অনুসন্ধান আকাংক্ষাত

Monday, March 11, 2013

নাটক – কাৰেঙৰ লিগিৰী - চতুৰ্থ অংক - দ্বিতীয় দৰ্শন



নাটক কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]


চতুৰ্থ অংক
দ্বিতীয় দৰ্শন


[গা পৰ্বতৰ এটা পৰ্বতৰ গাৰ সমতল । এটা গুহাৰ আগৰ মুকলি ঠাই । অলপ পৰৰ পাছতে এটা নগা লৰা হাতত এপাট যাঠি লৈ কৰবাৰ পৰা লৰ মাৰি আহি তাত থিয় হয়হি । তাৰ চকুত অৰ্থহীন দৃষ্টি । মুখৰ ভাৱ মুহূৰ্তে মুহূৰ্তে সলনি হৈছে চাৰিওফালে চাই হঠাত কিবা এটা আনন্দত সি কিৰীলি মাৰি হাঁহি উঠে । তাৰ পাছত কথা  নাই বতৰ নাই, সি উন্মত্ত হৈ নাচিবলৈ ধৰে । তাৰ সেই নাচোন মাথোন মনৰ অসংলগ্ন অৱস্থা আৰু ভালকৈহে ফুটাই তাক বলিয়া বুলি পতীয়মান কৰায় । সি এইদৰে নাচি থাকোতেই অনঙ্গৰাম অতি ধীৰ আৰু দাৰ্শনিকৰ খোজেৰে সোমাই অলপ দূৰত থৰ হৈ থিয় দি তাক চাবলৈ ধৰে । অনঙ্গৰামৰ চুলিবোৰ অতি ৰুক্ষ । বহুত দিন তেলটেঙ্গা নঘহাত তাৰ বৰণ ৰঙচুৱা । গাত যদি আগৰ পাটৰ চোলা চুৰিয়া , সি এতিয়া জীৰ্ণ আৰু মলিন । অনঙ্গৰামৰ মুখৰ বৰণ শেঁতা আৰু গালত কিছু দাঢ়িও গজিছিল । চকুত কিন্তু এটা উদাৰ দৃষ্টি । মুখত এটা মুক্ত সন্যাসীৰ দৰে নিৰ্বিকাৰ ভাব আৰু আনন্দৰ হাঁহি লাগি আছিল । অনঙ্গ লাহে লাহে তাত পৰি থকা শিল এটাত বহে । নগা লৰাটোৰ এবাৰ হঠাৎ অনঙ্গৰ ওপৰত চকু পৰিলত নিমিষতে নাচ বন্ধ কৰি কাঠৰ পুতলাৰ দৰে অনঙ্গৰ ফালে চকু টেলেকাকৈ চাই থাকে ।]

অনঙ্গ:- নাচ ।
নগা লৰা:- নাচিলে মূৰ ঘূৰায়
অনঙ্গ:- তেন্তে কিয় নাচিছিলি ?
নগা লৰা:- [অট্টহাস্য কৰি ]  কিয় ? কিয় নানাচিম ? গছে নাচে পাতে নাচে, নৈয়ে নাচে ময়ো নাচিম । তই মোৰ চাৰাপেনক দেখিছিলি ?
অনঙ্গ:- চাৰাপেন কোন ?
নগা লৰা:- মোৰ বুকুৰ সোণ, তাইক আজি মই বহুদিন বিচাৰিছো, তাই নাই,ৰবালৈ গল ৷ তাই মোৰ নাচ চাবলৈ বৰ ভাল পাইছিল । মই নচা দেখিলে তাই বহুত দূৰৰ পৰা লৰি আহিছিল ।
অনঙ্গ:- তাই কিমান দিন হল হেৰাল ?
নগা লৰা:- দুবাৰ জাৰ হ, দুবাৰ বৰষুণ হল । সেই জুৰিটো দুবাৰ শুকালে, দুবাৰে ফেনে-ফোটোকাৰে বলে । ৰঙা ফুলবোৰে দুবাৰ ফুলিলে,  মোৰ চাৰাপেন নাচ চাবলৈ নাহিলে । তাইলৈ মনত পৰিলে মই নাচো, কিজানি তাই দূৰৰপৰা মোক নচা দেখি থাকিব নোৱাৰি লৰমাৰি চাবলৈ আহে । কতা পিছে মই নাচি আছো, পৰ্বতৰ টিঙত উঠি নাচিছো, নৈৰ পাৰত নাচিছো, বনৰ মাজত নাচিছো, ভৈয়ামৰ পথাৰত নাচিছো,তা চাৰাপেন দেখোন মোৰ নাচ চাবলৈ লৰ মাৰি নাহে ।
অনঙ্গ:- [হুমুনিয়াহ কাঢ়ি]  তোৰ এই নাচৰ কত শেষ হব তেন্তে আৰু ?  বুজিলো ই তোৰ অনন্ত নৃত্য । ব্যৰ্থ প্ৰেমিকৰ ব্যৰ্থ নৃত্য ।
[নগা লৰাটোৱে একো নুবুজি অনঙ্গৰ ফালে চাই থাকে]
বাৰু, তোৰ নাচ মই চালে নহবনে ?
নগা লৰা:-হব নহব ! কচোন বাৰু মোৰ চাৰাপেন কলৈ গ?
অনঙ্গ:- তোৰ চাৰাপেন গছৰ কুমলীয়া পাত হ, ৰঙা ফুল হ, হালধীয়া চৰাই হ, জুৰিৰ পানী হ, বৰষুণৰ টোপাল হল ।
নগা লৰা:- [তন্ময় হৈ শুনি ]  আৰু কি হ?
অনঙ্গ:- ধুনীয়া পখিলা হ, পুৱাৰ বতাহ হ, বেলিৰ পোহৰ হ, জোনৰ হাঁহি হ, নীলা আকাশ হল !
নগা লৰা:- তেন্তে গছপাত, ফুল, পখিলা, হালধীয়া চৰাই, জুৰিৰ পানী, বৰষুণ, , বেলি, জোন, তৰাক মই মৰম কৰিলে, ভাল পালে চাৰাপেনক মৰম কৰা হবনে ?  ইহঁতে মোৰ নাচ দেখিলে চাৰাপেনে দেখিবনে ?
অনঙ্গ:- পাব, পাব,দেখিব, দেখিব ।
নগা লৰা:- [হাঁহি জঁপিয়াই কিৰিলি পাৰি ]  ভাল হ,কেনে ভাল হল !  এজনী চাৰাপেনৰপৰা কিমানবোৰ চাৰাপেন হল । তেনে এতিয়া যদি পৰ্বতে ভৈয়ামে যতে থাকো তাতে চাৰাপেন থাকিব ।  যতে নাচো তাতে চাৰাপেনে দেখিব !  হিঃ হিঃ হিঃ ! বাৰু, মই ফুলবোৰক চুমা খালে চাৰাপেনৰ গালত সেই চুমা লাগিবনে ?
অনঙ্গ:- লাগিবতো ।
নগা লৰা:- কেনে ভাল হল ! বাৰু হালধীয়া চৰাইক মিঠাগুটি খুৱালে চাৰাপেনে সোৱাদ পাবনে ?
অনঙ্গ:- পাবতো, কেলেই নেপাব ?
নগা লৰা:- হিঃ হিঃ হিঃ !  তেন্তে মই হালধীয়া চৰাইক মিঠা গুটি খুৱাওঁগৈ , ফুলক চুমা খাওঁগৈ ।
            [জঁপিয়াই ওলাই যায় ]
[অনঙ্গই দীঘলকৈ উশাহ লয় । তেওঁ বহুত পৰ বিভোল হৈ থাকি লাহে লাহে আহি এটা শিলৰ ওপৰত বহে । চাৰিওফালে চাবলৈ ধৰে । অনঙ্গ বৰ বিয়াকুল হৈ আহিবলৈ ধৰিলে । তেওঁৰ মুখত এটা দিব্য কোমলতা ফুটি উঠিল । চকুত এটা বৰ সহজ জ্ঞানী ভাব ওলাই পৰিল । অনঙ্গ তন্ময় । তেওঁ চাৰিওফালে দৃশ্যবোৰ বৰ মৰমেৰে চাবলৈ ধৰিলে;  তেওঁ এনেকৈ চাবলৈ ধৰিলে যেনিবা আগত এখনি বৰ ডাঙৰ পুথি পৰি আছে আৰু তাৰ অৰ্থ বুজি বৰ আনন্দিত হৈছে । ]

অনঙ্গ:- আইৰ দৰে শান্ত স্নিগ্ধ
হৈ তুমি প্ৰকৃতি সুন্দৰী
দিছা সুবিমল স্নেহ বাকি,
প্ৰিয়াৰ সৌন্দৰ্য্য লৈ পূৰ্ণ
যৌৱনৰ লাজুকী হাঁহিটি মাৰি ।
প্ৰণয় বাতৰি কব খোজাহে সুন্দৰী,
ওৰণিৰে মুখ ঢাকি
বিশ্বৰ কুৰূপ তুমি পুনু বাছি আনি
কিয় কোৱা হাঁহি ?
ভ্ৰান্ত ধাৰণা তোৰ সকলো
মায়াৰ লীলা দুদিনতে
সৰি যোৱা উৎসৱলৈ বুলি গথা
বিচিত্ৰ বৰ্ণৰ ফুলৰ চাকি ।
তুমি প্ৰহেলিকাময়ী , বৈচিত্ৰ্যক
বিচিত্ৰৰে ৰাখিছাহে ঢাকি ৷
আপোন নৃত্যতে তুমি আপুনিয়ে
হোৱা বিয়াকুল । আপোনাতে
আপুনি বিভোল, তুমি বিদ্যাধৰী ।
আপোন ৰথৰ তুমি আপুনি সাৰথি,
এহাতেৰে ধৰি বাঘজৰি
আনহাতে কৰিছা সন্ধান
আপোনাৰ লক্ষ্য ভেদ কৰি ৷
আপোন হাতেৰে তুমি গঢ়িছা
নিজেই অব্যৰ্থ সন্ধানকাৰী
মহা অগ্নিবাণ ! আপোন
বাণেৰে তুমি নিজকেই কৰিছাহে
অব্যৰ্থ সন্ধান ।
আপুনি ইঙ্গিত
তুমি কৰিছা নিজেই, নিজে
জ্যোতিৰ্ম্ময়ী  হোৱা কৰি জ্যোতিষ্মান ।
আপোন কুৰূপ তুমি আপুনি মোহাৰি
নিজে মথি উলিয়াই সৌন্দৰ্য নিৰ্য্যাস,
আপোনাৰ শৰীৰতে আপুনিয়ে সানি,
আপুনিয়ে বিতৰিছা আপোন হাতেৰে,
আপোনাৰ সৌন্দৰ্য্যৰ যশ ।
আপোন হাতেৰে তুমি ভাঙ্গি আনি
নিজ ফুলনিৰ , সহস্ৰ সহস্ৰ কত
কুসুম কোমল সুৰভিৰে ভৰা
কত আৰু কতবোৰ পৰিমল ৰেণু,
ফুল মধু আনি তুমি ভৰাই দুকৰ
নিজে শিলাকুটি হৈ ভাস্কৰ্য্য নিপুণ তুমি
গঢ়িছাহে আপোন হাতেৰে
নন্দন-বিজয়ী বীৰ কুসুম কোঁৱৰ ।
কবি কল্পনাৰ ইন্দু নিন্দি পৰকাশী,
অধীশ্বৰী হেৰা অবিনাশী সৌন্দৰ্যৰ
 কিনো বিশ্বব্যপী আৱৰণ আচলৰ ।
তপস্যাৰ সিন্ধু মথি তুমিহে তাপসী
নিজৰেই উপবন ভাঙ্গি কৰি চুৰ
পিন্ধিছাহে নিজে চৰ্ম্মবাস । বাসনাৰে
লিপ্ত কত শত উপবন
কৰি পুণ্য কৰি তপোবন,
তপস্যাৰ মন্ত্ৰ বাকি কৰ্ণকুহৰত
নিজ হাতে কৰিছা স্থাপন,
অপূৰ্ব্ব আতমা শুভ্ৰ নিষ্কাম তাপস ।
আজি জনালাহে প্ৰকৃতি বিপুল,
বিশ্বগ্ৰাসী বিৰাট সুন্দৰী
অন্তত মোৰ, প্ৰণয়ৰ দীপ্ত হুতাশন ।
জ্বলোক দীপিতি তাৰ
ভেদি উঠি আৱৰণ দূৰ
দিগন্ত আন্ধাৰৰ ৷
জাগি উঠ প্ৰণয়ৰ সুন্দৰী প্ৰতিমা ।
তোৰ যোজন বিয়পা যজ্ঞবেদী অন্তৰত মোৰ
আজি হৃদয় মন্দিৰ মোৰ
আলোকৰে কৰি পূৰ, জ্বলিলে
সাত বৰণীয়া অগ্নি শিখা
প্ৰকৃতিৰ প্ৰাণময় প্ৰণয় যজ্ঞৰ ।
হোমানল মথি তই যা... অ সুন্দৰী !
বিতৰ,বিতৰগৈ শুভ্ৰ তোৰ নিৰ্ম্মল পোহৰ
উৎসৱময়ী কৰি নিমাত নিতাল
যত বিৰহীৰ মৌন প্ৰণয়ৰ
কুঞ্জ শত শত,
উজ্বলালে আশাৰে আলোকি
উদাসী মুখখনি প্ৰেমিকৰ !
কুসুম কোমল যাৰ প্ৰণয়ৰ কুঞ্জ মনোহৰ,
হল কালে কাঁইটনি বন,
কাঢ়িলে সি মাথো এটি তপত হুমুনিয়া
নিচুকি থাকিলে বহি ভাৰ লৈ ব্যৰ্থ প্ৰণয়ৰ ৷
তাৰে সি নিকুঞ্জ খনি উৎসৱময়ী পুনু কৰ তই
উৎসৱময়ী পুনু কৰ ।
[বহুতপৰ তন্ময় হৈ থাকি, তাৰ পাছত শিলৰ পৰা অধীৰ হৈ উঠি আহি ৷]
দৃষ্টি, দৃষ্টি, দৃষ্টি দিয়া মোক ।
স্পৰ্শ, স্পৰ্শ, স্পৰ্শ দিয়া মোক
মোৰ ইন্দ্ৰিয় অন্ধকূপ ।
দৃষ্টিৰ প্ৰসাৰ মোক দিয়াহে সুন্দৰী
চাবলৈ অন্তহীন ৰূপ । ই কি !
বিশ্ব বিমোহিনী সৌন্দৰ্যতো সৌন্দৰ্য অপৰূপ ।

[অনঙ্গৰ মুখত এক দিব্য আভা উদ্ভাসিত হৈ পৰে । তাৰ পাছত মাটিত বহি শিলত মূৰ থৈ থৰ লাগি চাই থাকে । বতাহ বলে । বতাহ গছৰ পাত লাগি দূৰৰ বাঁহীৰ দৰে, অনবৰত ঠুনুক-ঠানাককৈ ভগা-ছিগা সুৰৰ দৰে শব্দ আহি সেই ঠাইডোখৰ বুৰাই পেলাইহি । সেইফালে অনঙ্গ নিতাল মাৰে । অলপ অলপ আন্ধাৰ হৈ আহে । ৰুণুকৰ হাতত এডাল আঁৰিয়া । ]

ৰুণুক:- অ..উ,, উ...মিতা, উ...উ ।
জুনুক:- উ...উ...উ, মিতা !  সেইটো হবলা ।
[ৰুণুকৰ চকু অনঙ্গৰ ওপৰত পৰে ]
ঠুনুক:- এ ৰুণুক এইটো হব পায় । এ জলকা লাগি পৰি আছে । উ, , মিতা উ ।
অনঙ্গ:- [উঠি ]  কি হল ৰুণুক ?
ৰুণুক:-  মিতা, মিতা তই ইয়াত নেথাকিবি ।
অনঙ্গ:- কিয় ?
ৰুণুক:- ৰজাৰ নগৰৰ পৰা বহুতো মানুহ আহি হাতে হাতে আঁৰিয়া লৈ আমাৰ গাঁৱত কিবা বিচাৰি ফুৰিলে তোক ধৰি নিব ।
অনঙ্গ:- [হাঁহি ]  মোক, মোক, মোক ৰজাৰ একো প্ৰয়োজন নাই ।
ৰুণুক:- তেন্তে মইনাক নিবলৈ আহিছে ।
অনঙ্গ:- কোন মইনা ?
ৰুণুক:- আজি ভৈয়ামৰ পৰা এজনী ছোৱালী আহিছে নহয় ।
অনঙ্গ:- [আচৰিত হৈ ] কেনেকুৱা ?
ৰুণুক:- তাই কান্দি থাকে । মাজে মাজে হাঁহে । তাইক আমি লুকুৱাই থৈছোঁতাইক ৰজাৰ মানুহে পালে হেনো কাটিব ।
অনঙ্গ:- [কিছুপৰ ভাবি থাকি ] তাই বাৰু কত আছে ?
ৰুণুক:- নকওঁ ।
অনঙ্গ:- মোক নকৱনে ? বলচোন মই চাওঁগৈ । তাইক ভালকৈ এঠাইত লুকাই নথলে তহঁতৰ হাতৰ পৰা ৰজাৰ মানুহে ধৰি লৈ যাব ।
ৰুণুক:- [ভয় খাই ]  তেন্তে আমি তাই কত থম ? কি কৰিম ?
অনঙ্গ:- মোক বাৰু তাইৰ ওচৰলৈ লৈ বল । মই তাইক আটাইবোৰ কথা সুধিলেহে কত থলে ভাল হব কব পাৰিম ।
ৰুণুক:-ল তেনে মিতা, আহ, বেগাই আহ । সৌবোৰ দেখিছনে ৰজাৰ মানুহবোৰে কেনেকৈ আঁৰিয়া আৰু জোঁৰ লৈ পিয়া পি দি ফুৰিছে। সৌৱা কিছুমান এইফালেও আহিছে ।
অনঙ্গ:-ল।
[ তিনিওজনী নাগিনী আৰু অনঙ্গ ওলাই যায় আৰু অলপ পৰৰ পাছতে সেইবাটেদি আঁৰিয়া লৈ লৈ কিছুমান মানুহ যায়হি । এইদৰে কিছুপৰলৈ সেই ঠাই ডোখৰেদি আঁৰিয়া লৈ মানুহ দলে দলে অহা যোৱা কৰি থকা দেখা যায় । ]


আঁৰ-কাপোৰ



                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]





No comments: