অনুসন্ধান আকাংক্ষাত

Sunday, February 10, 2013

নাটক - শোণিত কুঁৱৰী (৪)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

দ্বিতীয় অঙ্ক
তৃতীয় দৰ্শন

            [উষাৰ শয়ন মন্দিৰ ৷ পালঙ্কত উষা টোপনিত ৷ গবাক্ষ এখন মুকলি হৈ আছিল ৷ সেইফালেদি আকাশত তৰাবোৰ তিৰবিৰাই জ্বলি থকা দেখা গৈছিল ৷ মদন-ৰতিয়ে সেইফালেদি উষালৈ চাই ফুলশৰ মাৰিবলৈ চুপি আছিল ৷স্বপ্নদেৱী লাহে লাহে আবিৰ্ভাৱ হয় ৷ উষাৰ ফালে একান্ত মনেৰে চায় ৷ ]
স্বপ্নদেৱী :- ইমান সুন্দৰী, ইমান ৰূপহী তুমি উষা ৷ আন্ধাৰ কোঠালি পোহৰাই যেন এটি ৰূপৰ বন্তি জ্বলিহে আছে ৷সৌন্দৰ্য্যদেৱী ! তুমি তোমাৰ ৰূপৰ আকৰ তেনেই উবুৰিয়াই ইয়াতে ঢালি দিলাহি নেকি ! উষা ! তুমিতো অকলে শুই থকা নাই ! তোমাৰ সৈতে শত সুন্দৰীৰ সৌন্দৰ্য্য, শত যৌৱনমুগ্ধা ৰূপহীৰ কামনা, শত প্ৰেমিকাৰ আকুল আবেগ, শত যুৱতীৰ মিলন-বাসনা নিচুক হৈ কোনোবা নজনা নিচিনা দেশৰ প্ৰাণৰ অতিথিলৈ প্ৰতীক্ষা কৰিছে ৷ সৌৱা মই দেখিব লাগিছোঁ, তোমাৰ মিলন-বাসনা তীব্ৰ চকুযুৰিৰে, সৌৱা যৌৱন-মতলীয়া দেহ কাৰোবাৰ পৰশ পাবলৈ উত্ৰৱল, সৌৱা তোমাৰ প্ৰেম কাৰোবাক আবৰি লবলৈ দুকুল ভৰি উপচি পৰিছে ৷ তোমাৰ হৃদয় কোনোবা সুন্দৰৰ প্ৰতীক্ষাত উজাগৰে থাকি বিনাব লাগিছে ৷ উষা ! আজি তোমাৰ সেই চিৰবাঞ্ছিতজন... চিৰপ্ৰতীক্ষাৰ নজনা দেশৰ নিচিনা লোকৰ অচেতন মানস-মূৰ্ত্তিটি মোৰ যাদুৰ পৰশত সজীৱ হৈ উঠক ৷যৌৱন-যামিনীৰ সোণালী সপোন দিঠকত পৰিণত হওক ৷
            [অনিৰুদ্ধৰ ছায়ামূৰ্ত্তি অস্পষ্টভাৱে ওলাই আহে ৷ লাহে লাহে অনিৰুদ্ধৰ মূৰ্ত্তি স্পষ্ট হৈ জিলিকি উঠে, মিচিকিয়াই হাঁহি হাঁহি অনিৰুদ্ধৰ ছায়া-মূৰ্ত্তিয়ে উষালৈ একান্তমনে চাই ভোল যায় ৷এবাৰ মুখ উষাৰ ওচৰলৈ লৈ যায়, আকৌ আঁতৰাই নিয়ে ৷ উষাই টোপনিত অনিৰুদ্ধৰ ছায়ামূৰ্ত্তিক সাবটিবলৈ যায় ৷অনিৰুদ্ধৰ ছায়া-মূৰ্ত্তিয়ে হাঁহি হাঁহি পালঙ্কত আঁঠুপাতি বহি উষাক সাবটি ধৰি চুমা খায় ৷মদনৰ ফুলৰ শৰ দুয়োৰে গাত পৰেহি ৷ টোপনিতে উষা কিবা এটা আবেগ স্পন্দনত কঁপি উঠে ৷ অনিৰুদ্ধৰ ছায়ামূৰ্ত্তি হাঁহি হাঁহি উষাৰ ফালে চাই আঁতৰি যায় ৷উষাই হাত মেলি সাৱটিবলৈ ৰৈ থালে ৷ মূৰ্ত্তি আৰু দূৰলৈ যায় ৷উষাই পালঙ্কত আঁঠুপাতি বহি হাত মেলি ধৰিবলৈ ৰৈ থাকে ৷ ৰাতি পুৱায় ৷ পুৱঁতীৰ প্ৰথম সূৰ্য্যৰ কিৰণৰ এটা ক্ষীণ আলোকৰেখা উষাৰ গাত পৰেহি ৷ ছায়ামূৰ্ত্তি নাইকিয়া হয় ৷ স্বপ্নদেৱী ৰতি মদন সকলো অন্তৰ্দ্ধান হয় ৷ উষা অলপ সজাগ হয় ৷ আলোকৰেখাৰফালে চাই আকৌ বিমনা হয় ৷
উষা :- [হাত মেলি আলোক-ৰেখা ছুই ছূই] কতা ? ... কলৈ গল ? এইপিনেই গুচি গলগৈ কিয় ? এয়া সৌন্দৰ্য্যবোৰ এইফালে পৰি পৰি গল ৷... আহাঁ ৷ আকৌ আহাঁ ৷....ৰূপৰাশি লৈ.... মধুৰ চাৱনি লৈ.... কোমল.... আহাঁ ৷ আহাঁ .. মই যে... চিৰপ্ৰতীক্ষাত... সেই মৌ-নিজৰা... দুখনি মোৰ ওঠত.... নিপোটল গাল দুখনি.... আহাঁ মোৰ এই দুকুল উপচি পৰা বুকত বুকুখনি... কলৈ গল ! মৌৰ সোৱাদ নৌ লওঁতেই .... প্ৰণয়ে আৱৰি ধৰোতেই ৷ কলৈ গুচি গল... হিয়া মোৰ উৰুঙা কৰি চিৰবঞ্ছিত অনিন্দ্য সুন্দৰ ! হিয়াত গুমৰি থকা পৰিপূৰ্ণ বাসনাত অপূৰ্ণতা থৈ !!
            [উষাৰ বিননি শুনি চিত্ৰলেখাই আনটো কোঠাৰপৰা চকু মোহাৰি মোহাৰি লৰি সোমাই আহে ৷ চিত্ৰৰ ৰিহা মাটিত চুচৰি আহে, চুলিবোৰ আউলি-বাউলি হৈ থাকে ৷ উষাৰ বাহুত ধৰি ৷]
চিত্ৰ :- সখী, সখী, কি হল ? কি হল ?
উষা :- [উষাই চক্‌ খাই চিত্ৰৰফালে চাই] কলৈ গল ? কত থলা ? কত লুকুৱালা ? কোৱা... কোৱা চিত্ৰসখী... কোৱা ... কোৱা !
চিত্ৰ :- কোন ? কোন ? কাৰ কথা কৈছা ?
            [আচৰিত হয়]
উষা :- কোৱা সখী ! মই সহিব নোৱাৰো ৷ আনি দিয়া ৷ কত কুকালা... এইপিনে সখী... এইপিনে... গুচি গল ? নাই যোৱা ৷ ... আছে, আছে ৷... কত আছে ? কোৱা ? কোৱা ? সখী, সখী, মোৰ কি হল ? কি হল ? কি হল ?
চিত্ৰ :- [বৰ আচৰিত হৈ] কোন ? কোন ?
উষা :- ...নোকোৱা ! কোৱা, কোৱা ? ...কোনপিনে সখী... চোৱা চোৱা ... কোনপিনে সখী, কোনপিনে ???
            [চিত্ৰক গবামাৰি ধৰি মুখলৈ আকুল হৈ চাই থাকে ৷ চিত্ৰই আচৰিত হৈ বুজিব নোৱাৰি উষাৰ মুখলৈ চাই থাকে ৷]




                                                                           (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: