নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
তৃতীয় অঙ্ক
দ্বিতীয়
দৰ্শন
[দ্বাৰকাৰ কুমাৰৰ প্ৰসাদ ৷এখন আসনত বহি
অনিৰুদ্ধই অকলে ভাবি আছিল ৷ ]
অনিৰুদ্ধ :- মইতো একো
বুজিব পৰা নাই ৷ ই কি কুহক, ই কি মায়া ? মই যেন এতিয়া এটা সোণোৱালী সোঁৱৰণিৰ
মাজেদি উটি গৈছোঁ ৷ ইমান অস্পষ্ট তথাপি ইমান সুন্দৰ, ইমান মধুৰ ! ইতো পৃথিৱীৰ একো
নহয়, মোৰ জীৱনৰ এটা সুন্দৰ দিঠকৰ নেদেখা সপোন, কল্পনাৰ স্তৰে স্তৰে উজলি উজলি মোক
সজাগ কৰি তুলিছেহি ৷
[এনেতে দূৰৰপৰা গীতটি উটি আহে ৷]
গীত :-
সেই নিমাতী প্ৰতিমাখনি...
হঁহা
নাই,
হঁহা নাই,
হঁহা
নাই,
হঁহা নাই !
অনিৰুদ্ধ :- হঁহা
নাই, চোৱা নাই, কথা কোৱা নাই ; নীৰৱ, নিস্পন্দ, নিমাত... অস্পষ্ট ৷অস্পষ্ট যদিও
তুমি ইমান স্পষ্ট কিয় ? সৌৱা মই নাই দেখা যদিও, নাই শুনা যদিও ... কি মধুৰ
কণ্ঠস্বৰ মই শুনিব লাগিছোঁ, কি অবৰ্ণনীয় সৌন্দৰ্য্য মই দেখিব লাগিছোঁ, কি তীব্ৰ
কটাক্ষই মোক বলিয়া কৰিছে... কি মোহিনীয়ে মোক বিভোল কৰিছেহি ৷ কি ? একো নাই ! তথাপি
আছে ৷... সৌৱা, সৌৱা মই দেখিছোঁ চাওঁ চাওঁ চাব পৰা নাই... মোৰ আগলৈ ওলাওঁ ওলাওঁকৈ
ওলাই অহা নাই ৷কি প্ৰহেলিকা... মোক মন্ত্ৰমুগ্ধ কৰি নাচে নাচে লৈ ফুৰাইছে ৷
[কিছু বেলি মনে মনে থাকে ৷]
কোন
জনমৰ প্ৰয়সী
তুমি
? অভেদ অছেদ সেই
প্ৰণয়ৰ
জৰীডালি, আজিও
নিছিগি
আছে ৰৈ ; সেইহে
আহিছা
নেকি বিচাৰি
বিচাৰি
প্ৰিয়তম বুলি
আজি
মোৰ কাষলৈ ?
কত
জন্ম ধৰি মোৰ প্ৰেয়সী
আছিলা,
আক’ আহি হবাহি
প্ৰেয়সী,
সেইদেখি আহিছানে
তুমি
? আহাঁ আহাঁ
প্ৰিয়তমা...
আহাঁ ৷
আজি
মোৰ যৌৱনৰ
জোনাক
যামিনী... বাট চাই
আছে
মোৰ প্ৰাণে ৷
সেইহে
আহিলা নে কি ?
নুফুলো-নুফুলোকৈ
প্ৰতি
পলে
ফুলি অহা... নেদেখোঁ-
নেদেখোঁকৈ
বাৰে বাৰে
দেখি
থকা শত জনমৰ
মোৰ
চিনাকি সুন্দৰী ?
[ভাবি-গুণি বহি থাকে আৰু কিছুপৰৰ পাছত থৰ হৈ এফালে চায় ৷ সনাতন সোমাই আহে ৷
অনিৰুদ্ধই চক্ খাই উঠে ৷]
সনাতন :- কিহে, তুমি কি ভাবিছা ?
তোমাৰ মুখৰ বৰণ দেখোন কেনেবা ? আজি এই বসন্ত দিনত প্ৰকৃতিৰ দৰে তুমিও উন্মাদ হব
খুজিছা নেকি ? তোমাৰ গাত কিহবাৰ বায়ু লাগিছেহি নেকি ?
অনিৰুদ্ধ :- সনাতন !
এৰা, তুমি ঠিক কৈছা ৷ আজি মোৰ যৌৱনৰ বসন্ত দিনত সমীৰণে কিবা মদিৰা উটাই আনি মোৰ
গাত ঢালি দিছেহি, তাৰ তীব্ৰ গোন্ধত মই মতলীয়া হব খুজিছোঁ ৷
সনাতন :- নহয় ৷ তোমাৰ মুখৰ বৰণে,
তোমাৰ চকুৱে কৈছে তুমি এই মদিৰা পান কৰি কিবা বৰ বিয়াকুল হৈ বিচাৰিব লাগিছা ৷
সঁচাকৈয়ে আজি এই যৌৱন দিনা তোমাৰ চৌপাশ উৰুঙা লাগিছে নেকি ?
অনিৰুদ্ধ :- সনাতন !
তুমি এক মহা দাৰ্শনিক নাইবা মনস্তত্ববিদ্ ৷
এতিয়া যদিও নহয় সিজমত আছিলা ৷ সেইহে সিজনমৰ সাধনালব্ধ শিক্ষা এই জনমতো
তোমাৰ মনৰ মাজেদি বিৰিঙি উঠিছেহি ৷ সনাতন ! কিন্তু ধৰিব পৰা নাই, চাব পৰা নাই ৷
সনাতন ! মোক ধৰা দিয়া নাই ৷ বৰ অস্পষ্ট, বৰ অস্পষ্ট !
সনাতন :- [হাঁহি কিছুপৰ
মানে মানে থাকি] ওঁ অনিৰুদ্ধ ! বুজিছো ৷ কোনোবা জনমৰ
স্মৃতি আহি তোমাৰ মনত জাগি উঠিছে ৷ নাইবা কাৰোবাৰ তীব্ৰ আকাঙ্ক্ষাৰ ৰশ্মি তোমাৰ
মনত বৰ ক্ষীণ হৈ পৰিছেহি ৷
অনিৰুদ্ধ :- সঁচা সঁচা
সঁচা ৷ সনাতন ! মই দেখিব লাগিছোঁ, তথাপিও দেখা নাই ৷ মই শুনিও শুনা নাই ৷ [এফালে নীৰৱ হৈ চাই] সনাতন ! সৌৱা, সৌৱা দেখিছোঁ,
কিন্তু ইমান অস্পষ্ট, বিৰিঙি উঠা নাই ৷ আন্ধাৰ ধোৱাঁবৰণীয়া আৱৰণ ভেদ কৰি তেওঁ ওলাই
অহা নাই ৷ ফুলি উঠা, ফুলি উঠা ৷ মোৰ এই শূইন জীৱন ইজ্জ্বল কৰি পুৱতিৰ প্ৰথম
সেন্দুৰীয়া হাঁহিমুৱা সূৰুযৰ দৰে তুমি আন্ধাৰৰপৰা লাহে লাহে ওলাই আহাঁ... আহাঁ ৷
[বলিয়াৰ দৰে সেইফালে চাই চাই গুচি যায় ৷ সনাতনো যায়গৈ ৷]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment