অনুসন্ধান আকাংক্ষাত

Monday, February 18, 2013

নাটক - শোণিত কুঁৱৰী (২৩)




নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

সমাপতি

            [নিজান  ফুলনি এখনত এজোপা পদুমনিৰ ওচৰত থকা গছৰ ছাঁত চিত্ৰলেখা বহি আছিল ৷ গছৰ ডালত এটা সখিয়তীয়ে মাতি আছিল ৷]

চিত্ৰই গায় :-

চৰাই বনৰীয়া
          মুকলিমূৰীয়া
                   গাৱ বনৰীয়া গীত ;
মনে উৰো উৰো
          কৰে তোৰ লগতে
                   মোৰে উৰণীয়া চিত ৷
ঊষা জিৰণীয়া
          পাই লগৰীয়া,
                   সন্ধিয়াৰ দেশলৈ যায় ;
অকলশৰীয়া
          কৰি মোক সখিয়া,
                   গলা মিলনৰে নিশাটি পাই ৷

চিত্ৰ :- সখী উষা ! আজি তোমাৰে সৈতে মোৰ বিচ্ছেদ নেকি ? [মনে মনে থাকে ] ইমান দিনৰ মৰম চেনেহ আজি [চকুপানী ওলাই আহে, তাৰ পাছতে আনন্দত বিভোৰ হৈ ] নহয় নহয়... তোমাৰে মোৰে কোনে বিচ্ছেদ ঘটাব পাৰিব ? তোমাকে মোকে বিধতাই লগৰীয়া কৰি দিছে, কোনে এৰুৱাব পাৰিব বাৰু ? তোমাৰ লগে সাত বৰণৰ তুলি লৈতো মই আছিলোঁ, আৰু থাকিমেই ৷ তোমাৰ মধুৰ আগমন জনাবলৈ কত বৰণৰে দিশ-বিদিশ ৰঞ্জিত কৰি দিম ৷ তুমি যেতিয়া পূৰ্ব্বাচলত ভৰপক যৌৱনৰ দেহাৰে অলপ জুৰণি লৈ, সন্ধিয়া কুমাৰক লগ পাবলৈ লৰি আহিবা, মই সন্ধিয়াৰ দেশলৈ গৈ তোমাৰ মিলন-কুঞ্জত বৰণৰ ওপৰত বৰণ সানি জকমকীয়া কৰি থম্‌, তাৰ পিছত যেতিয়া তোমাৰ প্ৰিয়তমৰ অধৰ চুমি তুমি জিৰণি লবলৈ অস্তাচলৰ প্ৰাসাদত সোমাবাগৈ, তেতিয়া মই তোমালোকৰ লাজ লাগে বুলি কলা বৰণ সানি সকলোৰে দৃশ্যৰ আগত এখনি আঁৰ-কাপোৰ তৰি সখীক হেঁপাহ পলুৱাই প্ৰণয়-মদিৰা পিবলৈ এৰি দিম ৷ তাৰ পিছত তোমাৰ মিলন-নিশা পোহৰাবলৈ জোনবাইৰ ওঁঠৰপৰা ৰূপালী ৰহণখিনি আনি বনে বনে সানি দিম ৷ তোমাৰ প্ৰণয়বিহ্বল উৱলা গাটি টঙাই লবলৈ কণ্ঠ মোৰ নৈয়ে-বনে জুৰিয়ে-পুৰীয়ে বিলাই দিম... সন্ধিয়াৰ সমীৰণ হৈ মই সেই ফৰিংফুটা জোনাকত গছৰ ডালে-পাতে, কাৰেঙে কাৰেঙে, কুঞ্জই কুঞ্জই, ফুলৰ পাহিত মৃদু মৃদু চৰণক্ষেপেৰে হালিজালি লয়লাসে নাচি ফুৰিম... আৰু হাতত থকা সুগন্ধিবোৰ তোমাৰ চৌফালে বিলাই দিম ৷তেন্তে তোমাৰ সৈতে মোৰতো আৰু বিচ্ছাদ নহয়... সদায় মই তোমাৰ লগৰীয়া নহয়নে বাৰু সখী... [মনতে হাঁহি ] কি আনন্দ ! কেনে সুখ ! কেনে বিতোপন... সখীৰে মোৰে আৰু কেতিয়াও এৰাএৰি নহয় ৷ কেনে ধেমালিকে আমি দুয়ো কৰি থাকিম বাৰু !
            [এনেতে পত্ৰলেখা আহে ]
 পত্ৰ :- কি কৰিছা সখী ? উষাই তোমাক বিচাৰি আহিছে ৷ কুমাৰো আহিছে ৷
            [অনিৰুদ্ধ, উষা আৰু সখীবোৰ সোমাই আহে ৷]
উষা :- সখী ! তুমি মোক এৰি অকলে অকলে আহি আছাহি বাৰু ?
চিত্ৰ :- [হাঁহি ] তোমাকনো আৰু এৰিব পাৰোনে ?
অনিৰুদ্ধ :- এৰা, কেনেকৈনো এৰে... পিছে নোৱাৰাতহে যেনিবা ৷
চিত্ৰ :- পাৰিলেনো বাৰু ?
উষা :- বাৰু হল দিয়া... পিছে ....পিছে...
            [অনিৰুদ্ধৰ ফালে চায় ৷]
অনিৰুদ্ধ :- এৰা... লগে ভাগে হোৱাই ভাল আছিল, কি বোলা চিত্ৰ ?
চিত্ৰ :- [হাঁহি ] কি ?
অনিৰুদ্ধ :- বোলো সখীয়েকৰ যি হৈছে সেয়ে ৷
চিত্ৰ :- অঁ.. পিছে এৰা... কাৰ সৈতেনো ?
উষা :- জানো তুমি কাক ভালপোৱা !
চিত্ৰ :- ভালতো সকলোকে পাওঁ ৷
উষা :- তেন্তে তুমি...
চিত্ৰ :- এৰা সেই গুণেই সকলোৰে ভালপোৱাখিনিকে কৰি থলোঁ ! কেনে পালা ? বৰ ভাল হল নহয়নে ?
অনিৰুদ্ধ :- নহয় নহয়, ভাল নাই হোৱা, আমি খাবলৈ পাবলগীয়া বিয়াহে আমাক লাগে ৷
উষা :- আমিও নেৰো, তুমি কিয় বিয়া পাতি আমাক খাবলৈ নিদিবা, দিয়া কি দিয়া ?
চিত্ৰ :- দুখুনী সখীয়েৰাৰনো আৰু কি আছে ? দুটা চুমাকে খোৱা ৷ বেছ তৃপ্তি হব নহয় জানোঁ ?
অনিৰুদ্ধ :- পিছে আমাক ?
চিত্ৰ :- তোমাকনো আৰু কি দিম ৷ মোৰ মৰম-চেনেহখিনিকে জোলোঙাত ভৰাই লৈ যোৱাগৈ ৷ যেতিয়াই মন যায় অলপ অলপ খাবা, নহলে ইচ্ছা হলে ইয়াতেই তাক খাই শেষ কৰি যাব পাৰা ৷
উষা :- বাৰু সখী ! তুমি এবাৰ আমাৰ তালৈ যাবানে ? সখী ! যাবানে ?
চিত্ৰ :- যাম নিশ্চয় ৷[হাঁহি ] যেতিয়া আমাৰ সখীৰ ইমানটি অকণমানি সৰগৰ পাৰিজাতৰ কলি এটি আহি কোলাত ফুলিব তেতিয়া দেই সখী ৷
            [সকলোৱে হাঁহে, উষাই লাজ কৰে ৷]
উষা :- ইস্‌ ! আজিতো দুয়োৰে বিদায় ৷ আমাৰ দুখুনীৰ ঘৰতনো কি পাবা ৷ এই দুবৰি দলিছাখনিতে বহা ৷ আমি অলপ গীত-মাত গাই ৰং-ধেমালি কৰোঁ ৷
            [ষা অনিৰুদ্ধ দুয়ো বহে ৷]
চিত্ৰ :- পত্ৰ ! পত্ৰ ! তোমালোকে এটা নামকে গোৱা !....
            [সখীবোৰে গায় ]

নাম :-

বাৰীৰ পিছে ফালে তগৰ
          সখীৰ তাঁতৰ শালে তগৰ
বহি জোলাফুলে বাছেকি তগৰ
আজি সুদা হব উষাৰে নগৰ ৷
          [গীতৰ মাজতে অনিৰুদ্ধই বাধা দি কয় ৷]
অনিৰুদ্ধ :- বেজাৰ লগা নাম নেগাবা সখীহঁত ! যাবৰ সময়ত আনন্দৰ গীতহে গাব লাগে ৷
চিত্ৰ :- নহয় নহয়... তোমালোকৰ আনন্দ, আমাৰ বেজাৰ... তাৰে মাজতে গাব লাগে ৷
সখীবোৰ :- হয় হয় ৷
চিত্ৰ :- বাৰু, তোমালোকে লগোৱা ৷ মই পাছত লগাই নিম ৷ উঠা, পত্ৰ ! চন্দ্ৰ ! তোমালোক দুজনীয়ে নাচা ৷ আজিয়েই আৰু সখীৰ সৈতে ভালকৈ ৰং-ধেমালি কৰি লওঁ ৷
            [চন্দ্ৰ আৰু পত্ৰই নূপুৰ বজাই নাচে ৷]

গোৱাঁ...           
পত্ৰ :- কিনো গান ?
চিত্ৰ :- মুখত যি ওলায় তাকে গাবা আকৌ ৷
পত্ৰ :- ও ধৰিবা তেন্তে....

গীত :-

পত্ৰ :- নূপুৰে মাতে ৰুণ জুন
                   নূপুৰে মাতে ৰুণ জুন
                             নূপুৰে মাতে 
চিত্ৰ :- সখী যাবৰ বেলি
                   আমাৰ হিয়াখনি
                             বিষাদে ছাটে ৷
সখীবোৰ :- সখী বিষাদে ছাটে ৷
চিত্ৰ :- বিদায়ৰ পৰতে ৷
                             চলে চলি চকুতে
                                      চকুপানী নাটে
                                  সখী চকুপানী নাটে ৷
                   যোৱা সখী দিছোঁ বিদায়
                   মনত ৰাখিবা সদায়
                   এৰোনো কি সতে ৷
সখীবোৰ :- সখী এৰোনো কি সতে !


আঁৰ-কাপোৰ

                              ( সমাপ্ত )


[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]



♜♟♟♟♟♚♛♝♞♟♟♟♟♜

No comments: