অনুসন্ধান আকাংক্ষাত

Tuesday, March 19, 2013

নাটক – ৰূপালীম্‌ - দ্বিতীয় অঙ্ক



নাটক ৰূপালীম্‌
[জ্যোতিপ্ৰসাদ আগৰৱালা]

দ্বিতীয় অঙ্ক

            [গাঁৱত জুনাফাৰ চাংঘৰৰ আগচোতাল ৷সোঁফালে চোতাললৈ মুখকৈ আৰু পাছৰ সোঁফালে চোতাললৈ মুখকৈ দুটা চাংঘৰ ৷বাওঁফালে মুকলি আকাশ আৰু অলপ দূৰৈত পৰ্ব্বতবোৰ ৷ আবেলি তিনি চাৰিজনীমান ৰূকমী ছোৱালী ৷কোনোজনীয়ে উৰালত ধান খুন্দিছে ৷ কোনোজনীয়ে কুলাত জাৰিছে আৰু কোনোজনীয়ে চালিছে আৰু মুখেৰে গীত গাব লাগিছে ৷ৰূপালীমে এঠাইত বহি কঁকালত লোৱা তাঁত বৈছে আৰু মাজে মাজে আন ছোৱালীবোৰৰ সৈতে কথা পাতি হাঁহি-ধেমালিকৈ আছে ৷]

গীত :-

ৰূকমী ছোৱালী:-     জিলিকা পাখিৰে

                                      সোণ মৰা চৰাই !

                             ৰঙা সেউজীয়া তৰাফুটুকীয়া

                                      তোৰ গোট গাৱতে

                                                সোণ মৰা চৰাই !

                             জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি

                                      তোৰ মৰমতে মৰো

                                                সোণ মৰা চৰাই !


          [গীত চলি থকাৰ মাজতে জুনাফাই পিঠিত খৰি এবোজা লৈ তালৈ সোমাই আহি খৰিবোজা মাজতে থয় ৷ছোৱালীবোৰলৈ চাই সন্তোষেৰে হাঁহি চাংঘৰৰ ভিতৰলৈ সোমাই যায় ৷এনেতে ছোৱালীবোৰৰ মাজতে বাঘৰ মূৰ এটা ধুম্‌কৈ পৰে ৷ ছোৱালীবোৰে ভয় খাই চিঞৰি তাৰপৰা ফাঁহি চিটিকা দিয়ে ৷মাথোন ৰূপালীমে বহাৰপৰা উঠি বিস্ময়েৰে বাঘটোৰ মূৰটোলৈ চাই আপু আপুকৈ চিঞৰে ৷ তাতে জুনাফা চাংঘৰৰপৰা ওলাই আহে ৷ মায়াব হাতত ধনু-কাঁৰ লৈ ওলাই আহে ৷সোঁহাতত তাৰ মিত, তেজেৰে ৰাঙলী ৷ সোমাই আহি জুনাফা আৰু ৰূপালীমৰ ফালে চাই নমতা নোবোলাকৈ থাকে ৷জুনাফাই মায়াবলৈ চাই ভৰিৰপৰা মূৰলৈকে পৰ্য্যবেক্ষণ কৰি হাতেৰে বাঘৰ মূৰটো কাণত ধৰি দাঙে আৰু তাক ভালকৈ চাই, এবাৰ বাঘৰ ফালে এবাৰ মায়াবলৈ চাই সন্তোষেৰে মূৰ জোকাৰে ৷ ৰেণথিয়াঙে লৰালৰিকৈ তালৈ সোমাই আহি থাপ মাৰি জুনাফাৰ হাতৰপৰা বাঘৰ মূৰটো আনি মায়াবক কয় ৷ ৰূপালীম্‌ ভয় খাই কেখোজমান পাছলৈ গৈ ঘৰৰ দুৱাৰ মুখত ৰয়গৈ ৷]
ৰেণথিয়াং :- [মায়াব] কাপুৰুষ ! লোকৰ চিকাৰ আনি বীৰ বোলাইছ ?
            [তাচ্ছিল্যৰ হাঁহি মাৰি তাৰপৰা যাবলৈ ধৰোঁতেই মায়াবই হাতত থাপ মাৰি ধৰে ৷]
মায়াব :- তাৰ মানে ?
ৰেণথিয়াং :- তাৰ মানে আৰুনো কি ? লোকৰ শৰত পৰা বাঘৰ মূৰটো নিজৰ বুলিবলৈ অলপো সঙ্কোচ লগা নাইনে ?
মায়াব :- তুমি মিছা কৈছা ৷
ৰেণথিয়াং :- সাৱধানে কথা কবি ৷ মই কোন নেজান হবলা ?
মায়াব :- তুমি যিয়েই হোৱা নেলাগে, মূৰটো কেতিয়াও তোমাৰ হব নোৱাৰে ৷
            [মায়াবই তাৰ হাতৰপৰা মূৰটো কাঢ়ি আনে ৷ ৰেণথিয়াঙেও তাৰপৰা কাঢ়ি আনিবলৈ যায় ৷ ইয়াৰপৰাই দুয়োৰে মাজত মৰামৰি লাগে ৷ ৰেণথিয়াং আহত হৈ মাটিত পৰি যায় ৷ সেহাই সেহাই উঠি মায়াবৰ ফালে খাওঁ খাওঁ মূৰ্তিৰে চাই তাৰপৰা ওলাই যায় ৷]
জুনাফা :- [আচৰিত হৈ মায়াবৰ ওচৰলৈ আহি ] মায়াব ! এইবোৰৰ মানে কি ?
মায়াব :- [সেহাই সেহাই ] আজি তিনিদিন এই বাঘটোৰ পাছে পাছে ফুৰিছোঁ ৷ আজি কিন্তু সি মোৰ শৰৰপৰা সাৰিব নোৱাৰিলে ৷ঘাইল হৈ বাঘটোৱে হাবি-বন মহটিয়াবলৈ ধৰিলে ৷আৰু এডাল কৰবাৰ কাঁৰ সোঁ-সোঁকৈ আহিল ৷ বাঘৰ গাৰপৰা দূৰেদি গৈ গছ এজোপাত বিন্ধ খাই ৰলগৈ ৷ মই ছল চাই গৈ বাঘৰ মূৰত ঘাপ শোধালোঁগৈ ৷মূৰটো হাতত লৈয়ে দেখিলোঁ এই মানুহটোৱে হাতত ধনু-কাঁৰেৰে অলপ দূৰতে ৰৈ আছে ৷ মূৰ হাতত লৈ গুচি আহিলোঁ ৷ তাৰ পিছত এই ঘটনা ৷
            [এনেতে ৰূপালীম্‌ লৰ মাৰি মায়াবৰ ওচৰলৈ আহে ৷]
ৰূপালীম্‌:- মায়াব ! মায়াব ! তুমি বাঘটোৰ মূৰটো কেলৈ কাটিলা ?
মায়াব :- এনেয়ে ৷
ৰূপালীম্‌ :- পিছে, তাৰ পোৱালিবোৰক কোনে খুৱাব ? সিহঁত মৰি যাব নহয় ?
মায়াব :- যোৱাচোন ৰূপালীম্‌, পানী অলপমান আনাগৈ ৷ মোৰ বৰ পিয়াহ লাগিছে ৷
ৰূপালীম্‌ :- বাৰু মায়াব ৷ পিছে বাঘৰ পোৱালিকিটাও তুমি আনিবা দেই ৷ মই সিহঁতক খাবলৈ দিম, নহলে সিহঁতে অকলে অকলে হাবিত কান্দি কান্দি ঘূৰি ফুৰিব ৷আনিবা দেই ৷
                                      [ ভিতৰলৈ পানী আনিবলৈ  যায় ৷]    
জুনাফা :- মায়াব ! সঁচাকৈয়ে তই চিকাৰ কৰিব পাৰ ! ৰূপালীমক তই পোহপাল দিব পাৰিবি ৷
মায়াব :- তেন্তে তুমি মোৰ লগত ৰূপালীমক বিয়া দিবা ?
জুনাফা :- ওঁ... [এই বুলি জুনাফাই মনতে অলপ চিন্তা কৰে ৷]
মায়াব :- [বুঢ়াৰ মুখলৈ অলপ পৰ চাই ] জুনাফা ! কতা ? তুমি দেখোন মুকলি মনেৰে কব পৰা নাই ৷
জুনাফা :- মায়াব ! তই যে পুহিব পাৰিবি সেই বিষয়ে মোৰ অলপো সন্দেহ নাই ৷ পিছে... মই কেনেকৈ থাকিম মায়াব ? মই আজি এই পোন্ধৰ বছৰ তাইক বুকুত বান্ধি লৈ ফুৰাইছোঁ ৷মোৰ এজনী জী ৷ তাই মৰিবৰ সময়ত তাইৰো একেজনী জীয়েক ৰূপালীমক মোক গতাই দি গৈছে ৷ তাইক মই মোৰ জীৱটোৰ দৰে ৰাখি আছোঁ ৷
                                      [এনেতে ৰূপালীমে বাটি এটাত পানী আনি মায়াবক দিয়ে আৰু মায়াবই লৈ খাবলৈ ধৰে ৷ ৰূপালীমে পৰি থকা বাঘৰ মূৰটোৰ ওচৰলৈ গৈ তালৈ এবাৰ আচৰিত হৈ আৰু এবাৰ বেজাৰকৈ চাই হাতেৰে চুব খোজে ৷ হাত কোচাই আনে ৷]
ৰূপালীম্‌ :- বাঘৰ মূৰটো তুমি কেলৈ কাটিলা মায়াব ?
মায়াব :- [অলপ হাঁহি ] তোমাক বিয়া কৰাবলৈ ৷ ৰূপালীম্‌ [লাজ কৰি জুনাফাৰ ফালে কেৰাহিকৈ চায় ৷]
জুনাফা :- [গহীনকৈ তাইলৈ মৰম বেজাৰেৰে চাই মূৰ জোকাৰি ] ওঁ !
                                      [ৰূপালীমে অলপ লাজ কৰি আনফালে মূৰ কৰে ৷]
                                      [জুনাফাই তাইৰ মুখৰ ফালে ৰৈ চাই থাকে ৷ এনেতে দূৰৈত চিকাৰ কুকুৰৰ ভুক্‌ভুকনি শুনা যায় আৰু আটাইবোৰ আচৰিত হয় ৷ মায়াবই সেইফালে ডিঙি মেলি মেলি চাই কিছু উদ্বিগ্ন হয় আৰু ৰূপালীমক হাতত ধৰে ৷]
মায়ব :- ৰূপালীম্‌ ! তুমি ঘৰৰ ভিতৰলৈ যোৱাচোন ৷ এইবোৰ কোনোবা শত্ৰু আহিছে ৷ তুমি নোলাবা ৷
                                      [তাইক ঘৰৰ ফালে হেঁচোকা মাৰি দিয়ে আৰু তায়ো কোনো প্ৰতিবাদ নকৰি সোমাই যায় ৷]
          জুনাফা ! এই পাষণ্ড কেইটা আকৌ কাজিয়া কৰিবৰ মনেৰে আহিছে ৷
                                      [মায়াব আগন্তুক বিপদৰ কাৰণে সষ্টম হৈ থাকে ৷ জুনাফাক কিছু সশঙ্কিত যেন দেখা যায় ৷ৰেণথিয়াং দম্ভেৰে তালৈ হাতত কাঁৰ এপাত লৈ সোমাই আহে ৷ আহি মায়াব আৰু জুনাফাৰ আগতে সগৰ্ব্বে থিয় হৈ হাতৰ কাঁৰপাতেৰে মায়াবক দেখুৱাই সি অহা ফালে ভিতৰলৈ চাই কয় ৷]
ৰেণথিয়াং :- প্ৰভু ! এই দুৰাচাৰ কাপুৰুষেই মোৰ চিকাৰৰ মূৰ কাটি ইয়াত তাৰ মইমতালি দেখুৱাইছেহি ৷ আৰু তাকে মই দাবী কৰিলত সি মোক অপমান কৰি আপোনাৰো অপমান কৰিছে ৷
                                      [মায়াব ৰেণথিয়াঙৰ ফালে জোখৰ খোজেৰে আগবাঢ়ি আহি তাৰ ওচৰ নৌ পাওঁতেই মণিমুগ্ধ আহি তালৈ কুকুৰলৈ চোৱাৰ দৰে চাই কয় ৷]
মণিমুগ্ধ :- মূৰ্খ !  নিলাজ ! খন্তেকতে বাঘৰ মূৰ উলিয়াই ওভোতাই দে, চোৰ !
মায়াব :- আপুনি মোক বৰ বিমোৰত পেলাইছে ৷ বোধকৰোঁ আপুনি নাই দেখা দেখিহে এনে কথা কৈছে ৷ দৰাচলতে এই বাঘ মোৰ শৰত পৰিছে ৷ আপোনাৰ ভ্ৰম ৷
ৰেণথিয়াং :- ভ্ৰম ?
মায়াব :- অৱশ্যে ৷
মণিমুগ্ধ:- ৰূকমী ডেকা ! মোৰ মানুহে মিছা কথা নকয় ৷
                                      [খঙেৰে আগবাঢ়ি যায় ৷ হঠাৎ জুনাফা সোমাই আহে ৷]
জুনাফা :- কোন তোমালোক ? মোৰ চোতালত তোমালোকক এনে আচৰণ কৰিবলৈ কোনে অধিকাৰ দিছে ৷
মণিমুগ্ধ :- মোৰ শক্তিয়ে দিছে ?
জুনাফা :- তোমালোকক সম্ভ্ৰন্ত লোক যেন দেখিছোঁ ৷ পিছে ই কেনে বৰ্ব্বৰ আচৰণ ? অচিনাকি ! মোৰ আদেশ... তোমালোক মোৰ ঘৰৰ চোতালৰপৰা আঁতৰ হোৱা ৷
ৰেণথিয়াং :- [জুনাফাৰ ওচৰলৈ চোঁচা মাৰি আহি বুঢ়াৰ ডিঙিত ধৰি ] বৰ্ব্বৰ ! নিশকতীয়া বুঢ়া ! তোৰ কিহৰ ইমান তেজ ? কাক এনে বাক্য বুলিছ ?
                                      [জুনাফাৰ ডিঙিত চেপি জোকাৰিবলৈ ধৰে আৰু মায়াবই খন্তেকৰ ভিতৰতে কাঁৰপাত অহাদি আহি ৰেণথিয়াঙক ডিঙিত ধৰি মুখত ঘুচিয়াই মাটিত পেলাই দিয়ে ৷ তাতে দুয়োটাৰ তুমুল সংগ্ৰাম আৰম্ভ হয় ৷ জুনাফা কঁপি কঁপি মাটিত বহি যায় ৷মণিমুগ্ধই কঁকালৰপৰা উলিয়াই এটা পেঁপা বজায় ৷পাচোটামান বন্দী গৰখীয়া সেনা আহি তৎক্ষণাত ৰেণথিয়াঙক মায়াবৰ হাতৰপৰা মুক্ত কৰি আনে ৷মায়াব উঠিবলৈ ধৰোঁতে কেইবাটাও সেনাই ধৰি ধনঞ্জয় প্ৰহাৰ আৰম্ভ কৰিলত সি পৰি যায় ৷ৰেণথিয়াঙে তেতিয়া হাতৰ চাবুকেৰে তাক মূৰে-গায়ে একোনাই হৈ কোবাবলৈ ধৰে ৷মায়াবৰ মুখে-নাকে তেজ ববলৈ ধৰে ৷ সি মাটিত পৰি মূৰ্চ্ছা যায় ৷ মায়াবৰ অৱস্থা দেখি জুনাফাই থাকিব নোৱাৰি চিঞৰিবলৈ ধৰে ৷]
জুনাফা :- কিন আছ ? কোন আছ ? ৰাখহি ! ৰাখহি ! গাঁৱৰ ডেকা বুঢ়া, কোন আছ চাহি ৷
                                      [চাৰিওফালে বলিয়াৰ দৰে লৰি-ঢাপৰি চিঞৰিবলৈ ধৰিলে ৷]
              আহ অ ! কোন আছ ....
                                      [জুনাফাৰ চিঞৰোতে চিঞৰোতে মাত ক্ষীণ হৈ পৰে ৷ ৰেণথিয়াঙে মায়াবক এৰি জুনাফাৰ ওচৰলৈ আহে ৷]
ৰেণথিয়াং :- [মণিমুগ্ধক ] প্ৰভু ! এই বুঢ়াই সকলোৰে গুৰি ৷ আপোনাক ই অপমান কৰে... ই...ই... [চাবুক দাঙি ] ইয়াক.... ইয়াকহে ভালকৈ এসেকা দিব লাগে ৷
                                      [জুনাফাক কোবাবলৈ ধৰে ৷]
জুনাফা :- [খঙত বলিয়া হৈ ককালৰ মিত উলিয়াই] নহয়... নহয়... তহঁতকো শুদাই নেৰিছোঁ ৷
                                      [জুনাফাই মিত্‌ ঘূৰাবলৈ ধৰে ৷ ৰেণথিয়াং আঁতৰ হয় ৷ মণিমুগ্ধই ইঙ্গিত দিয়ে আৰু সেনাবোৰে মিত্‌ ইলিয়াই জুনাফাক বেঢ়ি ধৰে ৷এনেতে ৰূপালীমে উধাতু খাই আহি কয় ]
ৰূপালীম্‌:- নামাৰিবি ৷ নামাৰিবি ৷
                                      [চাংঘৰৰ ভিতৰৰপৰা ওলাই আহি সিহঁতৰ মাজত পৰেহি ৷ আটাইবোৰ ক্ষান্ত হয় ৷]
ৰূপালীম্‌:- [হুক্‌-হুক্‌ কৰে কান্দি ] নামাৰিবা, নামাৰিবা ৷ মোৰ আপুৱে তোমালোকৰ কি জগৰ কৰিলে বাৰু ? [জুনাফাৰ মুখলৈ চাই হুক্‌-হুক্‌কৈ কান্দি] আপু ! আপু ! অ আপু ! .... [মায়াবলৈ চাই হুক্‌-হুক্‌কৈ কান্দি মায়াবৰ ওচৰলৈ গৈ তেজ দেখি ভয়ত চিঞৰি ] আপু !... আপু !... মায়াবৰ কি হল ?... মায়াব... মায়াব
                                      [ৰূপালীমে মায়াবৰ মুখৰ তেজ মচি দিবলৈ ধৰে ৷ মায়াব পৰি থাকে ৷ জুনাফাই অপমানত জৰ্জ্জৰিত হৈ কয় ]
জুনাফা :- শক্তিৰ অধিকাৰ ! শক্তিৰ অধিকাৰ !! এৰা, শক্তিৰেই অধিকাৰ... বলীৰেই অখণ্ড প্ৰতাপ ৷
                                      [ইমান সময় মণিমুগ্ধ মন্ত্ৰমুগ্ধৰ দৰে ৰূপালীমৰ ফালে চাই আছিল ৷ মণিমুগ্ধ তেনেকৈ তন্ময় হৈ চাই থাকোঁতে ৰেণথিয়াঙে কাণে কাণে কিবা কলেহি তাতে মণিমুগ্ধৰ টোপনি ভঙা যেন হল ৷]
মণিমুগ্ধ :- অৱশ্যে, অৱশ্যে, এই মুকুতা যদিও শামুকৰ পেটত উপজিছে, ইয়াত ইয়াৰ ঠাই নহয় ৷ ই ৰাজকাৰেঙৰহে উপযোগী ৷ এই ৰূপহীজনী কোন ?
জুনাফা :- কোন ? কেলৈ আমাক শাস্তি বিহি হেপাহ পলোৱা নাইনে ? এতিয়া আজলী ছোৱালী...
মণিমুগ্ধ :-[কোমলাই ] নহয় নহয় বুঢ়ামানুহ ! সেইবোৰ কথা আৰু নুলিয়াবা ৷ যি হল হল ৷ পাহৰি যোৱা ৷ এইজনী সম্ভৱ তোমাৰেই জী নাইবা নাতিনী ৷ তাইৰ ৰূপলৈ চাই তাই তোমাৰ জুপুৰীৰ কাৰণে নহয়, তাইৰ ৰূপৰ জেউতি আঢ্যৱন্তসকলৰ জোনাকী কাৰেঙৰ ভিতৰতহে দুগুণে চৰিব ৷
জুনাফা :- [নিজৰ মনতে ৰোষত জ্বলি ] এনে কথাও মই শুনি থাকিবলগীয়া হল ! এনে কথাও... মই সহিব লাগিব ৷ কিয় তোৰ শক্তি নাই ? তই কিয় দুৰ্ব্বল হৈ সংসাৰলৈ আহিছিলি ? দুৰ্ব্বলৰ কিহৰ মান... কিহৰ অপমান ? অপমানেৰে...ক্ষোভেৰে... নিজৰ গাৰ প্ৰতি তেজ টোপালেৰে তই তোৰ দুৰ্ব্বলতাক পুহিব লাগিব ৷ এই পৃথিৱীৰ... নৈ-সাগৰ...বন উপবন... ভালৰো ভাল, সুন্দৰৰো সুন্দৰখিনি...ৰূপৰো ৰূপ... কাৰ ভোগ্য ? বলীৰ ...শক্তিশালীৰ ৷ আৰু তই.... বলীৰ পাদুকাৰ মলি মাথোন ৷ পেলাই দিয়া চুৱা-পাতেৰে তোৰ ক্ষীণ আৰু দুৰ্ব্বল অঙ্গ ৰক্ষা কৰিব লাগিব আৰু যদি ভুলত, অদৃষ্টৰ পৰিহাসত তোলৈ কিবা ভাল বস্তু আহে... তাক তই বলীৰ হাতত দিব লাগিব ৷ তোৰ পুষ্ট শৰীৰটো বলীৰ পদ-সেৱাত... তোৰ নিপোটল লৰাটো বলীৰ হুকুমৰ আঙুলি মূৰত... তোৰ সুন্দৰী ছোৱালীজনী... বলীৰ... সিহঁতৰ কাৰেঙৰ লিগিৰীকৈ দিবগৈ লাগিব ৷
মণিমুগ্ধ :- বুঢ়া ! অনৰ্থক অনুশোচনাৰপৰা একো ফল নাই ৷
ৰেণথিয়াং :- প্ৰভু ! সন্ধিয়া হৈ আহিছে ৷ আমি আৰু সৰহ বেলি ইয়াত ইহঁতৰ সৈতে ৰেপাৰেপি কৰি থাকিব নোৱাৰোঁ ৷ ইহঁতৰ যথোচিত শাস্তি হল ৷ এতিয়া নেদেখাজনৰ কৃপাত আমাৰ ভাগ্যত এই মুকুতাটি মিলিছে যেতিয়া...
মণিমুগ্ধ :- বুঢ়া মানুহ ! তুমি আপোন ইচ্ছাই এই ৰূপহীৰ কপাল মুকলি কৰি দিয়া ৷ তুমি ৰূপহীক মোক সমৰ্পন কৰা ৷ তাৰ সলনি... তোমাৰ এই জুপুৰিৰ সলনি... কাৰেং যেন ঘৰবাৰী আৰু সুন্দৰীৰ সলনি তাইৰ শৰীৰৰ জোখৰ সোণ...
জুনাফা :- সোণ ! সোণ ! সোণ নহয়... সোণ নেলাগে... ডকাইত... তোৰ প্ৰাণ....
                                      [জুনাফাই বুঢ়া বাঘৰ দৰে মণিমুগ্ধৰ গাত জাপ মাৰি পৰেহি ৷ মণিমুগ্ধই জুনাফাক হাতত ধৰি মাটিত বগৰাই পেলায় ৷আনফালে ৰেণথিয়াঙে ৰূপালীমক মায়াবৰ ওচৰৰপৰা কোলাত তুলি লৈ ওলাই যায় ৷ ]
ৰূপালীম :- [কান্দি কান্দি চিঞৰি ] আপু ! আপু ! ৰাখ অ মোক... কোন আছ ? কোন আছ ? [ৰেণথিয়াঙে তাইক উলিয়াই লৈ যায় ৷ ৰূপালীমে ৰেণথিয়াঙৰ কোলাত হাত ভৰি এচাৰি মূৰ আফালি কান্দি গছৰ পাত সৰুৱাই যায় ৷কিন্তু আন এটাই মুখত সোপা দিয়াত চিঞৰ নুশুনা হয় ৷ইফালে মণিমুগ্ধৰ ৰখীয়া সেনাৰ সৈতে জুনাফাৰ ভীষণ জুঁজ হয় ৷ এইবোৰৰ মাজত ৰূপালীমৰ এবাৰ দুবাৰ আপু...আপু ক্ষীণ চিঞৰৰ শব্ধ শুনা যায় ৷মায়াবই তাৰপৰা উঠো উঠো কৰে কিন্তু উঠিব নোৱাৰি লুটি খাই খাই পৰি যায় ৷ গৰখীয়া সেনা কেইটাক ইঙ্গিত দিয়াত সিহঁতে আহি জুনাফাক ধৰি ৰাখি থয় ৷মণিমুগ্ধ তাৰপৰা খৰকৈ ওলাই যায় ৷ মণিমুগ্ধ ওলাই যোৱাৰ পিছতে সেনা কেইটাই জুনাফাক অতিপাতকৈ মৰিয়াই মৰিয়াই পেলাই থৈ গুচি যায় ৷ জুনাফা আধা-মৰাৰ দৰে তাতে পৰি থাকে ৷ মায়াবই কোনোমতে চুচৰি বাগৰি ইফালে সিফালে চাবলৈ প্ৰয়াস পায় আৰু সেহাই সেহাই ৰূপালীম্‌, ৰূপালীম্‌ বুলি মাতিবলৈ চেষ্টা কৰে ৷ কঁপি কঁপি জুনাফা উঠে ৷ জুনাফাৰ মুখৰ আকৃতি দেখিলে ভয় লগা ৷ বুঢ়া চকুৱেদি জুইৰ আঙনি বৰষিছে... সৰসৰাই চকুৰ পানী বৈছে ৷]
জুনাফা :- [বলিয়াৰ দৰে ] ৰূকমী... ৰূকমী ডেকা-বুঢ়া আটাইবোৰ জহি গলি নেকি ? উস্‌... মোৰ কি হল ... কি হল ? [হাওঁহাওঁকৈ কান্দি ] ৰূপালীম্‌...ৰূপালীম্‌ ! নাই, নাই... ধৰম নাই... বিচাৰ নাই... ৰজা নাই... ঈশ্বৰ নাই... অৰাজক... অৰাজক... [হাওঁহাওঁকৈ কান্দি] ৰূপালীম্‌... কলৈ গলি ? কোনে নিলে তোক ? ৰূপালীম্‌ ! ৰূপালীম্‌...
                                      [জুনাফা অলিয়া-বলিয়া হৈ ৰূপালীম্‌, ৰূপালীম্‌ বুলি চিঞৰি ওলাই যায় ... মায়াবই উঠিবলৈ চেষ্টা কৰি পৰি পৰি যায় ৷ বাহিৰৰপৰা জুনাফাৰ ৰূপালীম্‌বোলা চিঞৰ কাণত পৰেহি ৷জুনাফাৰ চিঞৰৰ লগে লগে মায়াবই দুগুণে অস্থিৰ আৰু অধৈৰ্য হৈ ছাটিফুটি কৰিবলৈ ধৰে ৷]
জুনাফা :- [বাহিৰত ] ৰূপালীম্‌ ! ৰূপালীম্‌.... কোনে ফালে ? কোনফালে ? কলৈ গলি অ ৰূপালীম্‌ ৷
                                      মোৰ
                                          ৰূপালীম্‌
                                              ৰূপালীম্‌
                                    ৰূপালীম্‌
                                           ৰূপালীম্‌
                                                                                     ৰূপালীম্‌

ঐক্যতান


                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]







No comments: