অনুসন্ধান আকাংক্ষাত

Tuesday, February 12, 2013

নাটক - শোণিত কুঁৱৰী (১৩)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

চতুৰ্থ অঙ্ক
দ্বিতীয়  দৰ্শন

          [বাণৰ নগৰ ৷ অন্ত:পুৰ ৷ মধুমতী আৰু কুঁজী কথা পাতি পাতি সোমাই আহে ৷ ]
মধুমতী :- কুঁজী তোৰ কথা সঁচানে ? উষাই এনে কৰিবনে ?
কুঁজী :- [মুখ বিকটাই ] মোক মিছা কবলৈনো কিহে পাইছে আই ! অপোনাৰ শপত আই, মৰিবলৈ হেৰেই, সঁচাই উষাই অচিনাকি লৰা এটা আনি তাৰ সঙ্গত আছে ৷ আমাৰ হাকবচন নুশুনে ৷ এ আই ! মোক চিত্ৰ-লেখীয়ে আকৌ মনে মনে থাকিবলৈ বহুতো বুজালে নহয় ! মই বোলো কেতিয়াও কাকো নকওঁ দে ৷ পিছে মাকে ৰাতি মনে মনে গুচি আহিলোঁ ৷ এৰা আই এনেহে কথা ৷ পিছে এতিয়া কি কৰিব খুজিছে ?
মধুমতী :- [অলপ পৰ ভাবি ] পিছে কিনো কৰো এতিয়া ? মনে মনে লৰাটোক বঢ়াই-বুজাই পঠিয়াই দেগৈ ৷ ইমান পালি-পহৰীয়াৰ মাজত ! জাননে কুঁজী, লৰাটো কৰ ?
কুঁজী :- লৰাটোৰ কথাকে নকবা আই ! সাইলাখ দেৱতাহে ৷ মুখকে চাবানে, ভৰিকে চাবানে, চকুকে চাবানে, নাককে চাবা ! যেয়েই নহওক আই, দুয়োটা মিলি পৰিছে ৷ দেৱতাৰ বাহিৰেনো আন কোন সোমাবহি ?
মধুমতী :- নিশ্চয় উষাই যোগ্য জনৰ হাততহে আত্মসমৰ্পণ কৰিছে ৷ মই আগেয়ে মহাৰাজক কৈছিলোঁ, কিন্তু তেতিয়া মোৰ কথা নুশুনিলে ৷
কুঁজী :- আই ! পিছে কথাটোতো ৰজাক জনাব লাগিব নহয় ! ৰজাই মোৰ গাতহে তাইৰ ভাৰ দিছিল ৷ যদি আই মই কথাটো লুকুৱাওঁ মোকতো শুদাই নেৰিব ৷
মধুমতী :- নহয় নহয়, ৰজাক নকবিগৈ কুঁজী !
কুঁজী :- নহয়, নহয় আই ! নহলে মই কটা যাব লাগিব ৷ ইমান ডাঙৰ কথাটোনো কেনেকৈ লুকুৱাই থওঁ ?
মধুমতী :- কুঁজী ! আগেয়ে তই মই কোৱা্টোকে কৰচোন... দুয়ো গৈ বঢ়াই-বুজাই লৰাটোক পঠাই দিওঁগৈ ৷ বাৰু, চিত্ৰলেখা থকাতেনো এইবোৰ কেনেকৈ হবলৈ পালে ?
কুঁজী :- এ, আই ! তাইৰ কথানো কি কবা ? চিত্ৰৰো যোগ আছে আই ! চিত্ৰৰো যোগ আছে ৷... পিছে কথাটো ৰজাৰ কাণছুৱাই থলেহে ভাল ৷ মই যাওঁ ৷
মধুমতী :- নহয় নহয় কুঁজী, নকবিগৈ ৷ মোৰ ছোৱালী আৰু জীয়াই নাথাকিব ৷
কুঁজী :- নকলে আই, মোৰ মূৰ যাব আই ! মোৰ মূৰ যাব ৷ [যাব খোজে ]
মধুমতী :- [নিজৰ  ডিঙিৰ মুকুতামালাধাৰ সোলোকাই দি ] হোঁ কুঁজী ! এইধাৰকে তোক দিছোঁ ; তই নকবি ৷ ৰজাই আৰু মোৰ ছোৱালীক জীয়াই নাৰাখিব ৷
কুঁজী :- [মালাধাৰ লৈ ] কবলৈতো হাক দিছে ৷ পিছে... বাৰু নকওঁ ৷ তেন্তে আপুনিও বলক, যি কৰে কৰিবগৈ ৷
মধুমতী :- বাৰু মই ওলাওঁগৈ ৷ তয়ো আহা ৷[যায়গৈ ]
কুঁজী :- [মালাধাৰ ডিঙিত পিন্ধি ] আই... আই ... এওঁক কওঁতেই দেখোন মুকুতামালা পালোঁ একা ! ৰজাক কলে বা কি কৰে ! নিশ্চয় মোক পটেশ্বৰী কৰিবই কৰিব ৷ এই সুবিধা এৰি দিয়া নাযায় ৷ মাকে, মোৰ কপাল ফুলিছে ৷ বুঢ়ী হৈছোঁ বুলিও তিনিজনী ডেকেৰীতকৈও চাৰ ৷ এৰা, ৰজাৰ ওচৰলৈ যাবহে লাগিল ৷ মোক আকৌ জীয়েকক গতাই দিছে ৷ পিছে জীয়েকে কৰিব সেইখন, মই মাজতে কটা যাওঁ কিয় ? [গুচি যায়গৈ ]
           

                                                        (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: