অনুসন্ধান আকাংক্ষাত

Thursday, February 7, 2013

নাটক - শোণিত কুঁৱৰী (১)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

প্ৰথম অঙ্ক

[বাণৰ নগৰ ৷ ৰাজকাৰেঙৰ ভিতৰত ফুলনিত উষা সখীসকলৰ সৈতে ফুৰি ফুৰিছিল আৰু সখীয়েকসকলে নাচি নাচি গীত গাইছিল ৷ উষাই ফুল ছিঙি ফুৰিছিল, আৰু মাজে মাজে এবাৰ দুবাৰ গীতো গাইছিল ৷ লাহে লাহে সন্ধিয়া হৈ আহিছিল ৷]

গীত
(কোনে) গছে গছে পাতি দিলে
                ফুলৰে শৰাই
                                                (ৰাম ৰাম )
কলিয়া ভোমোৰা
                গুঞ্জৰি আহে
                           গোন্ধকে ধিয়াই
                                                (ৰাম ৰাম )
কোনে গোলাপী সখীক
            এনে হাঁহি দিলে
                   ৰূপতে ৰাঙে চৰাই....
          ওৰণি তলতে
                   পৰিমল ৰেণু
                    উৰুৱাই পৱনে
                        দিলে বিলাই ৷৷


[বাণ লাহে লাহে সোমাই আহে ৷ গীতৰো অন্ত পৰে ৷]

উষা :- পিতা ! পণ্ডিতে মোলৈ দেখোন আৰু পুথি নেলেখে, মোক আৰু ছবি লাগে ৷
বাণ :- , মই পাহৰি আছোঁ ৷ কাইলৈ বাৰু মই সভাপণ্ডিতক কম ৷
উষা :- পিতা ! চিত্ৰ সখীয়ে হেনো বৰণবোৰ ভাল পোৱা নাই, নীল বৰণটো আকাশৰ বৰণৰ দৰে নহয় ৷
বাণ :- নীল বৰণেই আকাশৰ বৰণ, আৰুনো কেনে হব লাগে ? মই কম বাৰু ৷ পিছে চিত্ৰ ! তই সিদিনা নতুন নাচোন এটা শিকিছিলি, কতা, আমাক নেদেখুৱালি দেখোন ? পদুম কলি নেকি ?
চিত্ৰ :-  ওঁ, এতিয়াও ভালকৈ অহা নাই ৷
বাণ :-  বাৰু, নাচচোন চাওঁ ৷
চিত্ৰ :-  ভালকৈ এতিয়াও হোৱা নাই, বাৰু নাচো ! তুমি বীণখন বজাবা দেই ৷
[উষাই বহি বীণ বজায়, বাণে এটা শিলৰ ওপৰত বহি চায়, আৰু চিত্ৰলেখাই নাচে ৷]

পদুমকলি নাচ

[]

পদুমণিখনি শুৱনি কৰিলে
          কুমলীয়া এটা কলিয়ে
ভাব তাৰ আছে
          বুকুতে লুকাই ৷
ভাষা তাৰ আছে
          মুখ ওপচাই ৷
নিচুকি আছিল... সময় তাৰ
          আহিছেনে নাই বুলিয়ে

[]

সমীৰণ তাৰ কাষেদি
          ল,
ভোমোৰাও আহি বিতত
          ল ;
পুৱা-ৰদালিয়ে বাতৰি আনিলে
          চেনেহ-চুমাটি যাচিয়ে ৷

[]

সিদিনা ফাগুন দিন,
          বিকশি উঠিল
                   অন্তৰখনি...
বাজিল অমিয় মধুৰ বীণ ৷

[]

বাসন্তী উষাই জোনাকী জালেৰে
          বেৰিলেহি আহি চাৰিওকাষ
মুঞ্জৰি উঠিল হাঁহি মিচিকিয়া
মুঞ্জৰি উঠিল অন্তৰৰ কত
          নিচুক হাবিয়াস ৷

[]

হাঁহিলে কলিয়ে
          দুটি ওঁঠ ভৰি...
সমীৰণে কলে—“নিম
          চুৰ কৰি,
ভোমোৰাই কলে—“পিউ সখি মৌ,
          পিউ সখি মৌ
          প্ৰাণ ভৰি ৷
আপোন ভাবতে বিভোৰা পদুমী
হাঁহি হাঁহি, কলে ওঁহো ওঁহো...
          একো নিদিওঁ
থাকক হাঁহি, থাকক মধু
          মধুৰ জীৱন জুৰি ৷

[]

সমীৰণ হলে থাকিল আগুৰি,
অভিমান কৰি ভোমোৰাটিয়েহে
          ল দূৰলৈ উৰি ৷

[]

শান্ত স্নিগ্ধ পুৱা...
নবীন তৰুণ তপনে কলেহি
এয়া পালোঁহি প্ৰিয়া !
আজি প্ৰতীক্ষাৰ শেষ হল সখী,
          বিৰহী প্ৰিয়ক চুমা দিয়া ৷

[]

দেখি পদুমীৰ হৰিলে মাত,
          বিজুলী সঞ্চাৰ লাগিল গাত,
          প্ৰেমিকৰ শুনি মধুৰ বচন
                   প্ৰাণ উটুৱাই নিয়া...
বিৰহী প্ৰিয়ক চুমা দিয়া ৷

[]

লাজতে আবেগ ৰুধিব নোৱাৰি
          পদুমী উৰ্দ্ধমুখ ;
সেয়ে পদুমীৰ কত জনমৰ
          কত কল্পনাৰ সুখ,
বাতৰি পদুমী-প্ৰণয়ৰ
          উঠি বোকোচাত পোহৰৰ
          লে প্ৰমিকক
                   দিয়া... প্ৰতিদান দিয়া ;
চিৰজনমৰ প্ৰিয় মোৰ তুমি
          চিৰজনমৰ সঞ্চিত মধু
                   অধৰৰ মোৰ
          বাটি ভৰি সখা পিয়া ৷

বাণ :-  বাৰু, বেছ হৈছে ৷
[এনেতে দুৱৰী আহি সেৱা জনায় ৷]
কি ?
দুৱৰী :- প্ৰভু ! সেনাপতি প্ৰসেঞ্জিতে যুদ্ধত জয়ী হৈ আপোনাৰ সাক্ষাৎ প্ৰাৰ্থনা কৰিছে ৷
বাণ :- বিজয় অনিবাৰ্য্য ৷ কত ? সেনাপতি প্ৰসেঞ্জিত !
[প্ৰসেঞ্জিত সোমাই আহি শিৰ দোঁৱায় ৷]
প্ৰসেঞ্জিত :- প্ৰভু ! দাসৰ সেৱা গ্ৰহণ কৰক ৷
বাণ :- বীৰ প্ৰসেঞ্জিত ! মই তোমাৰ ওপৰত সন্তুষ্ট ৷ দেৱতাৰ দৰ্পচূৰ্ণ অৱশ্যম্ভাৱী ৷ দানৱৰ সদায় জয় ৷ যোৱা সেনাপতি ! নগৰত আনন্দ-উৎসৱ কৰিবলৈ আদেশ দিয়াগৈ ৷ আজি সকলোৱে হাঁহক, গাওক, নাচক ৷ যোৱা প্ৰসেঞ্জিত ! দেৱতাসকলক মোৰ আগলৈ লৈ আহাঁগৈ ৷
প্ৰসেঞ্জিত :- প্ৰভুৰ আজ্ঞা শিৰোধাৰ্য্য ৷
                        [সেৱা কৰি যায়গৈ ৷]
উষা :- পিতা ! দেৱতাসকলক বন্দী কৰি আনিছা নেকি ? তেওঁলোকক কি কৰিবা ?
বান :-  বশ্যতা স্বীকাৰ কৰাই এৰি দিম ৷
উষা :- বাৰু পিতা ! তেওঁলোক সদায় হাৰি থাকে কিয় ? নিজিকে কিয় ?
বাণ :- [হাঁহি]  এৰা, ময়ো ভাবো নিজিকে কিয় ?
উষা :-  [হাঁহি]  পিতা ! তুমি কিন্তু মোৰ কথা কেটা নেপাহৰিবা ৷ আমি এতিয়া যাওঁ দেই ৷ পিতা ! তুমি ইয়াত বহি থাকিবা নেকি ?
বাণ :-  অঁ, আই ! মই ইয়াত বহি অলপ জুৰ লওঁ ৷ তহঁত যা ৷
উষা :- সখীহঁত ! বলা, আমি যাওঁ ৷
            [সকলো যায়গৈ, বাণে উষাৰ ফালে চাই থাকে ৷]
বাণ :- সিদিনা এই ছোৱালী আছিল, আজি আহি যৌৱনৰ দুৱাৰদলিত ভৰি দিছে ৷ প্ৰতি অঙ্গৰ পূৰ্ণতা লাহে লাহে ফুটি উঠিছে ৷ লগে লগে মোৰ এটা চিনলতাও বাঢ়ি আহিছে ৷ উপযুক্ত পাত্ৰ !... কতা, কোনোতো উপযুক্ত পাত্ৰ নাই ৷ মোৰ মনৰ কামনা কোনেও পূৰ্ণ কৰিব পৰা নাই ৷ পৃথিৱীত তেন্তে সঁচাকৈয়ে উপযুক্ত বীৰৰ অভাৱ হৈছে নেকি ? এই দেৱতা, ইহঁতো কাপুৰুষ ৷ ইমান বীৰ্য্যহীন শক্তিহীন এই দেৱতাবোৰ ৷ সিহঁতৰ আকৌ গৌৰৱ ! পদে পদে যুগে যুগে দানৱৰ হাতত লাঞ্ছিত, তথাপি ইমান দম্ভ ৷ দেৱতা ! তথাপি তহঁতৰ অহঙ্কাৰ নগল ৷ সেই স্বৰ্গৰ মণি-মিক্তা-প্ৰৱালেৰে সজোৱা সোণৰ সিংহাসনৰপৰা দানৱৰ পদাঘাতত বাৰে বাৰে উফৰি পৰিও তহঁতৰ অহঙ্কাৰ ! বাৰু, চাওঁ ৷ তহঁতে মোক নগন্য বুলি দম্ভালি কৰি হাঁহিছিলি, কিন্তু এইবাৰ মই হাঁহিম ৷ যাওক সেইবোৰ কথা ৷ কিন্তু উষা ! অৱশ্যে তাইক লৌহিত্যৰ নতুন নগৰতেই অগ্নিগড় মাৰি ৰাখিব লাগিব, নহলে আন উপায় নাই ৷ নগৰ নিৰ্ম্মাণ শেষ হৈছে... তাইৰো যৌৱন... পাত্ৰৰো অভাৱ ৷
            [এনেতে মধুমতী সোমাই আহে ]
ৰাণী ! তুমি উপযুক্ত সময়তে আহিছা ৷ মই উষাক সোনকালেই লৌহিত্যৰ নগৰলৈ পঠাবৰ ইচ্ছা কৰিছোঁ ৷
মধুমতী :- তেন্তে উষাৰ কাৰণে উপযুক্ত পাত্ৰ আপুনি আৰু বিচাৰি নাপালে নেকি ?
বাণ :- ত উপযুক্ত পাত্ৰ ? পৃথিৱীত আজিলৈকে মইতো লগ নাপালোঁ ৷ মোৰ ইচ্ছা, উষাক এতিয়া সেই নগৰতে থোৱা যাওক ৷ উপযুক্ত পাত্ৰৰ বৰ্ত্তমান অভাৱ ৷ [কিছুপৰ মনে মনে থাকি] নহয় ৰাণী, নগৰ যেতিয়া সম্পূৰ্ণ হল, তেন্তে আৰু পলম কৰাৰ একো কাৰণ নাই ৷ মই সোনকালেই দ্বিগ্বিজয়ৰ কাৰণে ওলাই যাম ৷ উষাক অতি সোনকালে সেই নগৰলৈ পঠোৱা যাওক ৷ ৰাণী ! তুমি এই কথা উষাক কৈ সকলো দিহা কৰিবা ৷ দুৱৰী !....
            [দুৱৰী আহি সেৱা কৰে]
মন্ত্ৰীক এতিয়াই মন্ত্ৰণা-কক্ষলৈ মাতি আনগৈ ৷
            [দুৱৰী যায়গৈ]
ৰাণী ! মই মন্ত্ৰীক গড়ত অগ্নি প্ৰজ্জ্বলিত কৰিবলৈ আদেশ দিওঁ ৷ তুমি যোৱা ৷
            [ৰাণী যায়গৈ ৷ এনেতে প্ৰহৰী আহি প্ৰসেঞ্জিত আৰু দেৱতাসকলৰ আগমন জনায় ৷]
প্ৰহৰী :-  সেনাপতি বন্দীসকলৰ সৈতে উপস্থিত ৷
            [প্ৰসেঞ্জিতে বন্দী ইন্দ্ৰ, বৰুণ, অগ্নিক লৈ আহি উপস্থিত কৰে ৷ লগত দানৱ সেনা ৷]
বাণ :-  দেৱশ্ৰেষ্ঠ ইন্দ্ৰৰাজ, বৰুণদেৱ, অগ্নিদেৱ ! আপোনাসকলে বুজিছে... আজি কিয় মোৰ আগত আনি আপোনাসকলক উপস্থিত কৰা হৈছে ৷ দানৱক সদায় দেৱতাই হেয় জ্ঞান কৰি আহিছে ৷ ইন্দ্ৰৰাজ !  আজি মই তাৰেই প্ৰতিশোধ লৈছোঁ ৷ মই আপোনালোকক সসম্ভ্ৰমে মুক্তি দিছো ৷ কিন্তু আপোনালোকে বশ্যতা স্বীকাৰ কৰক ৷
ইন্দ্ৰ :-  অসম্ভৱ ! বশ্যতা স্বীকাৰ নকৰো ৷ কৰিম কিয় ? তোমাৰ শক্তিত আমাৰ বন্ধন দেখি ? আমি বন্দী হব পাৰো আমাৰ শক্তিৰ অভাৱত, আমি স্বৰ্গচ্যুত হব পাৰো আমাৰ দুৰ্ভাগ্যত ; সেইবুলি, বাণ ! তোমাৰ আগত শিৰ দোঁৱাই আমি বশ্যতা স্বীকাৰ কৰি নাযাওঁ ৷
বাণ :- দেৱৰাজ ! তোমাৰ যিমানেই বীৰত্ব থাওক, তথাপি তুমি মোৰ বন্দী ৷ সাৱধান !
ইন্দ্ৰ :- বাণ ! সেইবুলি তুমি ভাৱিছানে....
বাণ :-  অঁ, ভাবিছোঁ ৷ ভাবিছোঁ , ইন্দ্ৰ আজি মোৰ বন্দী ; ইন্দ্ৰৰ হাতত বজ্ৰ নাই, ইন্দ্ৰই আৰু অপেস্বৰীবেষ্টিত হৈ অমৰাৱতীৰ সিংহাসনত বহি সৌৰজগতৰ দেৱতাসমুহৰ ভাগ্য নিৰ্দ্দেশ কৰা নাই ৷ ইন্দ্ৰ আজি দানৱৰ বিক্ৰমৰ আগত লীন হৈ যোৱা এটা ধূলিকণা ৷ দেৱৰাজ ! আজি মোৰ মনত পৰিছে তাহানিৰ কথা ৷ মনত পৰিছে মোৰ প্ৰপিতামহ হিৰণ্যকশিপুৰ কথা, আৰু মোৰ পিতা বলিৰাজৰ কথা,... যাক এদিন তোমালোকে স্বৰ্গচ্যূত কৰি পাতাললৈ নিক্ষেপ কৰিছিলা ৷ আজি তাৰেই প্ৰতিশোধ ৷ ইন্দ্ৰদেৱতা ! আজি তাৰেই প্ৰতিশোধ ! বুজিব পাৰিছানে দেৱতা ! আজি এই সৌৰজগতত সকলোতকৈ শ্ৰেষ্ঠ দেৱতা নহয়, দানৱহে ৷
ইন্দ্ৰ :- ইমান লাঞ্ছনাও সহিব লাগিব নেকি ? কি অপমান ! বসুমতী ! বিদীৰ্ণ হোৱা ৷ তোমাৰ বুকুত সোমাই ঘোৰ লজ্জা নিবাৰণ কৰো ৷ আকাশ ! নামি আহি মোক নীলিমাৰে আবৃত কৰি দিয়া, মই আৰু মুখ দেখুৱাব নোৱাৰো ! বিদ্যুত ! মোক ভস্ম কৰি যোৱাহি, মই যে আৰু সহ্য কৰিব নোৱাৰো !
বাণ :-  হা: হা্ হা্ ! ইন্দ্ৰদেৱ ! বসুমতী কোন সাহেৰে বিদীৰ্ণ হব ? বিদ্যুত কাৰ ইঙ্গিতত চমকি উঠিব ?  আকাশ কাৰ আদেশত নামি আহিব ? আজি বসুমতী স্তব্ধ, নীৰৱ ; বিদ্যুত আজি ৰশ্মিবিহীন ; আকাশ-পৱন আজি আম্পমান ৷ সকলো বন্দী ৷ ইন্দ্ৰদেৱ ! দানৱৰ বশ্যতা স্বীকাৰ কৰিবই লাগিব ৷
ইন্দ্ৰ :- বাণ ! ইমান দম্ভ ! ইমান অহঙ্কাৰ ! জানিবা বাণ ! এই অহঙ্কাৰ তোমাৰ নাথাকে ৷ দেৱতাৰ অভিশাপ ....
বাণ :-  অভিশাপ ? অভিশাপ নাই ৷ ময়েই জ্বলন্ত মূৰ্ত্তিমন্ত অভিশাপ ৷ কি অভিশাপ দিবা, ইন্দ্ৰ-দেৱতা ? এতিয়াও তোমাৰ দম্ভ যোৱা নাই, গৰ্ব চূৰ্ণ হোৱা নাই ? [প্ৰসেঞ্জিতক] সেনাপতি প্ৰসেঞ্জিত ! যোৱা, দেৱশ্ৰেষ্ঠ ইন্দ্ৰক মোৰ বন্দীশালৰ বায়ু সেৱন কৰোৱাগৈ ; সম্যকৰূপে বুজক, অনুভৱ কৰক, সঁচাকৈয়ে স্বৰ্গচ্যূত ইন্দ্ৰ আজি বাণৰ বন্দী ৷
            [বিদ্ৰূপাত্মক হাঁহি মাৰি]
বজ্ৰপাণি ! বজ্ৰবিহীন বজ্ৰপাণি ! যোৱা, ফুলৰ সুগন্ধৰ পৰিৱৰ্ত্তে পোতাশালৰ দুৰ্গন্ধ সেৱন কৰাগৈ ৷ উনষাঠি সুস্বাদু ব্যঞ্জনৰ পৰিৱৰ্ত্তে পোতাশালৰ দুৰ্গন্ধময় ব্যঞ্জন ভক্ষণ কৰাগৈ ৷ কোমল সঙ্গীতৰ পৰিৱৰ্ত্তে বন্দীৰ আৰ্ত্তনাদ শুনাগৈ ৷ কোমল সুখ-শয্যাৰ পৰিৱৰ্ত্তে এবাৰ ধূলিত বাগৰাগৈ ৷ ইন্দ্ৰদেৱ ! এবাৰ ধূলিত বাগৰাগৈ ৷
            [বাণ ওলাই যায় ]
[প্ৰসেঞ্জিতে সকলোকে লৈ যায়গৈ, তাৰ পিছত বাণ ভাবি সোমাই আহে ৷ বেদীত বহি শঙ্কৰক স্মৰণ কৰে আৰু শঙ্কৰ আহি আবিৰ্ভাৱ হয় ৷ বাণে সেৱা কৰে ৷]
বাণ :-  প্ৰভু ! শতসহস্ৰ সেৱা গ্ৰহন কৰা ৷ অসীম শক্তিধৰ ! অসীম শক্তি দিলা, বিশ্ব বিজয় কৰালা ৷ অপাৰ কৰুণা তোমাৰ প্ৰভু ! তোমাৰ কৃপাত আজি মই অসীম শক্তিশালী, বিশ্ববিজয়ী ; কিন্তু প্ৰভু !  মনত বৰ দুখ, প্ৰণত আৰু তৃষ্ণা ৷ প্ৰভু ! সঁচা কথা কবলৈ গলে তোমাৰ শক্তিৰ সদ্ব্যৱহাৰ হোৱা নাই ; তোমাৰ সকলো ব্যৰ্থ, বৰ ব্যৰ্থ, শক্তি ব্যৰ্থ ৷
শঙ্কৰ :- কি বাণ ? এতিয়াও তোৰ তৃষ্ণা মাৰ নগল ! তইতো ত্ৰিভুৱনৰ সকলো বীৰ্য্যবান বীৰক পদাঘাত কৰি আজি ৰাজচক্ৰৱৰ্ত্তী ৷ দেৱতা দানৱ মানৱ সকলোৱেই তোৰ বল-বিক্ৰমত স্তম্ভিত ৷ তই ত্ৰিভুৱনৰ মূৰৰ মুকুট ৷ তোৰ কিহৰ দুখ ?
বাণ :- নহয়, নহয় প্ৰভু ! মোৰ ৰণ-তৃষ্ণা এতিয়াও পূৰ্ণ নহল ৷ মোৰ প্ৰতিযোদ্ধা নাই ৷ প্ৰভু ! ই মোৰ গৌৰৱৰ কথা হলেও মোৰ শক্তিৰ অসীমতাৰ প্ৰমাণ নকৰে ৷ তেন্তে প্ৰভু ! মোৰ শক্তিৰ সাৰ্থকতা কত ? মোৰ শৌৰ্য্য-বীৰ্য্য কিহত প্ৰকাশ হল ? দেৱতা আদি কৰি সকলো কাপুৰুষৰ দৰে পৰাজিত ৷ নহয় প্ৰভু ! মোক উপযুক্ত প্ৰতিযোদ্ধা দিয়া ৷ মই মোৰ গৌটেই শিৱ-শক্তিৰে যুঁজি মোৰ ৰণ-তৃষ্ণা মাৰ নিয়াওঁ ৷
শঙ্কৰ :- বাণ ! এয়া তোৰ অভিলাষ ? তৃষ্ণাৰ উপশম হোৱা নাই ? বাণ ! তোৰ এই তৃষ্ণা চিৰকাল বাঢ়ি যাব ৷ তাক কোনো বাহ্যিক প্ৰতিৰোধেৰে তই উপশম কৰিব নোৱাৰ ৷ তই নিজেই এই তৃষ্ণা গুচাব লাগিব ৷ তই সন্তুষ্ট হব লাগিব, তোৰ আত্মশক্তিৰে ৷ বাণ !
বাণ  :-  নহয় প্ৰভু ! তেনে সন্তোষ মোক নালাগে ৷ মোৰ কিমান শক্তি তাৰ মোক পৰীক্ষা লাগে ৷ প্ৰভু ! মোক উপযুক্ত প্ৰতিযোদ্ধা দিয়া ৷ ত্ৰিভুৱনত যদি এনে প্ৰতিযোদ্ধাৰ অভাৱ, তেন্তে তোমাৰ সৰ্ব্বশক্তি দি এজন প্ৰতিযোদ্ধাৰ সৃষ্টি কৰা ৷ মই এবাৰ প্ৰাণৰ হে্পাহ পলুৱাই যুদ্ধ কৰো ৷
            [শঙ্কৰ মনে মনে থাকি গম্ভীৰ হৈ কয় ৷]
শঙ্কৰ :-  বাণ ! মই বুজিছোঁ ৷ মই তোক আজি এই বৰ দিলোঁ... তই তোৰ বাঞ্ছিত উপযুক্ত প্ৰতিযোদ্ধা অতি শীঘ্ৰে পাবি ৷
বাণ :- [বৰ আনন্দিত হৈ] আজিহে মোৰ মনৰ বাঞ্ছা পূৰ্ণ হৈছে ৷ আজিহে মোৰ শিৱ-সাধনা সফল হৈছে ৷ আজিহে জীৱন ধন্য মানিছোঁ ৷ ইমান তৃষ্ণা বুকত ৰাখি, ইমান শক্তি বাহুত বান্ধি, কেনেকৈ নিশ্চল হৈ বহি থাকিলোঁহেতেন ! প্ৰভু শঙ্কৰ ! হে ভকতৰ কল্পতৰু, বীৰৰ শক্তি, মহাদেৱ... নাই মোৰ একো... কিহেৰে সন্তোষ কৰিম প্ৰভু ! জীৱনৰ সকলো তোমাৰ চৰণত অৰ্পন কৰি কেৱল তোমাৰ শক্তিৰে আছো ৷ দিবলৈ আৰু একো নাই ৷ ভকতৰ ভক্তিৰ শত সহস্ৰ পুষ্পাঞ্জলি গ্ৰহণ কৰা ৷ হে বিশ্বপতি, ভীমৰূপ, মহাযোগী... জীৱনৰ সাধনা আজি পূৰ্ণ কৰিবলৈ মোৰ আগত সৌভাগ্যদেৱতা হৈ থিয় দিছাহি ৷ হে মোৰ সৌভাগ্য ! হে মোৰ দেৱতা ! হে মোৰ চিৰনমস্য চিৰআৰাধ্য প্ৰভু !  জীৱনৰ সফলতাৰ দিনা আজি ভক্তক এবাৰ চৰণ পদ্মৰেণুৰে শিৰ ওপচাই দিয়া ৷ জয় শিৱ শম্ভো !
            [বাণে ভৰিত দীঘলদি পৰি সেৱা কৰে ৷]
আঁৰ-কাপোৰ

                                                                                                          (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: