৰ প্ৰথম সাক্ষাৎ সেই দিনাৰপৰাই মই তোমাৰ চিৰবন্দী ৷ অ আকৌ এপাক শিকলি মেৰাই তুমি নি:সন্দহ হবলৈ আহিছা ?
ইতিভেন :- মণিমুগ্ধ ! ধৈৰ্য্যৰ সীমা আছে ৷
মণিমুগ্ধ :- অৱশ্যে.. অৱশ্যে ৷ মোৰ বুজাৰ ভুল হল ৷ প্ৰণয়ত পৰা সুন্দৰীসকলে মিলনৰ কাৰণে যে ধৈৰ্য্য বেলি ধৰিব নোৱাৰে তাক মই জানো ৷ইতিভেন ! মোৰ সতে মিলন হবলৈ তোমাৰ ইমান হেপাহ ! কিন্তু ইতিভেন ! মই ভাবিছিলোঁ যে সামজিক ৰীতিমতে বিয়া পতালৈকে তুমি এখন্তেক ধৈৰ্য্য ধৰিব পাৰিবা বুলি...
মণিমুগ্ধ :-  মণিমুগ্ধ ! আৰু বেছি কথা নকবা ৷ ফটিকাৰ ৰাগীত তুমি এতিয়াও যে মোৰ হাতত বন্দী তাক উপলব্ধি কৰিব পৰা নাই আৰু তোমাৰ কথাত সঁচাকৈয়ে ভোল নেযাওঁ বুলিও নিশ্চয়কৈয়ে জানিবা ৷
মণিমুগ্ধ :-  ইতিভেন ! চিৰকালেই মই তোমাৰ বন্দী ৷ তুমিতো আগেয়ে মোত ভোল যোৱা নাছিলা ৷ মইহে ভোল গৈছিলোঁ ৷ এতিয়াও ভোল গৈয়েই আছোঁ ৷
ইতিভেন :- এতিয়া আৰু প্ৰণয়ৰ আখৰা কৰা প্ৰয়োজন নেদেখোঁ ৷ মোৰ বন্দীশাললৈ যাবলৈ প্ৰস্তুত হোৱা ৷
মণিমুগ্ধ :- সেই স্বৰ্গলৈ যাবলৈ মোৰ বাসনা সদায় ৷
ইতিভেন :- ব্যঙ্গ নকৰিবা ৷
            [এনেতে ৰেণথিয়াং মুক্ত অস্ত৩এৰে জাপ মাৰি সোমাই আহি ইতিভেনক থাপ মাৰি ধৰি পেলায় আৰু ৰেণথিয়াঙৰ পাছত বহুত সৈন্য সোমাই বাকীবোৰৰ সতে যুঁজিবলৈ ধৰে ৷ ইতিভেনৰ দলত সকলোবোৰ ঘাটি দুৱাৰেদি পাছ হুহকি ওলাই যায় আৰু ৰেণথিয়াঙৰ সৈন্যই সিহঁতক হেঁচুকি লৈ যায়গৈ ৷কোঠালিটোত থাকিল কেৱল মণিমুগ্ধ আৰু ৰেণথিয়াঙৰ হাতত বন্দী ইতিভেন ৷ ৰেণথিয়াঙে ইতিভেনৰ গাৰপৰা সকলো অস্ত্ৰ-শস্ত্ৰ খুলি লয় আৰু নিজৰ কাষলতিৰ মোনাৰপৰা এডাল সোণৰ শিকলি উলিয়াই তাৰে এটা হাতত বান্ধি আনটো মূৰ মণিমুগ্ধৰ হাতত দি ৰেণথিয়াং দুৱাৰমুখলৈ যায় ৷]
ৰেণথিয়াং :- প্ৰভু ৷ দাসৰ দোষ ক্ষমা কৰিব ৷ বন্ধু ভাবেৰে আপোনাৰ ভাবী পত্নী বুলি নগৰৰ দুৱৰীয়ে বাট এৰি দিলে... সসম্ভ্ৰমে ৷ কিন্তু এওঁলোকে আমাৰ ৰাজ্য আক্ৰমণৰ উদ্দেশ্যেহে আহিছে ৷
মণিমুগ্ধ :- সেইটো মই ভালকৈ বুজিছোঁ ৷ কিন্তু মোৰ বিনা আদেশত নগৰৰ দুৱাৰ কিয় মুকলি কৰি দিছিল ?
ৰেণথিয়াং :- অতি গুপ্তভাৱে দুৰ্গ কেনেবাকৈ পাৰ হৈ দুৰ্গৰ দুৱাৰ মুকলি কৰিলে ৷
মণিমুগ্ধ :- গুপ্তভাৱে ? অপদাৰ্থ ! যোৱা দোষীবোৰক উপযুক্ত শাস্তি আৰু আক্ৰমণকাৰী সকলোকে বন্দী আৰু আকৃমণকাৰীৰ দেশলৈ গৈ সিহঁতৰ গাঁও-ভূঁই, নগৰ-চহৰ সকলো জুই লগাই দাহ কৰা ৷
            [ইতিভেন শিয়ঁৰি উঠে ৷]
ৰেনথিয়াং :- প্ৰভু ! তাৰ কাৰণে আপুনি নিশ্চিন্ত হৈ থাকক, আৰু আপোনাৰ প্ৰেয়সী ইতিভেনৰ সৈন্য আৰু দেশৰ বিষয়া মই সকলো দিহা লগাম ৷
            [ৰেণথিয়াং দুৱাৰখন জপাই ওলাই যায় ৷ইতিভেন যাব খোজে ৷ মণিমুগ্ধই উঠি হাতত বন্ধা সোণৰ শিকলিডালত থাপ মাৰি ধৰি ৰাখে ৷ ইতিভেনে ক্ষব্ধা বাঘিনীৰ দৰে ফোপাবলৈ ধৰে ৷ ]
মণিমুগ্ধ :- ইতিভেন ! ইয়াৰ অৰ্থ ?
ইতিভেন :- অৰ্থ ? অৰ্থ এই যে তুমি মোৰ দেশৰ কুমাৰীৰ সতীত্ব হৰণ কৰিছা ৷
মণিমুগ্ধ:-   সেই দেখি তুমি সতীত্ব ৰক্ষা কৰিবলৈ সৈন্য সামন্তৰে লৰি আহিছা ? হা: হা: হা:  !
ইতিভেন :- তুমি ৰূপালীমক হৰণ কৰি আমাৰ দেশক অপমান কৰিছা ৷ নিৰাশ্ৰয়া অবলাৰ ওপৰত অত্যাচাৰ কৰিছা ৷ মই দেশৰ মান, জাতিৰ মান ৰাখিবলৈ প্ৰাণ দিবলৈ আহিছোঁ ৷
মণিমুগ্ধ:- মিছা কথা ৷
ইতিভেন :- মিছা কথা ?
মণিমুগ্ধ:-  অৱশ্যে মিছা কথা ৷ তুমি আহিছা তোমাৰ ঈৰ্ষাৰ সন্তুষ্টিৰ বাবে... মোৰ ওপৰত প্ৰতিশোধ লবলৈ ৷
            [ৰেংথিয়াং সোমাই আহে ৷]
মণিমুগ্ধ:-  বেছ্‌ কথা ৷ অ ৰেণথিয়াং ৷ ইয়াৰপৰা যা, আ...ৰু মোক দে এবাটি ডাঙৰ বাটিৰে চোকা ফটিকা .... আৰু ইতিভেনক দে এবাটি ফট্‌ফটীয়া পানী... দে.... আন... আ... ৰু.... শুন ৰেণথিয়াং !
মণিমুগ্ধ:-  ৰেণথিয়াং ৷ তহঁতে আৰু নিশাটো কোনেও আহুকাল নকৰিবি ৷ দুৱাৰত মাত্ৰ লিগিৰী থৈ দিবি... যি বিচাৰোঁ যতনাই দিবলৈ ৷ তাৰ বাহিৰে সকলো প্ৰমোদ নিস্তব্ধ ৷ বুজিছ ? মাত্ৰ মোৰ খিৰিকী-দুৱাৰৰ তলৰপৰা নিশাৰ নিশাটো আহি থাকিব লাগিব... মৃদু সঙ্গীতৰ গুঞ্জন-ধ্বনি ! বুজিলি ? দে ফটিকা ৷
ৰেণথিয়াং :- [আচৰিত হৈ ] ৰূকমী সৈন্যই দেখোন নগৰ বেঢ়ি থৈছে ৷
মণিমুগ্ধ:-  [চিঞৰি দাবী দি ] মূৰ্খ ! অপদাৰ্থ ! মোৰ ইমান সৈন্য-সামন্ত থাকোঁতেও সেই চিন্তা মোক কৰিবলৈ দিছ ? যা ! এফালৰপৰা সকলোকে নিৰ্মূল কৰ ৷ ধ্বংস কৰ ৷ অৱশিষ্টক বন্দী কৰ.... ৰূকমীৰ ৰাজ্য ৰাতিৰ ভিতৰতে পুৰি ভস্ম কৰ ৷ এখনো গাঁও যাতে বাকী নাথাকে ৷ যা, মই খিৰিকীৰপৰা ৰূকমীৰ কাৰেং দাহ কৰা, জুইৰ ৰঙা, নীলা শিখাবোৰ দেখিব লাগিব ৷
            [ৰেণথিয়াং যাব ধৰে]
আৰু শুন... ৰূপালীমক জীয়াই জীয়াই মোৰ আগত আনি দিব লাগিব, কোনো অঙ্গত ঘূণ নলগাকৈ ... যা ৷
            [আ্টাইবোৰ ওলাই যায় ৷ ৰেণথিয়াং ওলাই গৈ দুৱাৰ জপাব খোজোঁতেই ইতিভেন বাঘিনীৰ দৰে হুজৰি গৈ দুৱাৰত বিচেষ্টা হৈ দুৱাৰত ভুকুৱাবলৈ ধৰে ৷ মণিমুগ্ধই গহীন হৈ ইতিভেনক বান্ধি থোৱা শিকলিডালত ধৰি একে আজোৰে পেলাই দিয়ে ৷ইতিভেনে ততালিকে উঠি ফোপাবলৈ ধৰে ৷]
ইতিভেন :- তোমাৰ অভিপ্ৰায় ?
মণিমুগ্ধ:-  তোমাক সাৱটি ধৰি খিৰিকীয়েদি তোমাৰ ৰূকমী গাঁও ধ্বংস কৰা জুইৰ শিখা চোৱা...
ইতিভেন :- তেন্তে সঁচাকৈয়ে.... আমাৰ গাঁওবোৰ পুৰিব নেকি ?
মণিমুগ্ধ:-  নুপুৰি নকৈ সাজিবলৈ মই ইমানবোৰ সৈন্য যাবলৈ কৈছোঁনে ?
ইতিভেন :- কি অধিকাৰত পুৰিবা ?
মণিমুগ্ধ:-  যি অধিকাৰত তুমি মোৰ নগৰ অৱৰোধ কৰিছিলা ৷
ইতিভেন :- ৰূপালীমক কি কৰিলা ?
মণিমুগ্ধ:-  ৰূপালীম্‌ ইয়াৰপৰা পলাই গৈছে ৷আকৌ ধৰি আনি দিবলৈ কৈছোঁ ৷
ইতিভেন :- কিয় ? ৰূপালীমক কি কৰিবা ?
মণিমুগ্ধ:-  মোৰ কুঁৱৰী....
ইতিভেন :- [শয্যাত ঠেকেচা খাই বহি] কুঁৱৰী ! তোমাৰ কুঁৱৰী ...
মণিমুগ্ধ:-  অৱশ্যে মোৰ ৷
ইতিভেন :- তাইক তোমাৰ কুঁৱৰী কৰিব নোৱাৰা ৷
মণিমুগ্ধ:-  কিয় ?
ইতিভেন :- তাই মান্তি নহয় ৷
            [মণিমুগ্ধই খিলখিলাই হাঁহিবলৈ ধৰে আৰু এঢোক ফটিকা খাই আকৌ হাঁহিবলৈ ধৰে ৷ এনেতে ৰূকমী আৰু প্ৰান্তদেশী সৈন্যবোৰৰ মহাসমৰ হয় ৷বিকট চিঞৰ আৰু কোলাহল হবলৈ ধৰে ৷ইতিভেন উত্তেজিত হয় ৷]
মণিমুগ্ধ:-  শুনিছা মোৰ সৈন্যই তোমাৰ ৰূকমী বীৰসকলক কেনেকৈ দংশি নিব লাগিছে ? আৰু অলপ সময় ৷ তাৰ পিছত সকলো নিতাল মাৰিব ৷নিস্তব্ধতা হলে মই মোৰ অন্তৰৰ কথা তোমাক কম ভাঙি-পাতি ৷ তেতিয়া বুজিবা মই তোমাক কিমান ভাল পাওঁ ৷
            [ইতিভেন খঙত একো নাই হৈ নিজকে বন্ধা সোণৰ শিকলিডালেৰে মণিমুগ্ধক অতৰ্কিতে বৰ টানকৈ কোব মাৰে ৷ সেই কোব মণিমুগ্ধৰ মূৰত লাগি হো-হোকৈ তেজ ববলৈ ধৰে ৷ মণিমুগ্ধ শয্যাত বাগৰি পৰি যায় ৷ লাহে লাহে মূৰ্চ্ছা যোৱা যেন হয় ৷ ইতিভেনে থৰ লাগি চকু টেলেকা কৰি চাই থাকে ৷ তাৰ পিছত মণিমুগ্ধক মূৰ্চ্ছা যোৱা যেন দেখি বিহ্বল হৈ মণিমুগ্ধৰ বাউসীত ধৰি জোকাৰি লৰালৰিকৈ পানী আনি মূৰত চকুত দিবলৈ ধৰে ৷ বৰ উত্ৰাৱল আৰু বিচেষ্ট হৈ পৰে ৷ তাৰ পিছত মণিমুগ্ধৰ মূৰটো নিজৰ কোলাৰ ওপৰত তুলি বৰ উদ্বিগ্ন হৈ মাজে মাজে জোকাৰে ৷ মণিমুগ্ধ সংজ্ঞা উভতি আহে আৰু ইতিভেন বুলি সেহাই মাতে ৷]
ইতিভেন :- মণিমুগ্ধ ! মণিমুগ্ধ ৷ মই আছোঁ তোমাৰ ওচৰতে...
 মণিমুগ্ধ:-  ইতিভেন ! এঢোক ফটিকা দিয়া ৷
            [ইতিভেনে ততাতৈয়াকৈ মুখত ফটিকা অলপ বাকি দিয়ে ৷ ফটিকা খাই মণিমুগ্ধ কিছু সুস্থ হয় ৷]
মণিমুগ্ধ:-  ইতিভেন ! বৰ দুখ দিলা ৷ তুমি বৰ নিষ্ঠুৰা.... তুমি মোক ভাল নোপোৱা ইতিভেন ?
ইতিভেন :- [হুকহুকাই কান্দিবলৈ ধৰে ] মণিমুগ্ধ ! বৰ ভাল পাওঁ .... বৰ ভাল পাওঁ ৷ তোমাক বৰ ভাল পাওঁ ৷
            [মণিমুগ্ধক সাৱটি ধৰি মূৰত চুমা খাই গালখন মূৰত লগাই কান্দি থাকে ৷]
মণিমুগ্ধ:-  ময়ো তোমাক বৰ ভাল পাওঁ ৷
ইতিভেন :- তেন্তে আৰু তুমি ৰূপালীমকৰ কথা নকবা ৷ তাইক আৰু ইয়ালৈ নানিবা ৷
মণিমুগ্ধ:-  কিন্তু ৰূপালীমৰ ৰূপ... ৰূপালীম্‌ সুন্দৰী....
ইতিভেন :-  [মণিমুগ্ধৰ মূৰটো কোলাৰপৰা নমাই থৈ ] তুমি... তুমি.... তুমি ৰূপালীমক ইয়ালৈ আনিব নোৱাৰা ৷
মণিমুগ্ধ:-  নহয়... ৰূপালীমৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰিলে মোৰ জীৱন অসাৰ্থক ৷ তোমাক মই ভাল পাওঁ ৷
ইতিভেন :- তোমাক মই এইবাৰ ৰূপালীমক লগ পোৱাৰ আগতে শেষ কৰিম ৷
            [ইতিভেনে আকৌ সোণৰ শিকলি আগটোৰে মণিমুগ্ধক মাৰিবলৈ উদ্যত হওঁতেই মণিমুগ্ধই থিতাতে উঠি ইতিভেনৰ হাতত থাপ মাৰি ধৰি দুই হাতেৰে ইতিভেনক চোচোৰাই টানি আনে আৰু ইতিভেনে হাত-ভৰি এচাৰিবলৈ ধৰে ৷মণিমুগ্ধই কোনো মতেৰে ধৰি ৰাখে ৷]
মণিমুগ্ধ:-  লিগিৰী ৷ [লিগিৰী এজনী সোমাই আহে ৷]
মণিমুগ্ধ:-  চন্তৰী দুটা মাত ৷
            [লগিৰী ওলাই যায় আৰু চন্তৰী দুটা সোমাই আহে ৷]
মণিমুগ্ধ:-  চন্তৰী ! এইক ভালকৈ বান্ধি.... মোৰ বন্দীশালত থৈ দেগৈ ৷
            [চন্তৰী আহি ইতিভেনক ধৰি বাহিৰলৈ উলিয়াই নিব খোজে ৷]
ইতিভেন :- [চিঞৰি কয় ] তোক মই ঘিণ কৰোঁ ৷ঘিণ কৰোঁ ...
মণিমুগ্ধ:-  ইতিভেন ! মই তোক ভাল পাওঁ ৷
ইতিভেন :- বৰ্ব্বৰ ! ঘিণ কৰোঁ... মই তোক ঘিণ কৰোঁ ৷
            [চন্তৰীয়ে টানি উলিয়াই নিয়ে ৷]
মণিমুগ্ধ:-  মই তোমাক ভাল পাওঁ ৷ বৰ ভাল পাওঁ ৷
            [তাৰ পিছত মণিমুগ্ধই কোঠাটোৰ মাজতে জলকা লাগি ৰৈ থাকে ৷ লিগিৰীয়ে দুৱাৰখন জপাই দিয়ে ৷ লাহে লাহে মণিমুগ্ধ আহি এবাটি ফটিকা লৈ খায় ৷ এনেতে দূৰৈত খিৰিকীয়েদি গাওঁও পোৰা জুইৰ শিখা উজ্জ্বল হৈ জ্বলি উঠে আৰু তলত কোঢ়াল হয় ৷মণিমুগ্ধই ফটিকাৰ বাটিৰপৰা আৰু এঢোক খায়গৈ ৷ খিৰিকী দুৱাৰত ভৰি বহলকৈ মেলি কঁকালত হাত দি দূৰৰ জুই চাই ৰৈ এবাৰ পিশাচৰ দৰে হাঁহি কয় ৷]
মণিমুগ্ধ:-  [ডাঙৰকৈ কয় ] তিৰোতাৰ ঈৰ্ষাৰ জুইত এটা জাতি জহি যাব লাগিছে ৷ [সাউৎকৈ ঘূৰি ]  হা:  হা:  হা:  !

ঐক্যতান



                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]







No comments: