অনুসন্ধান আকাংক্ষাত

Wednesday, February 6, 2013

শোণিত কুঁৱৰী - পাতনি




দ্বিতীয় তাঙৰণৰ পাতনি :-


          আজি প্ৰায় কুৰি বছৰৰো আগতে প্ৰথম নাট শোণিত কুঁৱৰী ৰাইজৰ আগলৈ উলিয়াইছিলোঁ ৷
          মই স্কুলত পঢ়া বয়সতে শোণিত কুঁৱৰী নাট লিখি সম্পূৰ্ণ কৰোঁ ৷ তেতিয়া মোৰ বয়স আছিল চৈধ্য বছৰ ৷ উচ্চ ইংৰাজী স্কুলৰ যেতিয়া দশম মানত উঠো তেতিয়া আকৌ এই নাটখন এবাৰ হাত ফুৰাই সুমাই থওঁ ৷ তাৰ পিছত কলেজীয়া জীৱনত বিশেষকৈ ১৯২১ চনত অসহযোগ আন্দোলনে অন্তৰত এটা প্ৰৱল জাতীয় অনুপ্ৰেৰণা যোগায় ৷ তেতিয়াৰপৰাই অসমীয়া সংস্কৃতিৰ নিজা বৈশিষ্ট্য কেনেকৈ অসমীয়া সাহিত্য, কলা, সঙ্গীতত ফুটাই তুলিব পাৰি তাৰ বাবে এটা ধাউতি হবলৈ ধৰে ৷
          সেই সময়ত অসমীয়া নাট্য-সাহিত্য আৰু সঙ্গীতৰ ওপৰত বঙলা নাটক আৰু সঙ্গীতৰ প্ৰচণ্ড প্ৰভাৱ ৷ আমাৰ মঞ্চবোৰত বেছিভাগেই অনুবাদ কৰা বঙলা নাটক আৰু সেই নাটকৰ বঙলা গীত-সুৰ চলিছিল ৷
          সাহিত্যগুৰু পদ্মনাথ গোহাঁইবৰুৱাদেৱৰ লিখনীৰপৰা ওলোৱা মৌলিক নাটকবোৰৰ যদিও অভিনয় কৰা হৈছিল... তথাপি অসমীয়া অভিনেতাসকলে তেখেতৰ নাটকৰ ভাষা নাটকীয়া নোহোৱা বুলি সেই নাটকবোৰৰ বৰ কম অভিনয় কৰিছিল ৷ সাহিত্যৰথী বেজবৰুৱাদেৱৰ নাটকত যদিও অসমীয়া জীৱন্ত চৰিত্ৰ আৰু জাতীয়তা ফুটি উঠিছিল আৰু নাট্য-সাহিত্য আৰু গীত-মাতৰ ফালৰপৰা অসমীয়া বৈশিষ্ট্যৰে পূৰ আছিল... তথাপিও সেইবোৰ নাটক ৰঙ্গমঞ্চৰ অনুপযোগী বুলি বৰকৈ অভিনীত নহৈছিল ৷ বঙলা নাটকৰ অনুবাদেই অসমৰ এমূৰৰপৰা আন মূৰলৈ প্ৰভুত্ব কৰি আছিল ৷
          হিন্দুস্থানী আৰু বঙলা সঙ্গীতেই অসমত ৰাজত্ব কৰিছিল ৷ মুঠৰ ওপৰত কবলৈ গলে, অসমীয়া চহৰীয়া শিক্ষিত সমাজৰ মানত অসমীয়া বৰগীত, বনগীত, বিহুগীত ইত্যাদি অসমীয়া সঙ্গীতৰ একেবাৰেই আদৰ নোহোৱাত পৰিছিল... মাথোন অসমীয়া সঙ্গীতে অসমীয়া নাট্য-সাহিত্যই অসমৰ সত্ৰই, অসমৰ গাঁৱে গাঁৱেহে নিজ ৰূপত প্ৰকাশিত হৈ আছিল ৷ অসমীয়া শিক্ষিত সমাজে সেই সঙ্গীতক, সেই নাট্য-সাহিত্যক আপোনাৰ সংস্কৃতিৰ বাহানি বুলি অপেক্ষা কৰিছিল... অৱশ্যে দেশপ্ৰেমিক সাহিত্যিকসকলে এই বিষয়ে উপলব্ধি কৰি অসমীয়াৰ নিজা সাংস্কৃতিক বৈশিষ্ট্যলৈ ঘূৰাই নিবলৈ যথেষ্ট যত্ন নকৰাই থকা নাছিল ৷
          সঙ্গীত-ওজা লক্ষ্মীৰাম বৰুৱায়ো অসমত হিন্দুস্থানী সঙ্গীতৰেই প্ৰচাৰ কৰিছিল ৷ তেখেতৰ যহত সেই সময়ত বৈজ্ঞানিকভাৱে সঙ্গীত চৰ্চা যদিও অসমত প্ৰচলন হৈছিল... তথাপিও অসমীয়া সঙ্গীতক নতুন যুগৰ বৰ-সবাহলৈ অনাৰ চেষ্টা বিশেষ নাছিল ৷ পুৰণি সঙ্গীতৰ নিদৰ্শন হিচাপে, বৰগীত, ভকতীয়া গীত, আইনাম, বিয়ানাম যদিও মাজে সময়ে দুই-এটাই শিক্ষিত সমাজত ভূমুকি মাৰিবলৈ কেতিয়াবা সুবিধা পাইছিল... সিও উপযুক্ত আদৰ-সাদৰৰ অভাৱত গাঁৱে-ভূঁঞে আপোন সুৰত বিনাবলৈ গুচি গৈছিল ৷ মুঠৰ ওপৰত অসমীয়া শিক্ষিতসকলে অসমীয়া সংস্কৃতিক গ্ৰাম্য বুলি গণ্য কৰি তাক নতুন যুগত পশ্চিমৰপৰা বঙলাৰ যোগেদি অহা সাংস্কৃতিক সম্পদৰ শাৰীত ঠাই পাবৰ উপযুক্ত নহয় বুলিয়েই ভাবিছিল ৷
          এনে সময়ত আমি আমাৰ লৰাকালত অসমীয়া গানৰ বিষয়ে অনুপ্ৰেৰণা পাইছিলোঁ অসমীয়া গীতিকবি শ্ৰীযুত পদ্মধৰ চলিহাদেৱৰপৰা ৷ তেখেতৰ ফুলনিৰ গীতবোৰ যদিও বঙলুৱা সুৰতেই ৰচনা কৰা আছিল তথাপি সেই সময়ত বঙালী গানৰ প্ৰাদুৰ্ভাবৰ দিনত তেখেতৰ গানে অসমীয়া গানলৈ নতুন দেকাসকলৰ মন আকৰ্ষণ কৰিলে ৷ ইয়াৰ পিছতেই শোণিত কুঁৱৰীৰ যোগেদি ওলোৱা গীত আৰু অসমীয়া সুৰে অসমীয়া সঙ্গীত-জগতলৈ এটা নতুন যুগ লৈ আহিল ৷ তেতিয়াৰেপৰাই শিক্ষিত সমাজত অসমীয়া বিহুনাম, বিয়ানাম, আইনাম, দেহ-বিচাৰৰ গীত, টোকাৰী গীত, বনগীত ইত্যাদিৰ বহুল প্ৰচলন হবলৈ ধৰে ৷ এই সময়তেই তাৰো অলপ আগৰেপৰা শ্ৰীযুত অম্বিকাগিৰি ৰায়চৌধুৰীৰ চেষ্টাত বৰগীতে বিশেষভাৱে অসমীয়া চহৰীয়া শিক্ষিত সমাজৰ আকৰ্ষণ কৰে ৷ আৰু এই সময়ৰপৰাই অসমীয়া উচ্চ-সঙ্গীত আৰু লোক-সঙ্গীত গাঁৱৰপৰা সত্ৰৰপৰা ওলাই আহি চহৰীয়া শিক্ষিতৰ ড্ৰইং-ৰুমত, থিয়েটাৰত, সভা-সমিতিত নিজৰ উপযুক্ত আসনত প্ৰতিষ্ঠিত হয় ৷ আৰু তাৰ পিছৰপৰাই অসমীয়া গান, সুৰ ৰচক আৰু সঙ্গীতজ্ঞ শ্ৰীযুত প্ৰসন্নলাল চৌধুৰী, শ্ৰীযুত কমলানন্দ ভট্টাচাৰ্য্য, শ্ৰীযুত পাৰ্ব্বতিপ্ৰসাদ বৰুৱা, শ্ৰীযুত কমলাপ্ৰসাদ আগৰৱালা, শ্ৰীযুত মোহনলাল চৌধুৰীকে আদি কৰি সুগায়ক শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱাৰ চেষ্টাত অসমীয়া সঙ্গীতে এটা আধুনিক বাটেদি যাবলৈ ধৰে ৷
          তাৰ পিছতে ৮/১০ বছৰ উকলি যোৱাৰ পিছত শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভা, শ্ৰীযুত কীৰ্ত্তিনাথ বৰদলৈদেৱে আৰু গীতিকবি শ্ৰযুত উমেশচন্দ্ৰ চৌধাৰী  আৰু শ্ৰীমান আনন্দি দাস আদিয়ে অসমীয়া সঙ্গীতৰ এই আধুনিক ৰূপত আগবঢ়াবলৈ আৰু তাক পুষ্ট কৰিবলৈ বিশেষ দান দিয়েহি ৷
          সেই কাৰণেই শোণিত কুঁৱৰী নাটখন অসমীয়া সঙ্গীত বুৰঞ্জীৰ এটা আটাইতকৈ লাগতিয়াল পাত ৷
          শোণিত কুঁৱৰী নাট তেজপুৰ বাণ থিয়েটাৰত অভিনয়ৰ কাৰণে দিয়াৰ আগতে বাণ থিয়েটাৰত অনুবাদ নাটকৰ অভিনয়বোৰত যোগ দিবলৈ ধৰোঁ ৷ নাটকবোৰৰ গানৰ সুৰবোৰ আমি সদায় কলিকতাত সেই নাটকবোৰৰ অভিনয় চাই তাৰপৰা সুৰ সংগ্ৰহ কৰি আনো ৷ ১৯২১ চনত জাতীয় ভাবৰ এটা অনুপ্ৰেৰণা অহাত আমাৰ অসমীয়া নিজস্ব সুৰ থিয়েটাৰী গানত দিব পাৰি নে নোৱাৰি ইত্যাদি ভাবে খেলাবলৈ ধৰে ৷ সাহিত্যৰথী বেজবৰুৱাৰ নাটকৰ গীতৰ ভাষা যদিও জতুৱা ঠাচৰ আছিল, তথাপিও সেই গীতবোৰো প্ৰচলিত হিন্দুস্থানী আৰু বঙলা সুৰতহে গোৱা হৈছিল ৷ ইফালে বিহুগীত, বনগীত, আইনাম, বিয়ানাম, টোকাৰী নামবোৰ যে থিয়েটাৰৰ গানত ব্যৱহাৰ কৰিব পাৰি আৰু তাক আধুনিক যন্ত্ৰপাতিৰে বজাই নতুন যুগৰ সাজপাৰেৰে উলিয়াই আনিব পাৰি এই কথাটোও আমাৰ মনত নেখেলাইছিল আৰু আমি শিক্ষিত ডেকাবোৰে সেইবোৰ গাঁৱলীয়া সমাজৰ বস্তু বুলিয়েই ধাৰণা কৰি আছিলোঁ ৷
          মোৰ পিতৃদেৱতা পৰমানন্দ আগৰৱালা এজন সুসঙ্গীতজ্ঞ আছিল ৷ তেখেত সঙ্গীত-ওজা লক্ষ্মীৰাম বৰুৱাৰ সহযোগী আছিল ৷ তেখেত কেবাটাও যন্ত্ৰত পাকৈত আছিল ৷ আমাৰ পৰিয়ালত সঙ্গীত আৰু কলা-সাধনাৰ অনুপ্ৰেৰণা আমি লৰাবোৰ তেখেতৰপৰাই পাই এই কলা-সাধনাৰ বাটত আগবাঢ়োঁ ৷ এদিন বাণ থিয়েটাৰ শোণিত কুঁৱৰী নাটকৰ আখৰা কৰি আহি ঘৰ সোমাই শুনিলোঁ... পিতৃদেৱে কীৰ্ত্তনৰ কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে এই পদ জাত লগাই অৰ্গেনৰ সৈতে গাই আছে ৷ হঠাৎ মনৰ ভিতৰত এটা বিজুলী সঞ্চাৰ হৈ গল ৷ অসমীয়া পদ অৰ্গেনত বজাই গোৱা আগতে শুনা নাছিলোঁ ৷ তাৰ পিছত দেউতাই আকৌ গালে এটা অসমীয়া গান অৰ্গেনত বজায়েই---

                    আইটী বেঙুন বৰা
                    চৰকাৰৰ ছ অনা
                    পুলিচৰ লয়না
                    থানালৈ পল্টন কাৱাজ কৰা ৷

          নামটো শুনি নানাভাৱে জুমুৰি দি ধৰিলে ৷ আকৌ দেউতাই গালে---

                   তুলসীৰ তলে
                        মৃগপহু চৰে...
                             তাকে দেখি ৰামচন্দ্ৰ...
                                  শৰধনু ধৰে ৰাম ৰাম
                                      শৰ ধনু ধৰে ৷

সেই দিনা ৰাতি আৰু টোপনি ভালকৈ নাছিল ৷ গোটেই নিশাটো অসমীয়া গানৰ সুৰবোৰ মোৰ শোণিত কুঁৱৰী নাটৰ গীতত লগাই কেনেকৈ নতুন অসমীয়া-সুৰীয়া গান ৰচনা কৰিব পাৰি তাক ভাবোতেই ৰাতি পুৱাল ৷ ইমান দিনৰপৰা বিচাৰি কিবা এটা হাততে পোৱাত মনটো উগুল-থুগুল লাগিবলৈ ধৰিলে ৷ পুৱা জলপান খাই বেগা-বেগিকৈ গলোঁগৈ বাণ-মঞ্চলৈ ৷ তাত নতুনকৈ মঞ্চ সজা হৈছিল ৷ বাঢ়ৈবিলাকে কাম কৰিব লাগিছে ৷ এফালে চিত্ৰকৰ শ্ৰীযুত পিয়াৰীমোহন চৌধুৰীয়ে দৃশ্যপট আঁকিছে ৷ ছোঁ-ঘৰত কেজনমান উৎসাহী অভিনেতাই অখৰা কৰিছেহি পুৱা বেলাতেই ৷ মই এচুকত হাৰমনিয়ামটো লৈ বহিলোঁ... গছে গছে পাতি দিলে ফুলৰে শৰাই গীতটো অসমীয়া নামৰ সুৰ দিবলৈ ৷ সুৰ লগাই গাই চালোঁ ৷ অভিনৱ এটা উন্মাদনা ... প্ৰাণটোৱে ইচাটি-বিচাটি কৰিবলৈ ধৰিলে ৷ গোটেই সুৰটো ওলাই আহিল ৷ আনন্দত অধীৰ হৈ ডাঙৰকৈ গাবলৈ ধৰিলোঁ ৷ পিয়াৰীমোহনে পট অঁকা এৰি ওচৰত ৰৈ অলপ আচৰিত হৈ সুধিলে, কিহে এইটো... বিয়ানামৰ নিচিনা গান দেখোন ? মই একো উত্তৰ দিব নোৱাৰিলোঁ ৷
          শোণিত কুঁৱৰীৰ গীতবোৰত আইদৰে বিয়ানাম, আইনাম, বনগীত, বিহুগীতৰ সুৰেৰে নতুন ধৰণৰ সুৰ দিলোঁ আৰু সেই সুৰবোৰ নাটৰ ভাৱৰীয়া আৰু সখীৰ ভাও লোৱা লৰাবোৰক দিলোঁ গাবলৈ ৷ প্ৰথমতে কিন্তু আটাইবিলাকৰপৰা আপত্তি হবলৈ ধৰিলে ৷ কলিকতীয়া থিয়েটৰী সুৰ আৰু উচ্চাঙ্গৰ হিন্দুস্থানী সঙ্গীতত অভ্যস্তসকলে নাক সিকটাই নানা ঠাট্টা-বিদ্ৰূপ কৰি কবলৈ ধৰিলে, ই ! এতিয়া হোজা গাঁৱলীয়া নামবোৰ... আমি গাব লাগিবনে ? এই ষ্টেজত বিহু মাৰিমনে ? বয়স আছিল কোমল ৷ এদিন খং আৰু বেজাৰত ছোঁ-ঘৰত কন্দনামুৱা হৈ বহি থাকিলোঁ ৷ পিছত পিয়াৰীমোহনক কলোঁ, মোৰ যদি নতুন অসমীয়া সুৰীয়া গানবোৰ নাগায় তেন্তে মই মোৰ নাটকো কৰিবলৈ নিদিওঁ আৰু মই বাণ থিয়েটাৰত একো সহযোগ নকৰোঁ ৷  পিয়াৰীমোহনে নানা বুজনি দি ধৈৰ্য্য ধৰি আগবাঢ়িবলৈ কলে ৷ কেইদিনমান পিছতে চিত্ৰলেখা ভাও লোৱা সঙ্গীবিদ্‌  শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱা (তেতিয়া কলেজীয়া ছাতৰ) কাশীৰপৰা তেজপুৰ পালেহি আৰু তেওঁ চিত্ৰলেখাৰ ভাৱত গাবলগীয়া গীতবোৰৰ মোৰপৰা অসমীয়া সুৰবোৰ শুনি আনন্দত উৰুলীকৃত হৈ উঠিল ৷ আমাৰ অসমীয়া সুৰ উভতি আহিল বুলি তেখেতে সেই সুৰবোৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে ৷ সকলোৰে আগতে আৰু তেখেতৰ সুললিত কণ্ঠৰপৰা ওলাই সেইবোৰ সুৰে লাহে লাহে সকলোৰে মন আকৰ্ষণ কৰিবলৈ ধৰিলে ৷ এমাহ মানৰ পিছত মানুহৰ ৰাপ সলনি হৈ আহিল ৷ নতুন অসমীয়াসুৰীয়া গীতহে সকলোৱে শুনিবলৈ ভালপোৱা হল ৷ এই দৰেই আৰম্ভ হল অসমীয়া সঙ্গীতৰ এক নৱযুগ ৷
          লাহে লাহে যদিও অসমীয়া নতুন সুৰে অসমীয়া শিক্ষিতসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে তথাপি সেই সময়ৰ হিন্দুস্থানী সঙ্গীতত ৰাপ থকাসকলৰপৰা এই নতুনকৈ ওপজা কুমলীয়া সুৰবোৰে নানা বিদ্ৰূপ-গৰিহণা আৰু আক্ৰোশৰ আঘাত সহিবলগীয়াত পৰিল ৷ গুৱাহাটীত এদিন শ্ৰীযুত প্ৰসন্নলাল চৌধুৰীদেৱৰ নীলাম্বৰ নাটকৰ এজনী নৰ্ত্তকীৰ মুখত তাই গাবলগীয়া গীতৰ মই দিয়া অসমীয়া সুৰ শুনি এজন সঙ্গীতজ্ঞই কলে, অ বাপা ! ইয়োনো এটা গাননে ?
          ইয়াৰ পিছতে গুৱাহাটীতে বহিল অসম সাহিত্য-সভাৰ সপ্তদশ অধিবেশন ৷ সভাপতি হৈ আহিল... সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৷ সাহিত্য-সভাৰ অধিবেশনত গাবলৈ বুলি শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱাই গছে গছে পাতি দিলে আৰু ৰূপহ কো্ঁৱৰৰ চুমা পৰশত এই দুটা অসমীয়া-সুৰীয়া গীত ঠিক কৰিলে ৷ মই কলোঁ, নালাগে গাব... মই আৰু ঠাট্টা-বিদ্ৰূপৰ কোবত গুৱাহাটীত থাকিব নোৱৰা হম ৷ প্ৰফুল্লচন্দ্ৰ বৰুৱাই কিন্তু গাবলৈ দৃঢ়প্ৰতিজ্ঞ ৷ সভাৰ অধিবেশনত সেই গীত গোৱাৰ সময়ত যেতিয়া বৰুৱা গৈ সভাৰ আগত গাবলৈ থিয় হল... মই মানুহে হাঁহিব বুলি সভাৰপৰা ওলাই গৈ শ্ৰীযুত বিষ্ণু মেধিদেৱৰ ঘৰৰ আগত জামু গছৰ তলত ৰৈ থাকিলোঁ ৷ কিছুপৰৰ পিছত মোৰ বন্ধু শ্ৰীযুত উমেশ বৰুৱাই লৰি আহি মোক মাতি নিলেহি, ভয় নাই, ভয় নাই ৷ মানুহে তোমাৰ সুৰৰ বৰ শলাগ লৈছে ৷ ময়ো সন্ত্ৰস্ত হৈ আকৌ সভাঘৰ সোমাই শুনিলোঁ... পণ্ডিত লক্ষ্মীনাথ শৰ্ম্মাদেৱ অভ্যৰ্থনা সমিতিৰ সভাপতিয়ে আৱেগময়ী ভাষাত বক্তৃতা দি কৈছে- আজি সভাত যতবোৰ গান শুনিলোঁ.... একাণেদি সোমাই আন কাণেদি ওলাই গল, কিন্তু এই অসমীয়া সুৰৰ দুটা মোৰ প্ৰাণৰ ভিতৰলৈ সোমাল... ইত্যাদি ৷ সভাৰ সকলোৱে গীতৰ সুৰৰ বিষয়ে আলোচনা কৰিবলৈ লাগিল ; মহিলাসকলে এই বিষয়ে গুণগুণাবলৈ ধৰিলে ৷ অসমীয়া সুৰে সকলোৰে প্ৰাণতে অভিনৱ স্পন্দন তুলিবলৈ ধৰিলে ৷
          এই সাহিত্য-সভাৰ অধিবেশনৰ পিছৰপৰাই অসমত অসমীয়া সুৰৰ প্ৰভাৱ আৰম্ভ হল ৷ পিছদিনা পুৱা বেজবৰুৱা, হেম গোসাঁই আৰু শ্ৰীযুত যতীন দুৱৰাই নিউপ্ৰেছ, খাৰঘূলিলৈ গৈ মোক কাণে-মূৰে হাত ফুৰাই মৰম কৰি নানা উৎসাহ উদ্দীপনা দিলেগৈ ৷ময়ো সেই সাহিত্যৰ গুৰুসকলৰ আশীৰ্বাদ মূৰত লৈ অসমীয়া সঙ্গীতৰ সাধনাত আগবাঢ়িবলৈ মনতে দৃঢ়প্ৰতিজ্ঞ হলোঁ ৷
          অসমীয়া সুৰৰ এই শোণিত কুঁৱৰী নাটৰ নাচৰ যোগেদিও মই অসমীয়া বিহুনাচ আৰু কামৰূপী নাচ অসমীয়া মঞ্চত তুলিবলৈ প্ৰথম চেষ্টা কৰোঁ ৷ চিত্ৰলেখাৰ পদুমকলি নাচটো অসমীয়া বিহুনাচ আৰু ভাওনাৰ নাচৰ ভঙ্গীৰ সমাবেশ কৰি দেখুৱা হৈছিল ৷ আৰু ইয়াৰপৰাই, অসমীয়া নৃত্যৰ পিনে অসমীয়া নৃত্যকলাত ৰাপ থকাসকলৰ মন ঢাল খাবলৈ ধৰে ৷ গুৱাহাটীত এদিন এনে অসমীয়া ভঙ্গীৰে দেখুৱা নাচ দেখি দৰ্শকসকলে বৰ আচৰিত হৈ কৈছিল- এইটো কি আকৌ হনুমান নাচ নেকি ? কিন্তু সঙ্গীতজ্ঞ আৰু কলাপ্ৰিয় জমিদাৰ নগেন্দ্ৰনাৰায়ণ চৌধুৰীদেৱে মঞ্চৰ ভিতৰলৈ আহি মোক সুধিছিল, আপুনি এইবোৰ অজন্তাৰ ভঙ্গীৰপৰা গ্ৰহণ কৰিছে নেকি ? মই অসমীয়া বিহুনাচ আৰু ভাওনাত দেখা নাচৰপৰা ইয়াক লৈছোঁ বুলি কোৱাত তেওঁ বৰ আচৰিত হৈছিল... আৰু এই বিষয়ে মোক নানা উপদেশ আদি দি এই চেষ্টাৰ প্ৰশংসা কৰিছিল ৷ আমাৰ এই বিহুনাচ আৰু ভাওনাত থকা কামৰূপী হিন্দু নৃত্যৰ মোল তেতিয়া অসমীয়া শিক্ষিত সমাজে একেবাৰেই নুবুজিছিল ... মাথোন উপলুঙাহে কৰিছিল.. কিন্তু ১০ বছৰৰ পিছত যেতিয়া উদয়শঙ্কৰে হিন্দুনৃত্য পৃথিৱীত দেখুৱাই তাৰ পৃথিৱীজোৰা খ্যাতি অৰ্জ্জন কৰিলে... তেতিয়াহে অসমীয়া শিক্ষিত সমাজে আৰু শিল্পীসকলে অসমীয়া ভাওনাৰ নাচ যে কি সাংস্কৃতিক আপুৰুগীয়া সম্পদ তাক উপলব্ধি কৰিব পাৰিলে ৷ এইদৰে কত অসমীয়া সাংস্কৃতিক আপুৰুগীয়া সম্পদে এতিয়াও আমাৰ আওহেলাত আন্ধাৰত চকুলো টুকিব লাগিছে ৷ অসমৰ আজি স্বাধীনতাৰ দিনত নতুন দিনৰ শিল্পীসকলৰ দৃষ্টিত পৰি সেইবোৰ পোহৰলৈ আহি সিহঁতৰ হাঁহি বিলাবহি পাৰিব বুলি আশা কৰি... মোৰ এই শোণিত কুঁৱৰি নাটৰ দ্বিতীয় তাঙৰণৰ পাতনিৰ সামৰণি মাৰিলোঁ ৷



তামোলবাৰী চাহবাগিচা                                    ৰাইজৰ আশীৰ্ব্বাদাকাঙ্ক্ষী
ডিব্ৰুগড়                                                       শ্ৰী জ্যোতিপ্ৰসাদ আগৰৱালা         
১৯৪৮ সন                                          

                                                                            
(সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

         

No comments: