অনুসন্ধান আকাংক্ষাত

Sunday, February 17, 2013

নাটক - শোণিত কুঁৱৰী (১৯)


নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

পঞ্চম অঙ্ক
দ্বিতীয়  দৰ্শন

            [ন্ধ্যা .... বাণৰ সৈন্যা-শিবিৰ ৷দূৰত হৈন্যবোৰে গীত গাইছে ৷ শিৱৰ আৰতিৰ ধ্বনি কাণত পৰিছেহি ৷ মাজে মাজে শঙ্খধ্বনি হৈছে ৷ মাজে মাজে এটা দুটা সৈনিক আহি, বাণৰ আগত মূৰ দোঁৱাই শিৱিৰৰ ফালে বেগ লৈছে ৷ ]

সৈন্যৰ গীত :-

জয় জয় দানৱ সেৱিত মহাদেৱ
          জয় জয় ত্ৰিশূলধাৰী
জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ
          জয় ভীম বিভোল ভয়হাৰী ৷

বাণ :- সৈন্যৰ বিজয়-গীতিয়ে মোৰ বীৰত্বৰ কাহিনী ঘোষনা কৰিছে, মন্দিৰৰ শঙ্খ-ঘণ্টাই মোৰেই বিজয় প্ৰাৰ্থনা কৰিছে, শোণিতৰ আজি ঘৰে ঘৰে যুদ্ধৰ বাতৰিয়ে খলক লগাই ফুৰিছে ৷মোৰো ৰণ-মতলীয়া প্ৰাণে এবাৰ তাৰ মাজে মাজে আনন্দত উত্ৰাৱল হৈ হাঁহি মাৰিছে ৷শঙ্কৰ ! বহু যুদ্ধত জয়ী কৰালা, বহু বীৰৰ দৰ্প চূৰ্ণ কৰালা, কিন্তু সমৰ-তৃষ্ণা কিয় নুগুচুৱা প্ৰভু ? যাধৱৰ সৈতে যুদ্ধ ! সামান্য কথা ৷ মনত সদায় ক্ষোভ ৰৈ গল ৷ উপযুক্ত প্ৰতিযোদ্ধা.... উপযুক্ত প্ৰতিযোদ্ধা ৷ জীৱনত আৰু এই আশা পূৰ্ণ নহল দেখোন ৷
            [এনেতে প্ৰসেঞ্জিত আহি সেৱা জনায় ৷]
প্ৰসেঞ্জিত :- সেৱা গ্ৰহণ কৰক প্ৰভু ৷
বাণ :- সেনাপতি প্ৰস্তুতনে ? যাদৱবাহিনী আহি উপস্থিত ৷
প্ৰসেঞ্জিত :- হয় প্ৰভু, প্ৰস্তুত ৷ আপোনাৰ দাস থাকোতে আপুনি সামান্য যাদৱ-বাহিনীৰ কাৰণে চিন্তিত নহব প্ৰভু ৷ যাদৱৰ বাতৰি পায়েই মই প্ৰস্তুত হৈ আছোঁ ৷ এতিয়া মাথোন দানৱৰ পতাকা যদু-বীৰৰ তেজেৰে ৰঞ্জিত কৰি শোণিতৰ আকাশত উৰুৱাবলৈহে অপেক্ষা কৰিছোঁ ৷ প্ৰভু, আদেশ কৰক ৷
বাণ :- এৰা, যাদৱৰ লগত আকৌ যুদ্ধ ! মাত্ৰ এখন ধেমালি ৷ বাৰু যি হওক ৷ তুমি যুদ্ধৰ কাৰণে প্ৰস্তুত হোৱাগৈ ৷ অতি শীঘ্ৰে যাদৱক আক্ৰমণ কৰিবলৈ মোৰ পৰা আদেশ পাবা ৷ যোৱা ৷
প্ৰসেঞ্জিত :- ভাল ৷
            [সেৱা কৰি যায়গৈ ৷]
বাণ :- বহুদিন ধৰি যাদৱে মোক উপেক্ষা কৰি আহিছে ৷ আজি আকৌ নিজেই আহি জোকাই লৈছে ৷ কাপুৰুষহঁত ! লাজ লগা নাই ? শ্ৰীকৃষ্ণ... হা: হা: হা: তাৰ নাতি চোৰ, চোৰক উদ্ধাৰ কৰিবলৈ আহিছে গভাইত চোৰে ৷ মই এইবাৰ চোৰৰ শাস্তি দিম ৷ এনে কঠোৰ নিদাৰুণ শাস্তি দিম... নহয় একেবাৰে এই চোৰৰ বংশ সমূলঞ্চে নাইকীয়া কৰিম ৷ শুই আছিলোঁ ৷ সঁচাকৈয়ে শুই আছিলোঁ ৷ মোৰ তন্দ্ৰা ভাঙি দিলেহি ৷ মই বিচাৰ কৰিছোঁ ৷ চোৰৰ প্ৰাণ-দণ্ড ৷
            [শিৱৰ আবিৰ্ভাৱ ]
বাণ :- জয় শিৱ শম্ভো ৷ [ভৰিত পৰে ] প্ৰভু ! মূৰ্খ কাপুৰুষ শ্ৰীকৃষ্ণই মোৰ পুৰী অৱৰুদ্ধ কৰিছেহি ৷ প্ৰভু ! মই তাক শাস্তি বিহিবলৈ প্ৰস্তুত হৈছো ৷আদেশ কৰক ৷ কিন্তু প্ৰভু ! কিমান দিন এনে কাপুৰুষৰ সৈতে যুদ্ধ কৰিব লাগিব ? মোৰ উপযুক্তু প্ৰতিযোদ্ধা কত ? তেন্তে প্ৰভু ! মই আজি পৃথিৱীৰ অদ্বিতীয় বীৰনে ?
শঙ্কৰ :- এৰা, তয়ে অৱশ্যে অদ্বিতীয় বীৰ ৷ কিন্তু বাণ ! এইবাৰ তোৰ উপযুক্ত প্ৰতিযোদ্ধা উপস্থিত হৈছেহি, বৰ সাৱধানেৰে যুদ্ধ কৰিবি ৷
বাণ :- [হাঁহি ] অৱশ্যে উপযুক্ত প্ৰতিযোদ্ধায়েই ৷ ভাল, তেন্তে সেই মহাবীৰৰ কি দুৰ্গতি কৰো ?
শঙ্কৰ :- হা: হা: হা: ৷ বাৰু বাণ ৷ মই তোৰ সিংহদ্ধাৰৰ তত্ত্বাৱধানত থাকিম ৷ তয়ো যুদ্ধৰ কাৰণে প্ৰস্তুত হগৈ ৷
বাণ :- ভাল পিতা ৷
            [সেৱা কৰি যায়গৈ ]
শঙ্কৰ :- ব্যোম্‌ ব্যোম্‌ ৷
            [কাৰ্ত্তিক আহি সেৱা কৰে ৷]
কাৰ্ত্তিক :- পিতা  কি আজ্ঞা ?
শিৱ :- নন্দী প্ৰভৃতি প্ৰমথবোৰক লৈ সিংহদুৱাৰত নিযুক্ত থাকিবি ৷
কাৰ্ত্তিক :- ভাল পিতা ৷
শিৱ :- আৰু শুন ৷ সাৱধান যাতে এটি মাত্ৰ প্ৰাণীও পুৰীৰ দুৱাৰ পাৰ হব নোৱাৰে ৷ কাকো দুৱাৰ এৰি নিদিবি ৷ স্বয়ং শ্ৰীকৃষ্ণ আহি অনুৰোধ কৰিলেও নিদিবি ৷
কাৰ্ত্তিক :- পিতাৰ আদেশ শিৰোধাৰ্য্য ৷ [যায়গৈ ]
শিৱ :- আজি মই ভক্ত বাণৰ কাৰণে সকলো কৰিবলৈ ওলাইছোঁ ৷ বাণ ! আজি তোৰ ভাগ্যত মোৰো হিংসা হৈছে ! যাৰ নাম মাত্ৰ মোৰ জীৱনৰ সম্বল, যাৰ প্ৰেমৰ এটি মাত্ৰ কণা পাবলৈ মই শ্মশানবাসী... আজি তই শত্ৰুতাৰ দ্বাৰাই তেওঁৰ অনুগ্ৰহ পাই ধন্য ৷



                                                        (সিপিঠিত)


[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]


No comments: