অনুসন্ধান আকাংক্ষাত

Tuesday, February 19, 2013

নাটক – কাৰেঙৰ লিগিৰী - প্ৰণেতাৰ কথা



নাটক কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

প্ৰণেতাৰ কথা

          এই নাটখনি আজি প্ৰায় দহ বছৰৰ আগতে লিখা ৷ নাটকৰ সকলো চৰিত্ৰ আৰু ঘটনা কাল্পনিক ৷ ইয়াক বিশেষকৈ অসমীয়া গঢ় দি অসমীয়া সাজ-সজ্জাৰে উলিয়াবৰ কাৰণেহে, অসমীয়া বুৰঞ্জীমূলক নাটকৰ ঠাঁচত লেখা হৈছে ৷ ৰাজমাও, বুঢ়াগোহাঁই ইত্যাদি আহোমীয়া নামবোৰ এই নাটকত ৰাজমাতৃ, মন্ত্ৰী ইত্যাদিৰ অসমীয়া প্ৰতিশব্দ বুলিহে ব্যৱহাৰ কৰা হৈছে ৷আহোম সমাজৰ চানেকি বা আহোম চৰিত্ৰ দেখুৱা হিচাবে এই নাটক লিখা হোৱা নাই ৷ আহোম সম্প্ৰদায়ৰ কোনো লোকে এই বিষয়ে ভুল ধাৰণা কৰে বুলিহে এই কথাষাৰি লিখা হল ৷ এই নাটৰ সোণৰ পালেঙত অ মনতৰা গীতৰ ঠাঁচত শ্ৰীযুত দণ্ডীনাথ কলিতাদেৱৰ জয়মতী নাটত এটা গীত দিয়া হৈছে ৷ এই নাটৰ সেই গীতটি কিন্তু কলিতাদেৱৰ জয়মতী ওলোৱা প্ৰায় পাঁচ বছৰ আগতে লিখা হৈছিল আৰু প্ৰচাৰো হৈছিল ৷ সেই কাৰণে পাঠকসকলে এই গীত শ্ৰীযুত কলিতাদেৱৰ গীতৰ অনুকৰণেৰে লিখা হৈছে বুলি যেন নাভাৱে ৷ ইতি



                                                                                    ৰাইজৰ আশীৰ্ব্বদ ভিখাৰী
                                                                                    শ্ৰী জ্যোতিপ্ৰসাদ আগৰৱালা




                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]



No comments: