নাটক – কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
দ্বিতীয়
দৰ্শন
[ৰাজ আলি বাট
। দুয়ো কাষৰ ওখ ওখ পাকৰী গছবোৰে বাটটোৰ ওপৰত চালি ধৰি , হাবিতলীয়া বাট যেন কৰি থৈছিল । পাতৰ মাজে মাজে জোনৰ পোহৰ আহিছিল । গাত
খনীয়া এখন সৈ মূৰত আধাসোলোকা পাগ এটাৰে, সুদৰ্শনক
বেগাবেগিকৈ অহা দেখা পালে । পাছৰ পৰা বপুৰা ফোপাই-জোপাই লৰি আহি “ৰ’ব
মোৰ ঈশ্বৰ” বুলি ৰৈ
ফোপাবলৈ ধৰে । সুদৰ্শন উভতি….]
সুদৰ্শন :- [আচৰিত
হৈ] বপুৰা দেখোন কি হ’ল ?
বপুৰা:- [ফোপাই ] আপোনাক লগ
পাবলৈ….উস্… অ-ফো-অ-ফো চেকুৰি
আহিছো নহয় ।
[ কিছু শান্ত হয় ]
সুদৰ্শন:- কি হ’ল
বা ?
বপুৰা:- [বৰ কিবা গূঢ়তত্ব
আবিষ্কাৰৰ আনন্দ আৰু উৎসাহেৰে ] আজি সোপাই ধৰা পৰিল নহয় । কোঁৱৰে বিয়া
নকৰোৱাৰ লেঠাটো কোনখিনিত আজি বপুৰাৰ তেনেয়ে হৃদয়ঙ্গম হ’ল
।
সুদৰ্শন:- [উৎসুক আৰু কৌতুহলী হৈ
] কেনেকৈ ?
বপুৰা:- এ: কটা ক’বলৈকো লাজ
লাগে । ন’কলেও বেয়া । [ কিছুপৰ টলকা মাৰি ] বুজিছে
সাউদৰ পুতেক দেউতা, কোঁৱৰে বিয়া নকৰোৱাৰ কাৰণটো ঘৰতে ।
মিছাকৈয়ে আপোনালোকে পুথি-পাঁজিবোৰ চলাথ কৰিছে । তাইক মই এতিয়াহে চিনি পালো ।
সুদৰ্শন:- কাক অ কাক ?
বপুৰা:- তাই বেটীৰ নিশাটো কাষতে
থাকি বহি বহি নাম গাই থাকিবৰ মন....
সুদৰ্শন:- কাৰ অ কাৰ ?
বপুৰা:- এ পদুমৰ পাহিৰে হেনো বিচনী
এখন গোঁঠে ।
সুদৰ্শন:- কোনে ?
বপুৰা:- কি কম সাউদৰ পুতেক দেউতা
বুকুৰ সোণে ।
সুদৰ্শন :- খপৰাই নকৱ
কিয় ?
বপুৰা:- দীঘল আলিবাটটো নো কেনেকৈ
খপৰাই চমু কৰো মোৰ গোঁসাই ! তাই ভিতৰি ভিতৰি এনেকৈ সিন্ধি দিছে বুলিনো কোনে ক’ব
পাৰিব ।
সুদৰ্শন:- এঃ তই নকৱ
যদি মই যাওঁ ।
বপুৰা:- এ শুনক, কথাটো হৈছে এই ... বোলেনে-উস্ উস্ উস্ ।
সুদৰ্শন:- [অলপ
গমি ] কোনে শেৱালিয়ে, নহয়নে ?
বপুৰা:- মই ইমান দিনৰেপৰা যিটো
থিৰাংকৈ আহিছিলো সিয়েই ঠিক ?
সুদৰ্শন:- কি ঠিক ?
বপুৰা:- আপুনি যে সৰবজান ।
সুদৰ্শন:- তাই বাৰু
তেনে কেতিয়া কৰিছিলে ?
বপুৰা:- এই এতিয়া । মই এতিয়া
তাৰেপৰাহে আহিছো আকৌ । ৰেৱতীৰে সতে তাই চুপতা-চুপতিকৈ আছিল... কোঁৱৰৰে কথা পাতি ।
এই বেটী ৰেৱতীয়ে কথাবোৰ জানে হ’বলা দেই ।
পিছে ৰেৱতীক মই কিবা এটা কওঁতেই তাই ভোঁ ভোঁ কৰে গুচি গ’ল । ময়ো বাপেকে
এই বনবোৰ দিহা লগাই কৰে নে নকৰে চাওঁ বুলি মনে মনে চোৰাংকৈ চাই আছিলো । পিছে....
উ আই ...ক’ত
খাওঁ, ক’ত যাওঁ কাছকণী বিচাৰি পৰ্বত বগাওঁ দেখোন ।
সুদৰ্শন:- [কঠোৰতা
আৰু ককৰ্থনাৰে ] এই দেখ বপুৰা, তই মিছাকৈয়ে মনতে
এইবোৰ কথা ভাবিছ । তাই তেনেকৈ নাম এটা গালে বুলিয়েই তই তেনে কথা ভবা ভাল হোৱা নাই
। সাৱধান... মোৰ আগত যি তই এনে কথা ক’লি আৰু
কাৰো আগত ন’কবি, বুজিছ ?
বপুৰা:- ইস্ ইস্ কেলেই আনক কম । মোৰ
মনৰ খুকুৰি আপোনাক নোকোৱাকৈও বেয়া নহয় । মোৰ মনেৰে এইটো হলে ঠিক আপুনি যিয়েই
বোলক লাগে । কোঁৱৰে সেই কাৰণেহে বিয়া নকৰায় । মই ঠিক জানিলো । তাইক কাৰেঙত থলে কোঁৱৰৰ বিয়াখন
হাতীকণীৰ ভিতৰত । অজগৰে হৰিণাক মেৰিওৱাদি তাই কোঁৱৰক মেৰিয়াই চেপি চেপি জোল পিব লাগিছে । তাৰ
দৰব আছে সাউদৰ পুতেক দেউতা.... তাৰ আছে । [জ্ঞানী ভাবেৰে
মূৰ দুপিয়াই]
সুদৰ্শন:- কি দৰব ?
বপুৰা:- আছে আছে । সেই দৰবপালি দিলে
কোঁৱৰৰ বিকাৰো যাব আৰু নবোৱাৰী আহি একেচাটেই কাৰেঙৰ বৰ ভেটি গচকিব ।
সুদৰ্শন:- কচোন বাৰু
কি ?
বপুৰা:- আছে আছে ।
সুদৰ্শন:- কচোন ?
বপুৰা:- [কিছুপৰ কেৰো-ঘেঁহোকৈ
থাকি ] হেঃ সাউদৰ পুতেক দেউতা, হেঃ এই বপুৰাৰ লগত
তাইৰ ৰাহি- যোৰা আমাৰ তিনি পুৰুষ আগৰেপৰা মিলি আছে.. হে হৰি ..হে হৰি-[বপুৰাই
উদ্বিগ্ন হৈ সুদৰ্শনৰ মুখলৈ চাই থাকে]
সুদৰ্শন:- [হাঁহি ]
বাৰু বুজিছো বপুৰা, এতিয়া ৰাতি হ’ল
যা । কিন্তু তোৰ এইবোৰ সন্দেহ তেনেয়ে অমূলক । মোৰ কথা মনত ৰাখিবি । এইবোৰৰ বিষয়ে
দুনাই কথা পতা শুনিলে কিন্তু তোৰ বেয়া হ’ব ।
বপুৰা:- হৰি হৰি... তেনে কথা কয়নে
গছৰ মূঢ়া এটাৰ আগতো নকও নহয় । হৰি হৰি ।
সুদৰ্শন:- এৰা নক’বি
।
[ওলাই যায় গৈ ]
বপুৰা:- [বহুপৰ গুণি-গাথি থাকি
বেজাৰমুৱা হৈ লাহে লাহে যায় গৈ]
ইয়াকে বোলে...
ভেলেকা বহুৱা
থাকিল চায়
থোলোকা বাপুৱে
সুপুৰ সুপুৰ খায় ।
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment