অনুসন্ধান আকাংক্ষাত

Monday, February 11, 2013

নাটক - শোণিত কুঁৱৰী (৯)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

তৃতীয় অঙ্ক
চতুৰ্থ দৰ্শন

[দ্বাৰকাৰ কুমাৰ প্ৰাসাদৰ ভিতৰৰ ফুলনি ৷ অনিৰুদ্ধই ভাবি-গুণি ঘুৰি ফুৰিছিল ৷ দূৰত সূৰ্য্য অস্তাচললৈ লাহে লাহে নামি গৈছিল ৷ ফুলনিৰ মাজৰ পুখুৰীত সূৰ্য্যৰ কিৰণ পৰি তিৰবিৰাই আছিল ৷]

অনিৰুদ্ধ :- মই সঁচাকৈয়ে কিবা কুহকত মুগ্ধ হৈ আছো নেকি ? সেই চিত্ৰ-বিক্ৰেতা বালকটো দেখি মোৰ মন এনেকুৱা কৰিছে কিয় ? তাৰ সৈতে আনকি মই কথা-বতৰাও পতা নাই ৷ তালৈ মোৰ কিয় ইমান মৰম সোমাইছে ! সি যেন মোৰ বৰ আপোন কোনোবা ৷ [দূৰলৈ] সৌটো... [তাক দেখি]... বাৰু তাক মাতি আনাচোন ৷ হেৰ সনাতন...
[হাত বাউল দি মাতে  অলপ পিছতে সনাতন সোমায় ৷]
সনাতন :- কিহে, কিয় মাতিছিলা ? আমি সেই লৰাটোৰ ছবি চাইছোঁ ৷ কি, তুমিও চাবা নেকি ?
অনিৰুদ্ধ :- এৰা, ময়ো চাব খুজিছোঁ ৷
সনাতন :- বাৰু, মই তেন্তে তাক তোমাৰ ওচৰলৈ পঠাই দিওঁগৈ ৷ বৰ সুন্দৰ ছবি আছে, তুমি ৰাখিলে ৰাখিব পাৰা ৷
            [সনাতন যায়গৈ ৷অনিৰুদ্ধই শিল এটাত বহি ভাবি ভাবি সেইফালে লৰাটোলৈ চাই থাকে ৷ বালক বেশেৰে চিত্ৰই হাতত ছবিৰ টোপোলাৰে সোমাই আহে ৷ চিত্ৰই কুমাৰক সেৱা জনায় ৷ অনিৰুদ্ধই লৰাটোৰ মূৰৰপৰা ভৰিলৈকে চাবলৈ ধৰে ৷]
চিত্ৰ :- কুমাৰ ! আপুনি মোক মাতিছে ?
অনিৰুদ্ধ :- এৰা, মই তোমাৰ ছবি চাব খুজিছোঁ ৷ তোমাৰ হাতত কি কি আছে মোক দেখুৱাব পাৰানে ?
চিত্ৰ :- হয় কুমাৰ ! দৃশ্যপট আৰু সুন্দৰীৰ ৷ আৰু আন আন প্ৰখ্যাত ৰজাসকলৰো ছবি মোৰ হাতত আছে ৷
            [চিত্ৰই টোপোলা মুকলি কৰি ছবি উলিয়ায় ৷]
চিত্ৰ :- [ছবি এখন দি] এই এখন সুন্দৰ দৃশ্য চাওক ৷
অনিৰুদ্ধ :- [হাতত লৈ ] ওঁ বৰ সুন্দৰ ৷ চাওঁ আৰু দিয়াচোন ৷ [চিত্ৰই আৰু দিয়ে ] বাৰু আৰু দেখুউৱাচোন ৷
চিত্ৰ :- [এখন সুন্দৰীৰ ছবি দিয়ে ] এইখন চাওক কুমাৰ !
অনিৰুদ্ধ :- [সেইখন চাই ] আৰু দিয়াচোন ৷
চিত্ৰ :- [আৰু কিছুমান দিয়ে আৰু খচমচকৈ দিওঁতে উষাৰ ছবিখন মাটিত পৰে ৷]
অনিৰুদ্ধ :-  ওঁ বেছ সুন্দৰ !
            [ছবিবোৰ চাবলৈ ধৰে আৰু এবাৰ চকু মাটিত উষাৰ ছবিতে পৰে ৷ থৰ হৈ সেই ছবিখনলৈ চায় ; যিমান ভালকৈ চাই তিমান উৎসুক হৈ যায় ৷ পিছত হাতৰ আন ছবিবোৰ পৰি যায় আৰু উষাৰ ছবিখন তুলি আনি বৰ ব্যগ্ৰ হৈ চাই ]
            এঁ এঁ কি প্ৰহেলিকা ! চিনি পাওঁ... চিনি পাওঁ... মই কৰবাত দেখিছিলোঁ নে কি ? মোৰ... এয়ে দেখোঁ সেই ছবিখনি কল্পনাৰ মাজৰপৰা ওলাই আহি এই পটত হাঁহি আছেহি ৷কত জনমৰে পৰা যেন দেখি আহিছোঁ.. কত জনমৰ পৰা মই তোমাৰ কোমল কোলাত মূৰ থৈ আহিছোঁ .... কত জনমৰ তোমাৰ হাঁহিত মই উটিবুৰি সংসাৰ পাহৰি গৈছোঁ ৷ কত জনমৰ পৰা ! এয়া... এয়া... মই তোমাৰ বুকৰ স্পন্দন শুনিবলৈ পাইছোঁ... এয়া তোমাৰ তপত বিৰহৰ নিশাহে মোৰ গোটেই গা তিয়াই দিছেহি ...
চিত্ৰ :- কুমাৰ... কুমাৰ.... কুমাৰ !
            [অনিৰুদ্ধই চমক খাই ৰয় ]
অনিৰুদ্ধ :- কোন ? কোন ? এঁ !
চিত্ৰ :- মই চিত্ৰ-বিত্ৰেতা ৷ আপোনাৰ কি হৈছে ?
অনিৰুদ্ধ :- নহয়... নহয়... তুমিতো নোহোৱা চিত্ৰ-বিক্ৰেতা, গন্ধৰ্ব্ব বালক ! তুমি মোৰ কোনোবা জনমৰ পৰম হিতাকাঙ্ক্ষী, মোৰ প্ৰাণৰ বান্ধৱ, ভুলকৈ বিধতাই তোমাক গন্ধৰ্ব্ব কুলত জনম দিলেগৈ ; তুমিতো গন্ধৰ্ব্ব নোহোৱা ৷ তুমি পুৱতিৰ নবীন সূৰুয, জীৱন-ৰাতিৰ চিৰ আকাঙ্ক্ষিত স্নিগ্ধ উষাক আনি মোৰ আগত ঢালি দিলাহি ৷ তুমিতো বালক নোহোৱা... তুমি পূৰ্ণ যৌৱনৰ অধিষ্ঠাতৃ দেৱতা.. যৌৱনৰ বাসনাৰ তৃপ্তি সাধিবলৈ মোৰ আগত থিয় দিছাহি ৷তুমিতো পাৰ্থিব নোহোৱা ৷ অপাৰ্থিব তুমি.... মোৰ প্ৰেতসীৰ বাতৰি পঞ্চ-শৰৰ আগেদি মোলৈ আনি মোৰ আগত থিয় দিছাহি ৷
চিত্ৰ :- কুমাৰ ! আপুনি এই ছবিখনি দেখি এনে অধৈৰ্য্য হৈছে ? কি হল আপোনাৰ ? আপুনি এই পটৰ মানুহজনীক চিনি পায় নেকি ?
অনিৰুদ্ধ :- চিনি নাপাম ? বিধতাই এওঁৰ সৈতে মোৰ সৃষ্টিৰ প্ৰথম দিনাই চিনাকি কৰি দিছে .... সেই চিন আৰু মই কত হেৰুৱাব পাৰো ! মোৰ আত্মাই এওঁক চিনি পায় ৷ তুমি কব পাৰা নে বালক, এওঁ কত আছে ?
চিত্ৰ :- আপুনি এওঁক কেনেকৈ চিনি পায় ? আপুনি জানো আগেয়ে কৰবাত দেখিছে ?
অনিৰুদ্ধ :- জনমে জনমে দেখি আহিছোঁ, মোৰ অন্তৰৰ গুপুত বেহুৰ মাজত লুকাই মোৰ সৈতে সদায় কথা পাতি আছে ৷আকৌ তুমি অচিনাকি বুলি কৈছা ? মূৰ্খ বালক !
চিত্ৰ :- অৱশ্যে আপুনি কৰবাত দেখিব পাৰে ৷ আগৰ চিনাকিও থাকিব পাৰে ৷
            [অনিৰুদ্ধই পটখন লৈ চাই বহুত পৰ নিতাল মাৰি বহি থাকে ৷]
চিত্ৰ :- কুমাৰ !
অনিৰুদ্ধ :- বালক, তুমি মোৰ সৈতে আহাঁ ৷ আহাঁ....
            [এই বুলি অনিৰুদ্ধই ছবি চাই চাই এফালে গুচি যায় ৷ চিত্ৰ অলপ ৰয় ৷]
চিত্ৰ :- কিনো কথা আকৌ !
            [ছবিৰ টোপোলা লৈ অনিৰুদ্ধৰ গতি-বিধি চাই চাই এখোজ দুখোজকৈ অনিৰুদ্ধৰ পাছে পাছে যায়গৈ ৷ কিছুপৰৰ পাছত দুয়ো কথা পাতি সোমাই আহে ৷ অনিৰুদ্ধ বৰ গহীন আৰু উৎসুক ৷]
চিত্ৰ :- সঁচাই, মোৰ কল্পনাৰ ৷ [এৰা, এওঁক ভালকৈ পৰীক্ষা কৰি চোৱা যাওক এওঁ কিমান দ ]
অনিৰুদ্ধ :- সঁচা কথা কোৱা, চিত্ৰ-বিক্ৰেতা বালক ! এই ছবি কাল্পনিক নে জীৱন্ত ? কোৱা, কোৱা... বালক, কোৱা ৷...
চিত্ৰ :- [অলপ হঁহা যেন কৰে]  সঁচা ৷
অনিৰুদ্ধ :-  কি, তুমি হাঁহিছা ! নহয় নহয় ... তুমি জানা ; তুমি জানা ৷ মোৰ অস্থি-পঞ্জৰ চূৰমাৰ হৈ যাব খুজিছে ৷ কত আছে ? কত আছে কোৱা ৷ গন্ধৰ্ব্ব ! অনিৰুদ্ধৰ যথাসৰ্ব্বস্ব তোমাৰ, তুমি কেৱল মোক কোৱা এওঁ কোন ?
চিত্ৰ :- আপুনিনো জানিব পাৰিলে কি কৰিব ?
অনিৰুদ্ধ :- তুমি লৰা মানুহ ... যাওক সেইবোৰ কথা, কোৱা ; কোৱা ৷
            [চিত্ৰৰ গাত হাত দি সোধে আৰু আচৰিত হৈ আঁতৰি আহি]
            কি বালক, তুমি কোন ? মায়াবী ! বালক... তুমিতো বালক নোহোৱা ৷ তুমি কোনোবা মায়াবিনী ৷ তোমাৰ স্পৰ্শত কি উন্মাদনা সনা আছে ৷ কি কোমলতা সনা আছে ৷ কোন ? কোন তুমি ছদ্মবেশী ? তোমাৰ বালকত্বৰ ওপৰত মোৰ সন্দেহ হৈছে ৷ নহয়, নহয়, তুমি কোনোবা মায়াবী, মোক কিবা মোহিনী মন্ত্ৰৰে ভুলাব খুজিছা ৷ [অলপ পৰ ৰৈ] কিন্তু মোৰ যে এই ছবিখনি চিৰপৰিচিত ৷ কি প্ৰহেলিকা, মই একো বুজা নাই ৷
চিত্ৰ :- আৰুতো ছদ্মবেশেৰে নোৱাৰি ৷ এনে তীক্ষ্ণ অনুভৱ শক্তি ! কুমাৰ ! আপুনি স্থিৰ হওক ৷ মই আপোনাক ভাঙি-পাতি কওঁ ৷ এই ছবিখনি জীৱন্ত ৷
অনিৰুদ্ধ :- জীৱন্ত ! জীৱন্ত ৷
চিত্ৰ :- কুমাৰ ! থিৰ হৈ বহক ৷ মই কওঁ শুনক ৷
            [অনিৰুদ্ধ আচৰিত হৈ বহে ৷]
অনিৰুদ্ধ :- কোৱা ! কোৱা ৷
চিত্ৰ :- বাৰু কুমাৰ ! মই আগেয়ে এটা কথা সোধো, কৱনে ?
অনিৰুদ্ধ :- কোৱা কি কব খুজিছা ৷
চিত্ৰ :- আপুনি এই ছবিখনত থকা....
অনিৰুদ্ধ :- ওঁ ওঁ বুজিছোঁ ৷ মই নিজেই কব নোৱাৰো মই কেনেকৈ চিনি পাওঁ, কত দেখিছিলোঁ ৷ এওঁ কিন্তু মোৰ চিনাকি ৷ এই মুখখন মোৰ বৰ আপোন ৷ কোৱা বালক এওঁ কত আছে ?
            [চিত্ৰ মনে মনে থাকে ৷]
অনিৰুদ্ধ :- কোৱা বালক ৷
চিত্ৰ :-এওঁ শোণিতৰ ৷
অনিৰুদ্ধ :- শোণিতৰ !
চিত্ৰ :- এৰা ৷ বাণৰ জীয়ৰী ৷
অনিৰুদ্ধ :- [কিছুপৰ মনে মনে থাকি] তুমি এতিয়া কলৈ যাবা ?
চিত্ৰ :- মই চিত্ৰ বেচিবলৈ আন ঠাইলৈ যাম ৷
অনিৰুদ্ধ :- বালক ! তোমাৰ মুখৰ ভাব কিয় এনে ?
চিত্ৰ :- কেনে ?
অনিৰুদ্ধ :- বালক ! [মনে মনে ভাবে]
চিত্ৰ :- এৰা.. এতিয়াই আত্মপ্ৰকাশ নকৰিলে বেয়া হব ৷ কুমাৰ !
অনিৰুদ্ধ:- কি ?
চিত্ৰ :- সঁচা কথা কওঁ, শুনক ৷
অনিৰুদ্ধ:- কি ?
চিত্ৰ :- মই কুঁৱৰীৰ তাৰপৰা আহিছোঁ ৷
অনিৰুদ্ধ:- কি ? কি ?
চিত্ৰ :- সঁচা ৷ মই গন্ধৰ্ব্ব বালক নহওঁ ৷
            [বালক বেশ পৰিত্যাগ কৰে ৷ অনিৰুদ্ধ আচৰিত হয় ৷]
            আচৰিত নহব কুমাৰ ৷ মইয়ে এই কুঁৱৰীৰ সখীয়েক চিত্ৰলেখা ৷
অনিৰুদ্ধ:- কি ! তুমিয়েই চিত্ৰলেখা ?
চিত্ৰ :- এৰা ৷ মই আপোনাক নিবলৈ আহিছো২ ৷ মোৰ সখী বাণৰ জীয়ৰী উষা আপোনাৰ প্ৰণয়প্ৰাৰ্থিনী ৷
অনিৰুদ্ধ:- প্ৰণয়প্ৰাৰ্থিনী ? উষা ? ... নহয়, নহয় ৷ তুমি কোনোবা মায়াবিনী নেকি ? মোক ছলনা কৰিছাহি ? তুমি যে চিত্ৰলেখা, নৃত্যগীত বিশাৰদা শোণিত মন্ত্ৰীৰ জীয়ৰী, তাক মই কেনেকৈ জানিম ? তোমাৰ আগত মই কি বুলি থিয় দি থাকিম... মইতো তোমাক বিশ্বাস কৰিব নোৱাৰো ! তুমি কোনোবা ছদ্মবেশী মায়াবিনী ৷
চিত্ৰ :- মোৰ পৰিচয় লাগে ?
অনিৰুদ্ধ:- নিশ্চয় ৷ নহলে মই তোমাৰ সৈতে আৰু কথা নাপাতো, তুমি মায়াবিনী ৷
চিত্ৰ :- তেন্তে মই কিহেৰে প্ৰমাণ কৰাব লাগে ?
অনিৰুদ্ধ:- নৃত্যেৰে যদি বিশ্বাস কৰাব পাৰা ৷চিত্ৰলেখাৰ সেই অসামান্য নৃত্য যদি দেখুৱাব পাৰা, তেন্তে তোমাক মই চিত্ৰ বুলি পতিয়াম ৷
চিত্ৰ :- বাৰু তেন্তে ৷ মোৰ মায়াৰ কৌশলৰ সময় এতিয়াই ৷
            [চিত্ৰলেখাই মায়াৰ প্ৰভাৱেৰে সেই ঠাইডোখৰ এই দৃশ্যলৈ পৰিণত কৰে, অনিৰুদ্ধই মুগ্ধ হৈ চাই থাকে ৷]


পাছে ত্ৰিনয়ন                   দিব্য উপবন
দেখিলন্ত বিদ্যমান ৷
ফল ফুল ধৰি                    জকমক কৰি
আছে যত বৃক্ষমান  ৷৷
শিৰীষ সেউতী                  তমাল মালতী
লৱঙ্গ বাগী গুলাল ৷
কৰবীৰ বক            কাঞ্চন চম্পক
ফুল ভৰে ভাঙ্গে ডাল  ৷৷
শেৱালি নেৱালী       পলাশ পাৰলি
পাৰিজাত যুথী জাই ৷
বকুল বন্দুলি           আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই ৷৷
কনোৰ কনাৰী                  কদম্ব বাবৰি
নাগেশ্বৰ সিংহচম্পা ৷
অশোক অপাৰ        দেৱনা মন্দাৰ
মণিৰাজ ৰাজচম্পা ৷৷
কুন্দ কুৰুবক                    কেতেকী তগৰ
গন্ধে মোহে বহুদূৰ ৷
গুটিমালী ভেণ্টি       ৰঙ্গীণ ৰেৱতী
মৰুৱা মধাই ধুস্তুৰ ৷৷
চন্দন অগৰু            দিব্য কল্পতৰু
দেৱদাৰু পদ্মবাসী ৷
প্ৰতি গাছে গাছে      ভিণ্ডা বান্ধি আছে
সুৱৰ্ণ মাণিকে খচি ৷৷
মণি মৰকত            থলী নানা মত
দীপ্তি কৰৈ তাৰ কাছে ৷
মহা মনোহৰ                    দীঘি সৰোৱৰ
তাৰ মাজে মাজে আছে ৷৷
চাৰিয়ো কাষৰে       প্ৰৱাল বাখৰে
বান্ধিলা বিচিত্ৰ কৰি ৷
বৈদূৰ্য্যৰ বাট           স্ফটিকৰ ঘাট
মৰকত খাটখৰি ৷৷
সুৱৰ্ণ কমল             ভেট উতপল
ফুলি ফুলি আছে ৰঞ্জি ৷
শোভে চক্রৱাক       ৰাজ হংসজাক
মৃণাল ভুঞ্জে উভঞ্জি ৷৷
কোণ্ডা কঙ্ক বক       বিবিধ চটক
ভ্ৰমন্ত নিৰ্ভয়ভাৱে ৷
অমৃত সমান জল কৰি পান
ত্যজে সুললিত ৰাৱে ৷৷
চাৰিয়ো পাৰত        দিব্য পুষ্প যত
গন্ধে দশোদিশ বাসে ৷
অনেক ভ্ৰমৰে                    বেড়িয়া গুঞ্জৰে
মধু পান অভিলাষে ৷৷
যত দিব্য পক্ষী        ফল ফুল ভক্ষি
কাঢ়য় সুস্বৰ ৰাৱ ৷
কুহু কুহু ধ্বনি                   কোকিলৰ শুনি
বহয় মলয়া বাৱ ৷৷



[তাৰ পিছত চিত্ৰলেখাই মোহিনী বেশ ধৰি নাচিবলৈ ধৰে ৷ অনিৰুদ্ধ লাহে লাহে মুগ্ধ হৈ যাবলৈ ধৰে ৷ ]


নাচোন

হেন দিব্য উপবন             দেখিলন্ত ত্ৰিনয়ন
দিব্য কন্যা এক আছে তাতে৷
কোটি লক্ষ্মী সম নোহে       কটাক্ষে ত্ৰৈলোক্য মোহে
ভণ্টা খেৰি খেলে দুয়ো হাতে ৷৷
তপ্ত সুৱৰ্ণৰ সম                 জ্বলৈ দেহা নিৰুপম
ললিত বলিত হাতপাৱ৷
চক্ষু কমলৰ পাশি               মুখে মনোহৰ হাসি
সঘনে দৰশৈ কামভাৱ  ৷৷
উৰ্দ্ধক ক্ষেপন্ত ভণ্টা                    কৰন্ত কটাক্ষ ছটা
লীলাগতি দেখাই ফুৰৈ পাক ৷
সোলকে উচল খোপা                  খসে পাৰিজাত থোপা
বাম হাতে সম্বৰন্ত তাক ৷৷
কৰ্ণত কুণ্ডল দোলে              স্তন হলফল কৰৈ
গলে ৰত্নমালা ঝিকি পাৰে ৷
সুৱৰ্ণ কঙ্কণ ধ্বনি                কৰে ৰুণঝুন শুনি
প্ৰকাশে হৃদয়ে হেমহাৰে৷ ৷৷
কণ্ঠে লোলে সাতসৰী লয়লাসে কাঢ়ে ভৰি
আগবাঢ়ি পাছ গুচি যান্ত ৷
পিন্ধি শাড়ী খোণ্টাজালি     যেন মৈৰা কৰৈ চালি
হৰক কটাক্ষ কৰি চান্ত ৷৷
দৰশান্ত কাষ পিঠি             খনো হাসে সমদৃষ্টি
চাহি লাজে যান্ত চক্ষু মুদি ৷
ভ্ৰমন্ত অনেক ভাৱে           উৰুৱাৱে বস্ত্ৰ বাৱে
উচ কুচকুম্ভ হোৱে উদি ৷৷
কঙ্কালে কিঙ্কিণী বাজে        চৰণ কমল মাজে
ৰত্নৰ নূপুৰ ৰুণঝুন ৷
হালে অতি মধ্যদেশ                    সংসাৰ মোহিনী বেশ
একো অঙ্গে নাহি খতিখুন ৷৷
মুখ চন্দ্ৰ সম শোভে           পদ্মৰ সুৰভি লোভে
বেঢ়ি মধুকৰে কৰৈ ৰোল ৷
শৰীৰৰ লাস বেশ              নেত্ৰৰ কটাক্ষ ঠেস
দেখি শম্ভু আতি ভৈলা ভোল ৷৷
ভণ্টা খেৰি খেলান্তে হাতৰ পৰা উৰি ৷
গৈল গুটি পাছে কতো দূৰত উফৰি ৷৷

[তাতে চিত্ৰই তেতিয়া কুমাৰৰ ফালে চাই লাহে লাহে আঁতৰি গৈ থাকে ৷ অনিৰুদ্ধ মুগ্ধ হৈ পাছে পাছে গুচি যায়গৈ ৷]

                                                                           (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]



No comments: